পূৱ কাৰ্বি আংলং জিলা

পূৱ কাৰ্বি আংলং জিলাৰ সংক্ষিপ্ত বিৱৰণ : 

পূৱ-কাৰ্বি-আংলং-জিলা:


কাৰ্বি ভাষত আংলং মানে বাসস্থান । কাৰ্বি সকলে বসবাস কৰাৰ বাবেই ঠাই খনৰ নাম কাৰ্বি আংলং ৰখা হৈছে । ১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে বৰ্তমানৰ কাৰ্বি আংলং জিলা, উত্তৰ কাছাৰ জিলা আৰু কাছাৰ, নগাঁও, গোলাঘাট জিলাৰ অংশ বিশেষ আৰু ‘সংযুক্ত খাছী আৰু জয়ন্তীয়া পাহাৰ জিলা’ক সাঙুৰি ‘সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ জিলা’ ঘোষণা কৰা হৈছিল। ইয়াৰ পাছত ১৯৭০ চনৰ ২ ফেব্ৰুৱাৰীত এই জিলাক দ্বিখণ্ডিত কৰি ক্ৰমে ‘মিকিৰ পাহাৰ জিলা’ আৰু ‘উত্তৰ কাছাৰ জিলা’ গঠন কৰা হয়। ১৯৭৬ চনৰ ১৪ অক্টোবৰ তাৰিখে মিকিৰ পাহাৰ জিলাৰ নাম সলনি কৰি কাৰ্বি আংলা জিলা কৰা হয়। ২০১৬ চনত জিলাখনক পুনৰ দুভাগত বিভক্ত কৰি হামৰেণ মহকুমাক লৈ পশ্চিম কাৰ্বি আংলং জিলা  নামেৰে এখন নতুন জিলাৰ গঠন কৰা হয়। বাকী থকা অঞ্চল বৰ্তমানৰ কাৰ্বি আংলং জিলাত থাকি যায়।

জিলা খনৰ চাৰিসীমা :
উত্তৰে : নগাওঁ জিলা আৰু গোলাঘট জিলা ।
দক্ষিণে : ডিমা হাচাও জিলা আৰু নাগালেণ্ড ।
পূৱে : গোলাঘাট জিলা ।
পশ্চিমে : হোজাই জিলা । 

*পূৱ কাৰ্বি আংলং জিলাৰ মহকুমা হৈছে  ডিফু , বোকাজন আৰু হাওৰাঘাট । 

*পূৱ কাৰ্বি আংলং জিলাৰ মাজেৰে পাৰ হৈ যোৱা নৈ-উপনৈ সমূহ হৈছে কলিয়নি , দীখাৰু , যমুনা , ডিফু , লামডিং আদি ।
*জিলা খনৰ মাজেৰে ৩৬ নং আৰু ৩৯নং ৰাষ্ট্ৰীয় ঘাই পথ এ অতিক্ৰম কৰিছে । 

*জিলা খনৰপ্ৰচলিত ভাষা:
কাৰ্বি ভাষী লোকৰ সংখ্যাই আটাইতকৈ বেছি। ইয়াৰ বাহিৰেও বড়ো, কুকি, অসমীয়া আৰু আইটন ভাষাৰ প্ৰচলন আছে।

* জিলা খনৰ পৰ্যটন স্থল :
দেওপানী , গৰমপানী , মাৰাট, লংৰি অভয়াৰণ্য আদি ।


        কাৰ্বি আংলং জিলাৰ গৰম পানীৰ উহ


    কাৰ্বি আংলং জিলাৰ প্ৰকৃতিৰ মনোৰম দৃশ্য

Leave a Reply