নগাঁও জিলা || নগাঁও জিলাৰ উপায়ুক্তৰ নাম

NAGAON MAP
নগাঁও হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ নগাঁও জিলা সাৰুৱা সমভূমি আৰু অৰণ্যানিৰে সমৃদ্ধ ৷ জিলাখনৰ জলবায়ু সেমেকা আৰু আদ্ৰ৷ জিলাখনত ঠায়ে-ঠায়ে আৰু সীমামূৰীয়া অঞ্চলসমূহত বিল আৰু জলাহভূমি দেখিবলৈ পোৱা যায় ৷ জিলাখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত৷ নানা তৰহৰ পশু-পক্ষী, বহুধাবিভক্ত জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ সমাৱেশে নগাঁও জিলাক বিবিধতা প্ৰদান কৰিছে৷ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা, বৰগীত, অঙ্কীয়া নাট আদিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ শতিকাত নগাঁৱৰে বৰদোৱাৰ অন্তৰ্গত আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থানপ্ৰাপ্ত ভাৰতৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ কিছু অংশ নগাঁৱতে অন্তৰ্ভুক্ত হৈছে৷
 নগাঁও জিলাৰ   নামৰ উৎপত্তি :  
 প্ৰবাদ অনুসৰি আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এই ঠাইত গাঁওবোৰ নতুন কৈ পাতিছিল বাবেই ঠাইখনৰ নাম নগাঁও হোৱা বুলি জনা যায় ।
 নগাঁও জিলাৰ  ইতিহাস :
১৮২৬ চনলৈকে নগাঁও বাৰ্মিজ শাসনৰ অধীনত আছিল। ইয়াণ্ডাবু সন্ধি অনুমোদন হোৱাৰ পিছত ই ব্ৰিটিছ শাসনৰ অধীনলৈ আহে। ১৮৩৩ চনত নগাঁওক এটা সুকীয়া প্ৰশাসনিক জিলা একক হিচাপে খোদিত কৰা হৈছিল।অৱশেষত ১৮৩৯ চনত কলং নদীৰ পাৰত জিলা সদৰ হিচাপে বৰ্তমানৰ নগাঁও চহৰৰ স্থানত ব্ৰিটিছে বসতি স্থাপন কৰিবলৈ দুবছৰমান সময় লাগিছিল । নগাঁৱৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ক প্ৰথমাৱস্থাত খাগৰিজান বুলি জনা গৈছিল৷ জিলা সদৰৰ নাম পাছলৈ নৌগং ৰখা হয় আৰু লাহে লাহে ই এখন সমৃদ্ধিশালী চহৰলৈ পৰিণত হয়। পূৰ্বতে খাগৰিজান আৰু পাছলৈ পুৰণিগুদামত নগাঁৱৰ মুখ্য কাৰ্যালয় স্থাপিত হৈছিল৷ অঞ্চলটোত মাজেৰে উত্তৰ-পূব দিশৰ পৰা দক্ষিণ-পশ্চিম দিশলৈকে এটা খাল আছিল৷ খালটোৰ চৌপাশ খাগৰিৰে উপচি আছিল বাবে ঠাইখণ্ডক খাগৰিজান বুলি কোৱা হৈছিল৷
১৮৩৩ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল পুৰণিগুদামত৷ ১৮৩৫ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল ৰঙাগড়াত৷ আৰু ১৮৩৯ চনত বৰ্তমানৰ নগাঁও চহৰত নগাঁৱৰ সদৰ ঠাই স্থাপন কৰা হয়৷
 
 নগাঁও জিলাৰ চাৰিসীমা :
  নগাঁও জিলাৰ নৈ-উপনৈ সমূহ : 
 জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা নৈ-উপনৈ সমূহ হৈছে ব্ৰহ্মপুত্ৰ , কলং , কপিলী , ননৈ আদি ।
 নগাঁও জিলাৰ পৰ্যটন স্থল :
 
জিলা খনৰ পৰ্যটন স্থল হৈছে মহা পুৰুষ শ্ৰী শ্ৰী শংকৰ দেৱৰ  জন্মস্থান বৰদোৱা তীৰ্থস্থান, আকাশীগঙ্গা জলপ্ৰপাত ।
মহা মৃত্যুঞ্জয় মন্দিৰ, অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ১২৬ ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ। মন্দিৰ নিৰ্মাণৰ কাম ২০০৩ চনত আচাৰ্য ভৃগু গিৰি মহাৰাজে আৰম্ভ কৰিছিল। এই ঠাইত তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে দৈত্য গুৰু শুক্ৰাচাৰ্যয়ে প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহা মৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগু গিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইখন বাছনি কৰিছিল।
জিলা খনৰ প্ৰধান  বনাঞ্চল লাওখোৱা অভয়াৰণ্য আৰু প্ৰধান শিল্প উদ্যোগ হৈছে চাহ পাত , মৰা পাত , মৃ‌ৎশিল্প আদি ।
জিলা খনৰ মাজেৰে ৩৬ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ এ অতিক্ৰম কৰিছে ।
 নগাঁও জিলাৰ মহকুমা  :
 জিলা খনৰ মহকুমা  নগাঁও আৰু কলিয়াবৰ ।
নগাঁও জিলাৰ উপায়ুক্ত :
 
Narendra Kr. Shah, IAS
Deputy Commissioner
 
 নগাঁও জিলাৰ   বিধানসভা সমষ্টি  : 
 
 জিলা খনৰ  বিধানসভা সমষ্টি সমুহ হ’ল- ৰহা , ধিং , বটদ্ৰৱা ,    ৰূপহীহাত  ,  নগাঁও , বঢ়হম  পুৰ ,  চামুগুৰি ,  কলিয়াবৰ ,  যমুনামুখ ৷
 
 নগাঁও জিলাৰ   লোকসভা সমষ্টি : 
লোকসভা সমষ্টি হ’ল-নগাঁও  আৰু কলিয়াবৰ ।

Leave a Reply