তিনিচুকীয়া জিলা

তিনিচুকীয়া জিলাৰ সংক্ষিপ্ত বিৱৰণ :

তিনিচুকীয়া জিলা

তিনিচুকীয়া নগৰত থকা এটা তিনিকণীয়া পুখুৰীৰ নামেৰে প্ৰথম এ চহৰ খন আৰু পিছলৈ জিলা খনৰ নাম হৈ । ১৯৮৯ চনত তিনিচুকীয়াক অসমৰ ২৩তম জিলা হিচাপে ঘোষণা কৰা হয়।

জিলাৰ চাৰিসীমা :
 উত্তৰ দিশে  ধেমাজি জিলা আৰু অৰুণাচল প্ৰদেশ।
দক্ষিন দিশে অৰুণাচল প্ৰদেশ ।
পূৱ দিশে অৰুণাচল প্ৰদেশ ।
পশ্চিমে ডিব্ৰুগড় জিলা ।

*জিলা খনৰ মহকুমা হৈছে তিনিচুকীয়া , মাৰ্ঘেৰিটা আৰু শদিয়া ।

তিনিচুকীয়া জিলাৰ প্ৰধান পৰ্যটন স্থল সমূহ হৈছে 
ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, জয় দিহিং বৰ্ষাৰন্য,ডিগবৈ , মাৰ্ঘেৰিটা , কেঁচাইখাতী , টিপং , কয়লাখনি আদি  ।
জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা নৈ-উপনৈ সমূহ হৈছে  ব্ৰহ্মপুত্ৰ, দিবং, লোহিত , ডাঙৰী , ডিব্ৰু , ডুমডুমা, বুঢ়ীদিহিং , টিৰাপ আদি ।

*১৯০১ চনত এই জিলাৰ ডিগবৈ চহৰত ভাৰত বৰ্ষৰ প্ৰথম তেল শোধনাগাৰ প্ৰতিষ্ঠা হৈছিল।
*১৫৩নং ৰাষ্ট্ৰীয় ঘাই পথ লিডুৰ পৰা লেখা পানী -জয়ৰামপুৰ হৈ  অৰুণাচল প্ৰদেশৰ মাজেৰে যোৱা পথটো  দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত নিৰ্মান কৰা হৈছিল ।

জিলা খনৰ অৰ্থনীতি :
তিনিচুকীয়া অসমৰ এখন ঔদ্যোগিক জিলা। ডিগবৈত ভাৰতৰ ভিতৰতে পুৰণি তেল শোধনাগাৰ থকাৰ উপৰিও লিডু আৰু মাৰ্ঘেৰিটাৰ দৰে ঠাই কয়লা খনিৰ বাবে বিখ্যাত। জিলাখনত থকা কেইটামান বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠান হৈছে ইণ্ডিয়ান অইল কৰ্প’ৰেছন, ক’ল ইণ্ডিয়া লিমিটেড, ইউনিলিভাৰ আদি। অসমৰ এক অন্যতম বাণিজ্যিক কেন্দ্ৰ হোৱাৰ লগতে ইয়াত যথেষ্ট পৰিমাণৰ চাহ, ধান আৰু কমলাটেঙা উৎপাদন হয়।

জিলা খনৰ যাতায়ত :
বিমান, পথ আৰু ৰেলেৰে তিনিচুকীয়া জিলাৰ অসমৰ আন ঠাইসমূহৰ লগত যোগাযোগৰ ব্যৱস্থা আছে। অসমৰ ৰাজধানী দিছপুৰৰ পৰা ইয়াৰ পথ দূৰত্ব ৫৩২ কিলিমিটাৰ। ৪০ কিলোমিটাৰ দূৰ্ত্বত অৱস্থিত নিকটতম বিমানকোঠ হৈছে ডিব্ৰুগড়ৰ মোহণবাৰী । দিল্লী , কলকাতা আৰু গুৱাহাটীৰ পৰা ইয়ালৈ দৈনিক বিমান চলাচল কৰে। ৩৭ ,৩৮ ,৫২আৰু ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথ এ জিলা খনৰ মাজেৰে অতিক্ৰম কৰিছে ।

                                  ষ্টিলৱেল ৰোড
                   ডিব্ৰু- চৈখোৱাৰ বন -ঘৰচীয়া ঘোঁৰা

Leave a Reply