ডিমা হাছাও জিলা

ডিমা হাছাও জিলাৰ সংক্ষিপ্ত বিৱৰণ :

       ডিমা হাছাও জিলাৰ প্ৰকৃতৰ এক মনোৰম দৃশ্য

খ্ৰীষ্টীয় সপ্তদশ শতিকালৈকে ডিমাছা কছাৰী সকলৰ শাসনাধীন বৰাক উপত্যকাসহ বৰাইল পাহাৰৰ এলেকাটোক লৈ ব্ৰিটিছ সকলে গঠন কৰা কাছাৰ জিলাৰ উত্তৰাংশৰ পাৰ্বত্য মহকুমাটো কালক্ৰমত উত্তৰ কাছাৰ পাৰ্বত্য জিলাত পৰিণত হয় । ডিমা হাছাও জিলা অসমৰ আটাইতকৈ কম জনবসতি ঘনত্বৰ জিলা। মূলত: ডিমাছা আৰু নগা জনগোষ্ঠীৰ লোক এই জিলাত সৰহ। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ জিলাখনত অসমৰ একমাত্ৰ পাৰ্বত্য-চহৰ হাফলং অৱস্থিত। হাফলং এই জিলাৰ সদৰ। ৰহস্যজনক চৰাইৰ মৃত্যুৰ বাবে চৰ্চিত ঠাই জাতিংগা এই জিলাতে অৱস্থিত। “ডিমা হাছাও” ডিমাছা ভাষাৰ শব্দ, ইয়াৰ অৰ্থ ডিমাছা পৰ্বত।
*জিলা খনৰ চাৰিসীমা :
উত্তৰে : পূৱ কাৰ্বি আংলং জিলা , হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলা ।
দক্ষিণে : কাছাৰ জিলা।
পূৱে :  পূৱ কাৰ্বি আংলং জিলা , নাগালেণ্ড আৰু মণিপুৰ ।
পশ্চিমে : পশ্চিম কাৰ্বি আংলং জিলা আৰু মেঘালয় ৰাজ‍্য ।
*জিলা খনৰ মহকুমা হৈছে হাফলং , মাইবং আৰু  ডিয়ংব্ৰা ।
জিলা খনৰ যাতায়ত :
ডিমা-হাছাও জিলাক উত্তৰ-পূব ভাৰতৰ প্ৰৱেশ চহৰ গুৱাহাটীৰ লগত পথ আৰু ৰেল পৰিবহণে সংলগ্ন কৰিছে।  ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথ এ জিলা খনৰ মাজেৰে পাৰ হৈ গৈছে  । নগাঁও জিলাৰ লামডিং জংচনৰপৰা ব্ৰড গজ ৰেল ডিমা-হাছাও জিলাৰ মাজেৰে গৈ কাছাৰ জিলাত প্ৰৱেশ কৰিছে। ডিমা-হাছাও জিলাৰ মাজেৰে যোৱা ৰেলপথত কেবাটাও সুৰংগ আছে। মাহুৰত কাষতে ৰেলপথত থকা ১১ নং সুৰংগটো জিলাখনৰ আটাইতকৈ দীঘল সুৰংগ। দৈৰ্ঘ ১১৯২ ফুট। ডিমা-হাছাও জিলাৰ ভিতৰৰ ৰেল-ষ্টেচনসমূহ হ’ল: হাতীখলি, লাংটিং, দিহাখো, মুপা, কালাচাঁদ, মাইবং, ৱাডৰেংডিছা, দাওটুহাজা, মাহুৰ, মিগ্ৰেনডিছা, লোৱাৰ হাফলং, বাগেতাৰ, হাফলং হিল, জাতিংগা, মাইলংদিছা, হাৰাংগাজাও আৰু দিতকচৰা ।
জিলা খনৰ প্ৰধান পৰ্যটন স্থল হৈছে :
সমগ্ৰ ডিমা-হাছাও জিলা বৰাইল পৰ্বতমালাৰ খলা-বমা আৰু জুৰি-নিজৰাৰে প্ৰাকৃতিক সৌন্দৰ্য্যত চহকী। এই জিলাৰ কেবাখনো স্থান বনভোজৰ দলৰ বাবে মনোগ্ৰাহী স্থান।
জাতিংগা
হাফলঙৰপৰা ৯ কি.মি. দক্ষিণে অৱস্থিত এখন ঠাই। এই ঠাইত চৰাই সম্পৰ্কীয় এটা ৰহস্যজনক পৰিঘটনা লক্ষ্য কৰা হয়। আগষ্ট-ৰপৰা নভেম্বৰ মাহলৈ এই স্থানত বিভিন্ন প্ৰজাতিৰ চৰাইৰ মৃত্যু ঘটে। স্থানীয় লোকে বাঁহৰ দীঘল লাখুটিৰ আগত তীব্ৰ পোহৰ বান্ধি ৰাখে। ৰাতি এই তীব্ৰ পোহৰৰ প্ৰতি চৰাইবোৰে উৰি আহে আৰু লাঠীৰ আঘাতত চৰাইবোৰৰ মৃত্যু হয়। এই সময়ত চৰাইবোৰে পোহৰৰ প্ৰতি দেখুওৱা তীব্ৰ আসক্তিৰ বিষয়ে বিভিন্ন মতামত আছে ।   


মাইবং
হাফলঙৰপৰা ৫৩ কি.মি. উত্তৰ-পূবে মাহুৰ নৈৰ পাৰত অৱস্থিত মহকুমাৰ সদৰ। ইয়াতে ডিমাছা-কছাৰী ৰাজ্যৰ ৰাজধানী আছিল। কছাৰী ৰজাৰ শিলেৰে নিৰ্মিত ঘৰ আৰু মন্দিৰৰ ভগ্নাৱশেষ অৱস্থিত।
                        মাইবংৰ  শিলত কটা মন্দিৰ

উমৰাংচু
হাফলঙৰপৰা ১১২ কি.মি. দূৰৈত অৱস্থিত উমৰাংছত কপিলী নৈত থকা নিপকোৰ  জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ অৱস্থিত। নাতি-দূৰৈত অৱস্থিত গৰম-পানীৰ উহ, গৰমপানী।
পানীমূৰ
কপিলীৰ নৈৰ জলপ্ৰপাত। হাফলঙৰপৰা ১২০ কি.মি. দূৰত্বত অৱস্থিত।
*জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা নৈ -উপনৈ  সমূহ  কপিলী , দিয়ুং, জাতিংগা , জিনাম , জিৰি আদি ।
*ডিমা হাছাও জিলাৰ একমাত্ৰ বিধান সভা সমষ্টি ‘হাফলং’। 

                           কঁপিলিৰ জলবিদ্যুৎ প্ৰকল্প

Leave a Reply