ডিব্ৰুগড় জিলা

ডিব্ৰুগড় জিলাৰ সংক্ষিপ্ত বিৱৰণ :
DIBRUGAR MAP

জনশ্রুতি মতে এই জিলাত থকা ডিব্ৰু নৈৰ পাৰত গঁড় বান্ধি ঠাইখন সুৰক্ষিত কৰা হৈছিল বাবে প্রথমে চহৰ খন আৰু পিছলৈ জিলাখনৰ নাম ডিব্ৰুগড় হয় । য়ান্দাবু সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত  অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু ব্ৰাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয় ।
ডিব্ৰুগড় জিলাৰ উত্তৰ দিশে আছে ব্ৰহ্মপুত্ৰ নদ আৰু ধেমাজি জিলা , দক্ষিন দিশে চৰাইদেউ জিলা , পূৱে তিনিচুকীয়া জিলা আৰু পশ্চিমে শিৱসাগৰ জিলা অৱস্থিত । জিলা খনৰ মহকুমা হৈছে ডিব্ৰুগড়, নাহৰকটীয়া আৰু মৰাণ । জিলা খনৰ প্রধান পৰ্যটন স্থল হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় (পক্ষী)উদ্যান । জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা নৈ -উপনৈ সমূহ হৈছে ব্ৰহ্মপুত্ৰ, ডিব্ৰু , চেঁচা  আৰু বুঢ়ী দিহিং আদি । ৩৭নং আৰু ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ এ জিলা খনৰ মাজেৰে অতিক্ৰম কৰিছে ।

অসম বিধানসভা : 
অসম বিধানসভাৰ সাতটা সমষ্টি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত। সেইকেইটা সমষ্টি হৈছে: মৰাণ, ডিব্ৰুগড় ,লাহোৱাল , দুলিয়াজন , টিংখং , নাহৰকটীয়া , চাবুৱা । চাবুৱা  লক্ষীমপুৰ লোকসভা সমষ্টি আৰু আন ৬ টা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত।
ডিব্ৰুগড় জিলা
  ডিব্ৰুগড় জিলা
                         

অসমৰ ভিতৰত আটাইতকৈ বেছি চাহ খেতিৰ উৎপাদন  হোৱা জিলা ।

Leave a Reply