গোলাঘাট জিলা || গোলাঘাট জিলাৰ উপায়ুক্ত

golaghat map

  

গোলাঘাট জিলাৰ নামৰ উৎপত্তি :
ইংৰাজসকল অসমলৈ অহাৰ সময়ত ধনশিৰী নামৰ নৈ খনৰ পাৰত গোলা ( দোকান ) স্থাপন হৈছিল । সেই গোলা শব্দৰ পৰাই পিছলৈ গোলাঘাট নামটো হোৱা বুলি অনুমান কৰা হৈছে । ইংৰাজৰ শাসনকালত এই দৈয়াং-ধনশিৰী উপত্যকা বৃহত্তৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত আছিল। ১৯৮৭ চনৰ ১৫ আগষ্টত গোলাঘাটক এখন জিলা ঘোষণা কৰা হয়।
 
গোলাঘাট জিলাৰ ইতিহাস : 
সৰুপথাৰৰ নগাজৰী খনিকৰ গাঁৱত পোৱা ৫ম শতিকাৰ শিলালিপিৰ পৰা বুজা যায় যে সেই সময়ত দৈয়াং-ধনশিৰী উপত্যকাত এক স্বাধীন ৰাজ্য আছিল। আকৌ এই অংশত পোৱা নানান ইটাৰে নিৰ্মিত ভৱন, মঠ-মন্দিৰ আদিৰ ধংসাৱশেষ আদিয়ে ৯ম-১০ম শতিকাৰ এখন ৰাজ্যৰ ওমান দিয়ে।
১৬ শতিকাত এই দৈয়াং-ধনশিৰী উপত্যকা আহোম ৰাজ্যত চামিল হয়। আহোমসকলে এই ঠাই কছাৰীসকলৰ পৰা দখল কৰে। আহোমৰ ৰাজত্বকালত এই ঠাইৰ শাসনৰ দায়িত্ব মৰঙীখোৱা গোহাঁইৰ আছিল।
গোলাঘাট জিলাৰ  চাৰিসীমা : 
গোলাঘাট জিলাৰ  মাটিকালি :
জিলাখনৰ মাটিকালি ৩,৫০২ কিলোমিটাৰ।
গোলাঘাট জিলাৰ  জনসংখ্যা : 
১৯৮৭ চনত জিলা ঘোষিত হোৱা এই জিলাৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ১০,৬৬,৮৮৮ জন। ইয়াৰে ৫,৪৩,১৬১ জন পুৰুষ আৰু ৫,২৩,৭২৭ গৰাকি মহিলা।
গোলাঘাট জিলাৰ মহকুমা :
 জিলা খনৰ মহকুমা হৈছে গোলাঘাট ,বোকাখাত , ধনশিৰি আৰু মেৰাপানী ।
 
গোলাঘাট জিলাৰ উপায়ুক্ত জনৰ নাম :
 
ড° পি উদয় প্ৰবীণ, আই এ এছ
          উপায়ুক্ত
 
 
গোলাঘাট জিলাৰ  নৈ- উপনৈ  : 
জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা নৈ- উপনৈ  সমূহ হৈছে  ব্ৰহ্মপুত্ৰ , কাকডোঙা , ধনশিৰি , ঘিলাধাৰী , দৈয়াং , ডিফলু, নামবৰ , গেলাবিল , কলিয়নী , ৰেংমা ।
 জিলা খনৰ মাজেৰে ৩৭ আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ গৈছে । জিলা খনৰ প্ৰধান পৰ্যটন স্থল হৈছে বিশ্ববিখ্যাত  এশিঙিয়া গঁড়ৰ বসতি স্থল  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।

জিলা খনৰ সৰু পথাৰত শ্বহীদ কুশল কোঁৱৰৰ  জন্মস্থান । নেঘেৰিটিঙৰ আহোমৰ দিনৰ শিৱদৌল এই জিলাত অৱস্থিত । নামবৰৰ  হাবিত থকা গৰম পানীৰ উহ  আদি উল্লেখযোগ্য । এই জিলাত প্ৰচুৰ পৰিমাণৰ  চাহ পাত আৰু ধান উৎপাদন হয় ।

Leave a Reply