কাছাৰ জিলা

কাছাৰ জিলাৰ সংক্ষিপ্ত বিৱৰণ : 

ডিমাছা কছাৰীসকলৰ নাম অনুসৰি এলেকাটোৰ নাম কাছাৰ হয় । কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত আছিল।
*জিলা খনৰ চাৰিসীমা :
উত্তৰে : ডিমা হাচাও জিলা আৰু মেঘালয় ।
দক্ষিণে: মিজোৰাম ৰাজ্য  ।
পূৱে : মণিপুৰ ৰাজ্য  ।
পশ্চিমে : হাইলাকান্দি জিলা আৰু বাংলাদেশ ।
* কাছাৰ জিলাৰ  মহকুমা হৈছে শিলচৰ ,কাটিগৰা , লক্ষীপুৰ আৰু সোনাই ।
* ৪৪নং , ৫৩নং আৰু ৫৪নং  ৰাষ্ট্ৰীয় ঘাই পথে জিলা খনৰ মাজেৰে পাৰ হৈ গৈছে ।
*জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা নৈ-উপনৈ সমূহ হৈছে  বৰাক , জাতিংগা , মধুৰা , ৰুকণী , সোনাই , বালিচেৰা  , সুৰমা আদি ।

* এই জিলা খন বৰাক উপত্যকাত অন্তৰ্গত । ইয়াৰ শিলচৰত অসম বিশ্ববিদ্যালয় , অভিযান্ত্ৰিক মহাবিদ্যালয় , চিকিৎসা মহাবিদ্যালয় আদি আছে ।
*কাছাৰ জিলাৰ প্ৰধান পৰ্যটন স্থল হৈছে:
খাচপুৰ : কছাৰীৰ ৰাজধানী স্থাপত্য , শিলচৰ |

বাশকান্দি ইছলামিক শিক্ষা কেন্দ্র , বৰাইল অভয়াৰণ্য আদি । 

Leave a Reply