মৰিগাঁও জিলা

MORIOGAON MAP
মৰিগাঁও জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৫খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থানৰ নামও মৰিগাঁও। পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল। ১৯৮৯ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়। সমগ্ৰ অসম তথা উত্তৰপূৰ্বাঞ্চল বিখ্যাত জোনবিল মেলা এই জিলাতে অনুষ্ঠিত হয়। পবিতৰা অভয়াৰণ্যৰ বাবেও মৰিগাঁও জিলা জনাজাত।
মৰিগাঁও জিলাৰ নামৰ উৎপত্তি : 

প্ৰবাদ অনুসৰি এসময়ত এই অঞ্চলত কলেৰা – হাইজা আদি ৰোগত বহু মানুহ মৰি প্ৰায় শূন্য হৈ গৈছিল । সেই মৰি শব্দৰ আলম লৈয়ে জিলা খনৰ নাম মৰিগাঁও হোৱা বুলি জনা যায়।

 
 
মৰিগাঁও জিলাৰ চাৰিসীমা :
 
মৰিগাঁও জিলাৰ মাজেৰে বৈ যোৱা নৈ -উপনৈ :
জিলা খনৰ মাজেৰে বৈ যোৱা নৈ -উপনৈ সমূহ হৈছে  ব্ৰহ্মপুত্ৰ , কলং ,কপিলী, কিলিং , সোনাই আৰু পকৰীয়া।
মৰিগাঁও জিলাৰ মুঠ মাটিকালি : 
 মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১৫৫১ বৰ্গ কিঃমিঃ।
 

 

 

 

মৰিগাঁও জিলাৰ জনসংখ্যা :
 
২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩। মৰিগাঁও জিলাৰ সাক্ষৰতাৰ হাৰ হৈছে ৬৮.০৩ শতাংশ (২০১১ চনৰ লোকপিয়ল অনুসৰি)।
মৰিগাঁও জিলাৰ  উল্লেখযোগ্য স্থান : 
 
মায়ং – এইখন ঠাই গুৱাহাটীৰ পৰা ৩০কিলোমিটাৰ আৰু পবিতৰা অভয়াৰণ্যৰ সমীপবৰ্তী। এক যাদুৰ পৰিবেশেৰে পৰিপুষ্ট মায়ং হৈছে এক ৰহস্যময়ী স্থান, যʼত কেইবাগৰাকীও ওজা বা বেজ আছে। তেওঁলোকৰ ওচৰত প্ৰায় সকলো অসুবিধাৰেই সমাধান আছে আৰু ভূতে ধৰা মানুহকো এওঁলোকে চিকিৎসা কৰে। মায়াংৰ চাৰিওকাষে টিলা সমূহত থকা মন্দিৰ সমূহৰ অৱশিষ্টই অতীতৰ কলা যাদু সাধনাৰ সাক্ষ্য বহন কৰে।

 

জিলা খনৰ মহকুমা হৈছে মৰিগাঁও । মৰিগাঁও জিলাৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এ অতিক্ৰম কৰিছে  । জিলা খনৰ পৰ্যটন স্থল হৈছে পবিতৰা অভয়াৰণ্য । জাগীৰোডৰ কাগজ কল ,অসমৰ আটাইতকৈ  ডাঙৰ শিলালিপি , জাগীৰোডৰ বিখ্যাত শুকান মাছৰ বজাৰ এই জিলাত এ অৱস্থিত । বিখ্যাত জোনবিল মেলা এই জিলাত এ হয় ।

Leave a Reply