ধেমাজি জিলা || ধেমাজি জিলাৰ ইতিহাস

dhemaji map

ধেমাজি জিলা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অসম ৰাজ্যৰ এখন জিলা।

ধেমাজি জিলাৰ নামৰ উৎপত্তি :
প্ৰবাদ অনুসৰি জীয়াঢল আৰু গাই নদীৰ পানীৰ প্ৰবল সোঁত বৈ আহি এই অঞ্চলতে পানীৰ লগত ধেমালি কৰে বুলি  মানুহৰ মুখে মুখে চলি আহিছে , সেই অনুসৰি ধেমালি শব্দৰ পৰাই জিলাখনৰ নাম ধেমাজি হোৱা বুলি কোৱা হয় ।
ধেমাজি জিলাৰ ইতিহাস :
 
ধেমাজি অতি প্ৰাচীন কালৰ পৰাই চুতীয়া সকলৰ অধীনত আছিল। মধ্যযুগত বীৰপাল নামৰ এজন চুতীয়া মুখিয়াল ৰজা বনিছিল আৰু ধেমাজি জিলাৰ সোনাগিৰিত(সোৱনশিৰি পাৰত) ৰাজধানী স্থাপন কৰিছিল। বীৰপালৰ দদায়েক ভদ্ৰশেনৰ ৰাজ্য বৰ্তমানৰ দক্ষিণ ধেমাজি আৰু লক্ষিমপুৰ জিলাৰ অন্তৰ্গত আছিল। ১২৩০ শতিকাত বীৰপালৰ পুত্ৰ ৰত্নধ্বজপালে ভদ্ৰেশেন ৰজাক পৰাস্ত কৰি মাজুলী অঞ্চলত ৰতনপুৰ নামৰ এখন নগৰ নিৰ্মাণ কৰি ৰাজধানী স্থাপন কৰিছিল।
আনুমানিক ১২৪০ খ্ৰীষ্টাব্দৰ আশেপাশে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চ্যুকাফাই বৰ্তমানৰ ধেমাজি জিলাৰ কোনো অঞ্চলত আহি খেতি কৰিছিল আৰু ৪ বছৰ থাকি বানপানী হোৱাৰ ফলত চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল।
১৫২৩ খ্ৰীষ্টাব্দত আহোম ৰজা চুহুংমুঙৰ আক্ৰমণত চুতীয়া ৰজা নাতিপাল নিহত হোৱাৰ পিছত এই অঞ্চল পুনৰ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হয়।
বৰ্তমানৰ ধেমাজি জিলা ১৯৭১ চনলৈকে ডিব্ৰুগড়ত সদৰ ঠাই থকা পুৰণি লক্ষীমপুৰ জিলাৰ অংশ আছিল। ১৯৭১ চনত পুৰণি লক্ষীমপুৰ জিলাৰ বিভাজন কৰি ডিব্ৰুগড় আৰু লক্ষীমপুৰ দুখন জিলা কৰাৰ সময়ত ধেমাজিক লক্ষীমপুৰ জিলাৰ মহকুমা ঘোষণা কৰা হয়। সেই সময়ৰ ধেমাজি মহকুমাত বৰ্তমানৰ জোনাই মহকুমা (এতিয়াৰ ধেমাজি জিলাৰ অংশ) আৰু ঢকুৱাখনা মহকুমা (এতিয়াৰ লখিমপুৰ জিলাৰ অংশ) অন্তৰ্ভুক্ত আছিল। ১৯৮৯ চনত লক্ষীমপুৰ জিলা ভাঙি বৰ্তমানৰ লখিমপুৰ আৰু ধেমাজি জিলা গঠিত হয়।
 ধেমাজি জিলাৰ জিলাৰ  চাৰিসীমা :
 ধেমাজি জিলাৰ মুঠ মাটিকালি :  ধেমাজি জিলাৰ মুঠ মাটিকালি হৈছে ৩২৩৭ বৰ্গ কিঃমিঃ। 
 
  ধেমাজি জিলাৰ মহকুমা  :  জিলাখন দুটা মহকুমাত ভাগ কৰা হৈছে: ধেমাজি আৰু জোনাই।
 
  ধেমাজি জিলাৰ  মুঠ জনসংখ্যা  :   ২০০১ চনৰ লোকপিয়ল মতে, জিলাখনৰ মুঠ জনসংখ্যা হৈছে ৫.৭১ লাখ। ইয়াৰে ২.৯৫ জন পুৰুষ আৰু ২.৭৬ গৰাকী মহিলা।
 
১৯৮৯ চনত লক্ষীমপুৰ জিলা ভাঙি বৰ্তমানৰ লখিমপুৰ আৰু ধেমাজি জিলা গঠিত হয়।   জিলা খনৰ প্ৰধান শিল্প উদ্যোগ হৈছে  এৰি মুগা শিল্প আৰু ধান উৎপাদন ।

Leave a Reply