শোণিতপুৰ জিলা || শোণিতপুৰ জিলাৰ চাৰিসীমা

Sonitpur District

শোণিতপুৰ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁও আৰু ধুবুৰীৰ পিছত তৃতীয় জনবহুল জিলা। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।

শোণিতপুৰ জিলাৰ নামৰ উৎপত্তি : 

শ্ৰীকৃষ্ণ আৰু বাণ ৰজাৰ মাজত হোৱা যুদ্ধখনক হৰি-হৰৰ যোদ্ধা বুলি প্ৰখ্যাত আৰু এই যুদ্ধত সৈনিকসকলৰ তেজ নৈৰ দৰে বৈ গৈছিল ৷ তেজ অৰ্থাৎ শোণিত নামৰ লগত সংগতি ৰাখিয়েই জিলাখনৰ নাম শোণিতপুৰ হয় বুলি প্ৰবাদ আছে ৷
শোণিতপুৰ জিলাৰ ইতিহাস :
প্ৰশাসনিক দিশৰ পৰা জিলাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ১৯৮৩ খ্ৰীষ্টাব্দত দৰং জিলাখনক দুখন জিলা হিচাপে ভাগ কৰি পেলোৱা হৈছিল। দৰং আৰু শোণিতপুৰক দুখন সুকীয়া জিলাৰূপে ঘোষণা কৰা পিছত তেজপুৰক শোণিতপুৰ জিলাৰ সদৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কালিকা পুৰাণৰ বিৱৰণ অনুসৰি বৰ্তমানৰ দৰং, শোণিতপুৰ আৰু উত্তৰ লখিমপুৰ জিলা কেইখন বাণৰজাৰ শাসনাধিষ্ঠিত অঞ্চল আছিল।
 শোণিতপুৰ  জিলাৰ ভৌগোলিক অৱস্থিতি :
শোণিতপুৰ জিলাব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে মুঠ ৫৩২৪ বৰ্গকিলোমিটাৰ আগুৰি আছে ৷ আনহাতে জিলাখন ২৬° ৩০’N আৰু২৭° ০১’N অক্ষাংশআৰু৯২° ১৬’E আৰু৯৩° ৪৩’E দ্ৰাঘিমাংশ মাজত অৱস্থিত৷
 শোণিতপুৰ  জিলাৰ  চাৰিসীমা :
 শোণিতপুৰ  জিলাৰ জনসংখ্যা :
 
২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১,৯২৫,৯৭৫ ৷ ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৫.৬৭% ৷
 
 শোণিতপুৰ  জিলাৰ সদৰ আৰু মহকুমা : 
 
জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ৷
শোণিতপুৰ জিলাৰ তিনিটা প্ৰধান মহকুমা হ’ল তেজপুৰ, বিশ্বনাথ আৰু গহপুৰ৷
 ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, ১৮১ কিলোমিটাৰ গুৱাহাটীৰ পূবত অৱিস্থত৷ বৰ্তমান শোণিতপুৰ জিলাৰ প্ৰধান নগৰ তেজপুৰ ঐতিহাসিক সম্পদৰ কাৰণে ভাৰত বিখ্যাত৷
শোণিতপুৰ  জিলাৰ  নৈ উপনৈসমূহ হল :
ব্ৰহ্মপুত্ৰ, জীয়া ভৰলী, জীয়া গাভৰু, বেলশিৰি, দিকৰাই আদি ৷
 এই জিলাৰ মাজেৰেই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷
এই জিলাতেই নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই ৰূপাই অভয়াৰণ্য অৱস্থিত ৷
শোণিতপুৰ  জিলাৰ পৰ্যটনস্থল : 
 
 অগ্নিগড়, চিত্ৰলেখা উদ্যান, মহাভৈৰব ম ন্দিৰ, দ-পৰ্বতীয়া মঠ আদি প্ৰাচীন কীৰ্তি চিহ্নবোৰ পৰ্যটকসকলৰ অন্যতম আকৰ্ষণস্থলী ৷

এই জিলাতেই ভাৰতীয় বায়ুসেনাৰ বৃহৎ ছাউনী, শালনীবাৰী অসামৰিক বিমান বন্দৰ, অসমৰ একমাত্ৰ মানসিক ৰোগীৰ চিকিৎসালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ভোমোৰাগুৰিত ব্ৰহ্মপুত্ৰৰ ওপৰত কলীয়া ভোমোৰা দলং ইত্যাদি অৱস্থিত ৷ জামুগুৰিহাটত প্ৰতি চাৰিবছৰৰ মূৰে মূৰে বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত কৰা হয় ৷ এই জিলাৰ প্ৰধান শিল্প উদ্যোগসমূহ হল – বাঁহ-বেঁতৰ সামগ্ৰী, মৰাপাট, চাহপাত আৰু আলু ৷

Leave a Reply