লখিমপুৰ জিলা

লখিমপুৰ জিলা
লখিমপুৰ জিলা ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ উত্তৰ-পূৱ কোণত অৱস্থিত এখন জিলা। উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত লক্ষীমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লক্ষীমপুৰ জিলা গঠন হৈছিল।
  লখিমপুৰ জিলাৰ নামৰ উৎপত্তি :
জনমত অনুসৰি ৰজা মহাৰজাসকলৰ ৰাজত্বকালত সমুদ্ৰগুপ্ত নামৰ মন্ত্ৰী এজনৰ নাতিনী লক্ষ্মীৰাণীৰ নাম অনুসৰি জিলাখনৰ নাম লক্ষীমপুৰ হোৱা বুলি জনা যায় ৷
লখিমপুৰ জিলাৰ  জনসংখ্যা :
২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১০,৪০,৬৪৪[6]। ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৭.০৫%
 লখিমপুৰ জিলাৰ  চাৰিসীমা : 
 লখিমপুৰ জিলাৰ মহকুমা  : ঢকুৱাখানা আৰু উত্তৰ লখিমপুৰ ৷
 এই জিলাৰ মাজেৰেই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷
 লখিমপুৰ জিলাৰ  নৈ উপনৈসমূহ হল :  ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, ৰঙা নৈ, দিক্ৰং, ঢল, ঘাগৰ, ধূণা, ডাংধৰা, চাৰিকৰীয়া আৰু কঢ়া ৷
এই জিলাতেই অৰুণাচল প্ৰদেশ আৰু তাৰ ৰাজধানী ইটানগৰলৈ সোমোৱা মূল প্ৰৱেশদ্বাৰ বান্দৰদেৱা অৱস্থিত ৷ লগতে মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱৰ জন্মস্থান লেতেকুপুখুৰী আৰু পাভ অভয়াৰণ্যও এই জিলাতেই অৱস্থিত ৷ এই জিলাতেই অসম বিখ্যাত এড়ী-মুগাৰ ফাৰ্ম আছে ৷ চাহপাত ইয়াৰ মানুহৰ প্ৰধান ব্যৱসায় ৷

1 thought on “লখিমপুৰ জিলা”

Leave a Reply