বিশ্বনাথ জিলা || বিশ্বনাথ জিলাৰ মহকুমা

বিশ্বনাথ জিলা , Biswhanath District
বিশ্বনাথ জিলা  অসমৰ ৩৩ খন জিলাৰ ভিতৰত এখন জিলা।   ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে বিশ্বনাথ জিলা গঠন আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ বেছি ভাগ অংশ আৰু গহপুৰৰ কিছু অংশৰে বিশ্বনাথ জিলা গঠন কৰা হ’ল।
বিশ্বনাথ জিলাৰ  ইতিহাস :
 
এই জিলা পূৰ্বতে চুতীয়া আৰু বাৰ ভূঞা সকলৰ মাজত বিভক্ত আছিল। সীমা আছিল ঘিলাধাৰী আৰু দিকাৰাই নৈ। সীমাৰ ওচৰত অৱস্থিত প্ৰতাপ গড় চুতীয়া ৰজা প্ৰতাপ নাৰায়ণে নিৰ্মাণ কৰা বুলি জনা যায়‌। অৰুণাচল প্ৰদেশৰ সীমান্তৰৰ বুৰৈ নদীৰ পাৰত এটি গড় অৱস্থিত আছে য’ত শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ দেৱালত পোৱা খনিকৰে অঁকা আক্ষৰ-চিহ্ন মিল দেখা গৈছে। সেইবাবে এই গড় চুতীয়া ৰাজ্যৰ দিনৰ বুলি কোৱা হয়।
 

বিশ্বনাথ জিলাৰ নামৰ উৎপত্তি :

প্ৰবাদ অনুসৰি মুনি বশিষ্ঠই ইয়াত কাশীৰ দৰে এখন তীৰ্থ পাতিবলৈ মন্থস্থ কৰিছিল ৷ মুঠ এক কোটি শিৱলিংগৰ এটা শিৱলিংগ প্ৰতিষ্ঠা কৰিব পৰা নগল বাবে ইয়াক গুপ্তকাশী বোলা হৈছিল ৷ পৰৱৰ্তী কালত ঠাইখন বিশ্বনাথ নামেৰে প্ৰসিদ্ধ হৈ পৰিল ৷ পাছলৈ ই জিলা হৈ পৰিল ৷
 
বিশ্বনাথ জিলাৰ চাৰিসীমা :
বিশ্বনাথ জিলাৰ সদৰ ঠাই : বিশ্বনাথ চাৰিআলি
বিশ্বনাথ জিলাৰ মহকুমাৰ সংখ্যা  : বিশ্বনাথ চাৰিআলি, গহপুৰ
বিশ্বনাথ জিলাৰ ৰাজহ চক্ৰ : বিশ্বনাথ চাৰিআলি, গহপুৰ, হেলেম
বিশ্বনাথ জিলাৰ পুলিচ ষ্টেচন : গহপুৰ, হেলেম, বিহালী, জিনজিয়া, বিশ্বনাথ চাৰিআলি, চতিয়া
এই জিলাৰ মাজেৰেই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷
বিশ্বনাথ জিলাৰ নৈ উপনৈসমূহ হল : ব্ৰহ্মপুত্ৰ, বৰগাং, বালিজান, বুৰৈ, বুঢ়ীগাং আৰু ঘিলাধাৰী ৷
এই জিলাতেই বিহালী আৰু গহপুৰ সংৰক্ষিত বনাঞ্চল আৰু বিশ্বনাথ ঘাটত বৰদৌল অৱস্থিত ৷ এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা ‘মোনাবাৰী চাহ বাগিছা’ এই জিলাতেই অৱস্থিত লগতে ইয়াত এখন কৃষি মহাবিদ্যালয় আছে ৷ গহপুৰ থানাত স্বাধীনতা আন্দোলনত যুঁজ দি শ্বহীদ হোৱা কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তি স্থাপিত আছে ৷ এই জিলাৰ প্ৰধান শিল্প উদ্যোগসমূহ হল – কাঠ আৰু বাঁহ-বেতৰ উদ্যোগ, চাহপাত আদি ৷ ইয়াত কিছু পৰিমাণে আলু খেতিও কৰা হয় ৷

 

Leave a Reply