দৰং জিলা || দৰং জিলাৰ ইতিহাস

দৰং জিলাৰ সংক্ষিপ্ত বিৱৰণ :

 

দৰং জিলাৰ নামৰ উৎপত্তি
দৰং জিলা  হৈছে ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত এখন জিলা। প্ৰশাসনিক জিলাখনৰ সদৰ স্থান আৰু একমাত্ৰ মহকুমাৰ হৈছে মঙ্গলদৈ। দৰং জিলাৰ দুখন পৌৰ নগৰ হৈছে মংগলদৈ আৰু ছিপাঝাৰ। ১৯৮৩ চনত অবিভক্ত দৰং জিলাৰ বিভাজন হয় আৰু তেজপুৰ মহকুমাক লৈ শোণিতপুৰ জিলা গঠন হয়। পূৰ্বৰ মঙ্গলদৈ মহকুমাক দৰং জিলা নাম দিয়া হয়। ২০০৪ চনত পুনৰ দৰং জিলাৰ এটা অংশৰ পৰা ওদালগুৰি জিলা গঠন কৰা হয়। দৰং জিলাই বৰ্তমান ৩৪৮১ বৰ্গ কিলোমিটাৰ ঠাই অধিকাৰ কৰি আছে।
দৰং  জিলাৰ  নামৰ উৎপত্তি : 
জনমত অনুসৰি ভূটান আৰু অৰুণাচল প্ৰদেশৰ বাসিন্দাসকল যি পথেৰে অসমলৈ অহা-যোৱা কৰিছিল সেই পথসমূহক দ্বাৰম বুলি কোৱা হয় ৷ এই দ্বাৰম শব্দৰ পৰাই দৰং নামটো হোৱা বুলি মত প্ৰকাশ কৰে ৷ পিছলৈ জিলাখনৰ নাম দৰং হয় ৷
দৰং  জিলাৰ ইতিহাস :
পূৰ্বৰ দৰং জিলাৰ পৰা ১৯৮৩ চনত শোণিতপুৰ জিলা আৰু ২০০৪ চনত ওদালগুৰি জিলা পৃথক হয়।
দৰং জিলা এটা ঠেক সমভুমিৰে আগুৰি আছে যি হিমালয় পৰ্বতমালা আৰু অসম ৰাজ্যৰ উত্তৰ পশ্চিম অংশত বৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। দৰং জিলাৰ বৰ্তমানৰ ঠাইখন পুৰণি কামৰূপৰ হিন্দু ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল মহাভাৰতত উৰ্দ্ধিত হিচাবে। ১৬ শতিকাৰ আৰম্ভনিতে যেতিয়া কোঁচ ৰজা নৰনাৰায়ণে এই জিলাখন তেওঁৰ শাসনত সোমাই লয় তেতিয়াৰ পৰাই দৰং ৰ পুৰনি সমল পোৱা যায়। ১৬১৬ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই বিশ্ব বংশৰ বলি নাৰায়নক, ধৰ্মনাৰায়ন নাম দি কোচ ৰাজ্য দৰঙ্গৰ ৰজা পাতে। কোচৰজা সকলৰ ৰাজত্ব কালত দৰঙ্গৰ শাসনকেন্দ্ৰ আছিল মনমোহনপূৰ বা হাউলি আছিল। ১৭৯২ চনৰ ছেপ্তেম্বৰ মাহত দৰঙ্গৰ ৰজা কৃষ্ণ নাৰায়ণ কেপ্তেইন ৱেলছ আৰু লেফটেনেণ্ট উইলিয়ামছৰ নেতৃত্বত যুদ্ধৰ বাবে অহা এদল ইংৰাজ সৈন্যৰ হাতত পৰাজিত হয় আৰু কোম্পানীৰ ব্যৱসায়ীক প্ৰস্তাৱ মানি লবলৈ বাধ্য হয়। কৌশলগতভাৱে ইয়াণ্ডাবু সন্ধিৰ অবৈধ চৰ্ত প্ৰয়োগ কৰি আহোম ৰাজ্য গ্ৰাস কৰাৰ দুবছৰ পাছতে ১৮২২ খ্ৰীঃৰ মাৰ্চ মাহত ইংৰাজে দৰঙ্গ ৰাজ্য নিজৰ অন্তৰ্ভুক্ত কৰে। ১৮৩৫ চনত ইংৰাজসকলে দৰঙ্গৰ প্ৰধান কাৰ্যালয় মঙ্গলদৈত পাতে। ১৮৪৫ চনত দৰং জিলাৰ সদৰ ঠাই মঙ্গলদৈৰ পৰা তেজপুৰলৈ উঠাই আনে আৰু ১৯৮৩ চনলৈ তেজপুৰ খনেই দৰঙ্গৰ সদৰ হৈ থাকে। ১ জুলাই ১৯৮৩ ইং তাৰিখত এতিয়াৰ দৰং জিলা গঠন হৈছিল।
দৰং জিলাৰ চাৰিসীমা :
দৰং জিলাৰ জনসংখ্য়াঃ 
এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ৯,০৮,০৯০ জন।
দৰং জিলাৰ প্ৰধান নদীঃ
ব্ৰহ্মপুত্ৰই হৈছে এই জিলাৰ একমাত্ৰ প্ৰধান নদী।
দৰং জিলাৰ প্ৰধান উপনৈঃ 
ননৈ, মঙলদৈ, ধনশিৰি, বৰনদী, জীয়া, নোৱানৈ, পাঁচনৈ, দিপীলা, বেগা আদি এই জিলাৰ প্ৰধান উপনৈ।
দৰং জিলাৰ বিধানসভা  সমষ্টি : 
দৰং জিলাত মুঠ চাৰিটা বিধানসভা সমষ্টি আছে  ।  সেইসমূহ হৈছে –
১) ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টি।
২) ৬৬ নং ছিপাঝাৰ বিধানসভা সমষ্টি।
৩) ৬৭ নং মঙ্গলদৈ বিধানসভা সমষ্টি।
৪) ৬৮ নং দলগাঁও বিধানসভা সমষ্টি।
দৰং জিলাৰ লোকসভা সমষ্টি :
দৰং জিলাত এটা লোকসভা সমষ্টি আছে।
  •  মংগলদৈ লোকসভা সমষ্টি
 এই জিলাৰ মাজেৰেই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি গৈছে ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডুমুনিচৌকিৰ নাৰিকলী মন্দিৰ আৰু কোঁচ ৰজাৰ ৰাজহাউলীৰ ভগ্নাৱশেষ পৰ্যটকৰ অন্যতম স্থল ৷ ইংৰাজসকলৰ দিনত হোৱা কৃষক বিদ্ৰোহ এই জিলাতেই হৈছিল যাক পথৰুঘাটৰ ৰণ নামেৰে জনা যায় ৷ এই জিলাৰে ছিপাঝাৰ অঞ্চলত দৰঙী কলা-কৃষ্টিৰ চৰ্চা হোৱাৰ লগতে ইয়াত বহুতো ৰজাদিনীয়া পুখুৰীও আছে ৷ ইয়াৰ প্ৰধান শিল্প উদ্যোগসমূহ হল – বাঁহ-বেতৰ সঁজুলি, চাহপাত, মৰাপাট আদি ৷

Leave a Reply