ওদালগুৰি জিলা – ওদালগুৰি ইতিহাস | ওদালগুৰি জিলাৰ উপায়ুক্ত

Udalguri District
ওদালগুৰি জিলা  ভাৰতৰ অংগৰাজ্য অসমৰ ৩৩ খন জিলাৰ ভিতৰত এখন। ওদালগুৰি জিলা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত। ওদালগুৰি নগৰ জিলাখনৰ সদৰ ঠাই। ইয়াৰ মহকুমা ওদালগুৰি আৰু ভেৰগাঁও ৷

  ওদালগুৰি জিলাৰ নামৰ উৎপত্তি :
প্ৰবাদ অনুসৰি এই অঞ্চলটোত এডাল প্ৰকাণ্ড ওদাল গছ আছিল ৷ সেই গছডালৰ নাম অনুসাৰেই ঠাইখনৰ নাম আৰু পাছলৈ জিলাখনৰ নাম ওদালগুৰি হয় ৷

  ওদালগুৰি জিলাৰ ইতিহাস :
ওদালগুৰি জিলা পূৰ্বৰ দৰং জিলাৰ উত্তৰ অংশ লৈ নতুনকৈ গঠন কৰা এখন বড়ো টেৰিটৰিয়েল এৰিয়া ড্ৰিষ্টিক চমুকৈ বি. টি. এ. ডি. জিলা বুলি জনা যায়। কুৰি শতিকাৰ শেষৰ ফালে অসম ৰাজ্যখনক পুনৰগঠন কৰি তিনিখন নতুন জিলা সৃষ্টি কৰা হয়। জিলা তিনি খনৰ নাম হ’ল চিৰাং, বাক্সা আৰু ওদালগুৰি। এনে পুনৰগঠনৰ ফলত ৰাজ্যখনৰ জিলাৰ সংখ্যা ২৩ খনলৈ বৃদ্ধি হয়। ইয়াৰ পাছত অসম চৰকাৰৰ ২০০৩ চনৰ ৩০ অক্টোবৰৰ বিজ্ঞপ্তি নং জিএজি(বি)১৩৭/২০০২/পিটি/১১৭ অনুসৰি “বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল” (Boroland Teritorial Council) চমুকৈ বিটিচি (BTC)-ৰ অধীনত উক্ত নতুন জিলাকেইখনৰ লগতে কোকৰাঝাৰ জিলাক সাঙুৰি ৪ জিলাক বিটিএডিৰ (BTAD)অন্তৰ্ভুক্ত কৰা হয়।
বিটিচি গঠন হোৱাৰ আগলৈকে ওদালগুৰি এখন নগৰ সমিতি আৰু দৰং জিলাৰ এটা মহকুমা আছিল। পিছলৈ বড়ো সংগঠন যেনে বড়ো লিবাৰেচন টাইগাৰচ্‌ (সংক্ষেপে বিএলটি), ভাৰত আৰু অসম চৰকাৰৰ সৈতে ১০ ফেব্ৰুৱাৰী ২০০৩ চনত হোৱা ত্ৰিপক্ষীয় শান্তি চুক্তি মৰ্মে ও ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ সংশোধন কৰাৰ ফলত অঞ্চলটো ওদালগুৰি জিলা হিচাপে বিটিচিৰ অন্তৰ্ভুক্ত হয়।
  ওদালগুৰি জিলাৰ  চাৰিসীমা :
ওদালগুৰি জিলাৰ জনসংখ্যা :
২০১১ চনৰ লোকপিয়ল অনুসৰি ওদালগুৰি জিলাৰ মুঠ জনসংখ্যা ৮,৩২,৭৬৯ জন ইয়াৰে ৪,২৩,৬১৭ জন পুৰুষ আৰু ৪,০৯,১৫২ গৰাকী মহিলা।
ওদালগুৰি জিলাৰ নৈ উপনৈসমূহ হল :
  পাচনৈ, জীয়া ধনশিৰি, মৰা ধনশিৰি, ননৈ, নোৱানৈ, দিপীলা, বৰনদী আদি ৷
ওদালগুৰি জিলাৰ উপায়ুক্ত :
Dr. Sadnek Singh, IAS
Deputy Commissioner
এই জিলাৰ মাজেৰেই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷  ইয়াৰ সীমান্ত অঞ্চলৰ প্ৰাকৃতিক দৃশ্য অতি মনোমহা ৷ ভূটানৰ সীমান্তত মনোৰম প্ৰাকৃতিক পৰিৱেশত ভৈৰব কুণ্ড আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ৷ ভৈৰব কুণ্ডৰ ওচৰেৰে ধনশিৰি নৈ বৈ গৈছে ৷ এই জিলাতেই বৰনদী অভয়াৰণ্য, ৰৌতা সংৰক্ষিত বনাঞ্চল, খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চল অৱস্থিত ৷ ইয়াৰ প্ৰধান শিল্প উদ্যোগসমূহ হল – বাঁহ-বেঁতৰ সঁজুলি, কাঠৰ আচবাব, চাহপাত আদি ৷ ইয়াত প্ৰচুৰ পৰিমাণে কমলা উৎপাদন হয় ৷

Leave a Reply