বৃহস্পতি গ্ৰহ – Jupiter | সূৰ্যৰ পৰা বৃহস্পতিৰ দুৰত্ব

বৃহস্পতি গ্ৰহ

বৃহস্পতি সৌৰজগতৰ বৃহত্তম গ্ৰহ ৷ সূৰ্যৰ পৰা দুৰত্ব অনুসাৰে ইয়াৰ স্থান পঞ্চম ৷ সূৰ্যৰ পৰা বৃহস্পতিৰ গড় দুৰত্ব ৭৭.৮৩ কোটি কিলোমিটাৰ ৷ আয়তনত ই পৃথিৱীৰ তুলনাত ১০০০ গুণে ডাঙৰ ৷ ইয়াৰ ব্যাস ১,৪২,৪০০ কিলোমিটাৰ ৷ বৃহস্পতিয়ে নিজ কক্ষত এপাক ঘুৰিবলৈ ৯ ঘন্টা ৫৫ মিনিট ৩৩ ছেকেণ্ড সময় লয় ৷ ইয়াৰ এই আৱৰ্তনৰ বেগ আন গ্ৰহতকৈ তুলনামূলকভাৱে খৰ ৷ আনহাতে সূৰ্যক এবাৰ প্ৰদক্ষিণৰ বাবে বৃহস্পতিয়ে ৪,৩৩৩ দিন সময় লয় ৷ এই সময় পৃথিৱীৰ সময়ৰ জোখেৰে ১১ বছৰ ৩১৮ দিন ৷
 বৃহস্পতি গ্ৰহটো মেঘৰ কেইটামান ডাঠ তৰপেৰে আৱৰা ৷ গ্ৰহটোৰ গাত ৰঙা দাগটো জ্যোতিৰ্বিজ্ঞানীৰ বাবে অন্যতম আকৰ্ষণীয় বিষয় ৷ শেহতীয়াকৈ পোৱা তথ্যমতে বৃহস্পতিৰ বায়ুমণ্ডলত হাইড্ৰজেনৰ পৰিমাণেই বেছি ৷ অৱশ্যে হিলিয়াম, মিথেন, এম’নিয়া, জলীয় বাষ্প আদিও ইয়াত কিছু পৰিমাণে পোৱা যায় ৷ বৰ্তমানলৈকে আৱিস্কৃত বৃহস্পতিৰ উপগ্ৰহৰ সংখ্যা হল ৬১ ৷ তাৰে কেইটামান হল – আমলথিয়া, গেনিমেডে, আয়’, কেলিষ্ট, ইউৰোপা, লেডা, হিমালিয়া, লাইছিথিয়া, ইলাৰা, আনানকে, কাৰ্মে, পাছিফি, ছিনপ, 1979 J1, 1979 J2, 1979 J3 আদি ৷

সংগ্ৰাহক : মনজিৎ শৰ্মা ৷

Leave a Reply