সূৰ্য | পৃথিৱীৰপৰা সূৰ্যৰ দুৰত্ব

 

সূৰ্য আৰু সৌৰজগত
সূৰ্য আমাৰ সৌৰজগতৰ একমাত্ৰ তথা পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ ৷ সূৰ্যটো অতি তপত গেছৰ এটা বাষ্পপিণ্ড ৷ ইয়াৰ ব্যাস ১৩,৮৩,৯১৭ কিলোমিটাৰ (পৃথিৱীৰ ১০৯ গুণ) ৷ সূৰ্য অনন্ত মহাশূন্যত ভাসমান এক সুবিশাল জ্বলন্ত গেছীয়া পিণ্ড ৷ ইয়াৰ বয়স ৪৫০ কোটি বছৰ বুলি ঠাৱৰ কৰা হৈছে ৷ সূৰ্যটো ৯০ শতাংশ হাইড্ৰ’জেন, ৮ শতাংশ হিলিয়াম আৰু ২ শতাংশ আন গধুৰ মৌলৰে গঠিত ৷ অভ্যন্তৰত থকা হাইড্ৰ’জেনভাগ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত হিলিয়ামলৈ পৰিৱৰ্তিত হয় আৰু এই বিক্ৰিয়াই সূৰ্যক বিপুল শক্তিৰ অধিকাৰী কৰি তুলিছে ৷
 পৃথিৱীৰপৰা সূৰ্যৰ দুৰত্ব ১৪.৬২ কোটি কিলোমিটাৰ ৷ সৌৰজগতৰ আন আন গ্ৰহৰ দৰে সুৰ্যৰো গতি আছে ৷ ২৫ দিন ৯ ঘন্টা ৭ মিনিটত ই নিজ অক্ষৰ ওপৰত আৱৰ্তন কৰাৰ উপৰি মহাকাশতে নিৰ্দিষ্ট দিশত গতি কৰে ৷ তদুপৰি সূৰ্য আৰু ইয়াৰ চুবুৰীয়া তৰাৰ থুপটোৱে হাতীপটিৰ গতিৰ বাবে হাতীপটিৰ কেন্দ্ৰৰ চাৰিওফালে ঘূৰে ৷ সৌৰজগতৰ শক্তিৰ আধাৰ হৈছে সূৰ্য ৷ সূৰ্যৰ শক্তিৰ অবিহনে কোনো জীৱ-জন্তু, গছ-গছনি, জীয়াই থকা সম্ভৱ নহয় ৷ সূৰ্যৰ ৰশ্মিৰ বৰ্ণালী-বিশ্লষণ প্ৰক্ৰিয়াৰপৰা জানিব পৰা গৈছে যে পৃথিৱীত যিবোৰ মৌলিক পদাৰ্থ আছে তাৰ অধিকাংশই সূৰ্যৰ অভ্যন্তৰত গেছীয় অৱস্থাত আছে ৷

সংগ্ৰাহক : মনজিৎ শৰ্মা ।

7 thoughts on “সূৰ্য | পৃথিৱীৰপৰা সূৰ্যৰ দুৰত্ব”

  1. নিশ্চয়, আপোনালোকৰ সহাৰি পালে আগলে আৰু ন ন তথ্য আগবঢ়াই যাম ।

    Reply

Leave a Reply