শুক্ৰ গ্ৰহ -সূৰ্যৰ পৰা শুক্ৰৰ গ্ৰহ দুৰত্ব

 শুক্ৰৰ গ্ৰহ

 

সূৰ্যৰ পৰা দুৰত্ব অনুসাৰে সৌৰমণ্ডলত শুক্ৰ গ্ৰহৰ স্থান দ্বিতীয় ৷ ইয়াৰ ব্যাস প্ৰায় ১২,৩১০ কিলোমিটাৰ ৷ শুক্ৰ গ্ৰহই নিজ অক্ষত এবাৰ ঘুৰিবলৈ ২২৪.৭ পৃথিৱী-দিন সময় লয় ৷ শুক্ৰ গ্ৰহই আন গ্ৰহবোৰৰ বিপৰীত দিশতহে ঘুৰে ৷ সূৰ্যৰ পৰা শুক্ৰ গ্ৰহৰ গড় দুৰত্ব প্ৰায় ১০.৭৬ কোটি কিলোমিটাৰ ৷
শুক্ৰ গ্ৰহৰ পৃষ্ঠত অতি সঘনে ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ, বজ্ৰপাত আদি হৈ থাকে ৷ ইয়াৰ আকাশত দিনটো সূৰ্য দেখা নাযায় ৷ ৰঙচুৱা বৰণৰ শুক্ৰৰ আকাশত আনকি কোনো নক্ষত্ৰয়ো ৰাতি দেখা নিদিয়ে ৷ যথেষ্ঠ পৰিমাণে কাৰ্বন-ডাই-অক্সাইড থকা বাবে গ্ৰহটো অতি উষ্ম ৷ শেহতীয়াকৈ শুক্ৰ গ্ৰহত জীৱৰ স্থিতি সম্পৰ্কে কিছু সন্দেহজনক তথ্য পোৱা গৈছে ৷ শুক্ৰৰ কোনো উপগ্ৰহ নাই ৷

সংগ্ৰাহক : মনজিৎ শৰ্মা ৷

Leave a Reply