শনি গ্ৰহ || শনি গ্ৰহৰ উপগ্ৰহ

শনি  গ্ৰহ

 

শনি সৌৰজগতৰ ষষ্ঠ গ্ৰহ ৷ আকাৰৰ ফালৰপৰা ইয়াৰ স্থান বৃহস্পতিৰ পিছতে ৷ ইয়াৰ ব্যাস প্ৰায় ১,১৯,৮৪০ কিলোমিটাৰ ৷ শনি গ্ৰহয়ে নিজ কক্ষত এবাৰ ঘুৰিবলৈ ১০ ঘন্টা ৩৯ মিনিট ৩০ ছেকেণ্ড সময় লয় ৷ সেইদৰে সূৰ্যক এবাৰ প্ৰদক্ষিণৰ বাবে ইয়াক ২৯.৪৬ পৃথিৱী-বছৰ সময় লাগে ৷ শনি গ্ৰহটোৰ বিশেষত্ব হল ইয়াক আগুৰি থকা আঙঠি বা বলয়বোৰ ৷ ভয়েজাৰ ১ য়ে শনি গ্ৰহৰ বিখ্যাত তিনিটা বলয় আৱিস্কাৰ কৰিছে ৷ বলয়বোৰ হাজাৰ হাজাৰ ঘূৰ্ণীময় পকোৱা ফিটাৰ দৰে বস্তুৰ দ্বাৰা তৈয়াৰী যাৰ গভীৰতা মাত্ৰ ১০০ ফুট ৷ ঘাইকৈ বৰফ আৰু শিলেৰে গঠিত এই বলয়বোৰ অদ্যপি সৌৰজগতৰ পৰম বিস্ময় ৷ শনি গ্ৰহটো গোটমৰা জুলীয়া হাইড্ৰজেনেৰে গঠিত ৷ গ্ৰহটোৰ অন্তৰ্ভাগত কি আছে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই ৷ কিন্তু ই সৌৰজগতৰ আটাইতকৈ কম ঘনত্বৰ গ্ৰহ ৷ গ্ৰহটো ইমানেই পাতল যে আনকি পানীটো ই ওপঙি থাকিব বুলি বিশ্বাস কৰা হৈছে ৷

 শনি গ্ৰহৰ উপগ্ৰহ

শনি গ্ৰহৰ ৬২টা উপগ্ৰহ আছে। তাৰে ভিতৰৰ ৫৩টাৰ আনুষ্ঠানিক নামকৰণ কৰা হৈছে। টাইটান উপগ্ৰহটো সবাতোকৈ বৃহৎ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সৈতে তুলনা কৰিলে ইয়াৰ ব্যাস প্ৰায় ১৪৮% ডাঙৰ।

উপগ্ৰহসমূহৰ নাম :

  • S/2009 S 1
    পেন (Pan)
    ড্যাফণিছ (Daphnis)
    এটলাছ (Atlas)
    প্ৰমিথিউছ (Prometheus)
    পাণ্ডৰা (Pandora)
    এপিমেথিউছ (Epimetheus)
    জেনাছ (Janus)
    এগিয়ন (Aegaeon)
    মাইমাছ (Mimas)
    মেথোন (Methone)
    এন্থে (Anthe)
    পেলেন (Pallene)
    এনচেলাডাছ (Enceladus)
    টেথিছ (Tethys)
    টেলেষ্টো (Telesto)
    কেলিপ্সো (Calypso)
    ডাইয়ন (Dione)
    হেলেন (Helene)
    পলিডিউচেছ (Polydeuces)
    ৰিয়া (Rhea)
    টাইটান (Titan)
    হাইপেৰিয়ন (Hyperion)
    আইয়াপেটাছ (Iapetus)
    কিভিউক (Kiviuq)
    ইজিৰাক (Ijiraq)
    ফোৱ (Pheobe)
    পালিআক (Paaliaq)
    স্কাথি (Skathi)
    এলবাইয়োৰিস্ক (Albiorix)
    এস/২০০৭ এস ২ (S/2007 S 2)
    বেভিওন (Bebhionn)
    এৰিয়াপাছ (Erriapus)
    স্কল (Skoll)
    ছিয়াৰনাক (Siarnaq)
    তাৰ্কেক (Tarqeq)
    এস/২০০৪ এস ১৩ (S/2004 S 13)
    গ্ৰেয়িপ (Greip)
    হাইৰোক্কিন (Hyrrokkin)
    জাৰনছাক্সা (Jarnsaxa)
    তাৰভছ (Tarvos)
    মানডিলফাৰি (Mundilfari)
    এস/২০০৬ এস ১ (S/2006 S 1)
    এস/২০০৪ এস ১৭ (S/2004 S 17)
    বাৰ্গেলমিৰ (Bergelmir)
    নাৰ্ভি (Narvi)
    এস/২০০৪ এস ১২ (S/2004 S 12)
    ফাৰবাউটি (Farbauti)
    থ্ৰাইমৰ (Thrymr)
    এজিৰ (Aegir)
    এস/২০০৭ এস ৩ (S/2007 S 3)
    বেষ্টলা (Bestla)
    এস/২০০৪ এস ৭ (S/2004 S 7)
    এস/২০০৬ এস ৩ (S/2006 S 3)
    ফেনৰিৰ (Fenrir)
    সুৰতুৰ (Surtur)
    কাৰি (Kari)
    ইমিৰ (Ymir)
    লোগে (Loge)
    ফোৰ্নজোট (Fornjot)
ইয়াৰে টাইটান নামৰ উপগ্ৰহটো আটাইতকৈ ডাঙৰ ৷ ইয়াত জীৱনৰ উপস্থিতিৰ বাবে অপৰিহাৰ্য নাইট্ৰ’জেন, জলবায়ু আৰু হাইড্ৰ’কাৰ্বন আছে ৷ কিন্তু ইয়াত কোনো জীৱৰ সন্ধান এতিয়ালৈকে পোৱা নাই ৷

 

Leave a Reply