বুধ গ্ৰহ – Mercury

Mercury

 

সৌৰজগতৰ গ্ৰহবিলাকৰ ভিতৰত সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ ৷ আকাৰত ই পৃথিৱীতকৈ সৰু ৷ বুধ গ্ৰহ ব্যাস প্ৰায় ৪,৮৫১ কিলোমিটাৰ ৷ ই নিজ মেৰুদণ্ডৰ ওপৰতে এবাৰ ঘুৰিবলৈ ৫৮.৫৫ পৃথিৱী-দিন সময় লয় ৷ সূৰ্যৰপৰা গড় দুৰত্ব প্ৰায় ৫,৭৫,৬৪,০০০ কিলোমিটাৰ ৷ ইয়াৰ পৃষ্ঠভাগ শিলাময়, শুকান ৷ ইয়াৰ ঠায়ে ঠায়ে বহল সমভূমি, থিয় গৰা আৰু দ ফাঁক আদিও পোৱা যায় ৷
দিনৰ ভাগত বুধৰ তাপমাত্ৰা অত্যাধিক (প্ৰায় ৩৪২ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত) হয় ৷ সেইদৰে ৰাতি ঠাণ্ডাও (১৯৩ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত) হয় ৷ ইয়াৰ কক্ষপথ অতি উপবৃত্তাকাৰ ৷ সূৰ্যৰ নিচেই ওচৰত থকা কাৰণে ইয়াক সহজে দেখা নাযায় ৷ দেখাত ই কান্তিমান তৰাৰ দৰে উজ্জ্বল, ৰং সুমথিৰা বৰণৰ ৷ নিচেই সৰু আৰু অত্যন্ত উষ্ণ হোৱা বাবে ইয়াত কোনো প্ৰকাৰৰ বায়ুমণ্ডল থকাটো প্ৰায় অসম্ভৱ ৷ কোনো কোনো বিজ্ঞানীৰ মতে ইয়াত নিচেই কম পৰিমাণৰ হাইড্ৰ’জেন, আৰ্গন, নিয়ন আদি গেছ আছে ৷ পিছে এই গেছো উচ্চ উষ্ণতাৰ বাবে নিমিষতে প্ৰায় নোহোৱা হৈ যায় ৷ বুধৰ কোনো উপগ্ৰহ নাই ৷

সংগ্ৰাহক : মনজিৎ শৰ্মা ৷

Leave a Reply