বাক্সা জিলা – বাক্সা জিলাৰ ইতিহাস

বাক্সা জিলাৰ ইতিহাস
বাক্সা জিলা অসমৰ ৩৩ খন প্ৰশাসনিক জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান হৈছে মুছলপুৰ। বাক্সা জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়।
বাক্সা জিলাৰ  নামৰ উৎপত্তি :  
“বাক্সা” নামটো কোনো কোনো লোকে “বাগ্‌ছা” বুলিও কয়। সম্ভৱতঃ এই নামটো ঠেক পথ বুজোৱা ভূটানী শব্দ “বাংছা” শব্দৰ পৰা আহিছে, কাৰণ ভূটানৰ ৰজা বা সাধাৰণ মানুহে এই অঞ্চলেৰেই পাহাৰ-ভৈয়ামৰ মাজত যাতায়ত কৰিছিল। আনহাতে বড়ো সূত্ৰৰ মতে “বাগ্‌ছা” নামৰ ধান শস্যৰ পৰাহে এই নামটো আহিছে কিন্তু কোচ জাতিৰ ভাষাৰ পৰা জনা যায় বাকছা -কথা কোৱআ আৰু গাহুৰি পুৱআলি হে আছিল।
বাক্সা জিলাৰ ইতিহাস :
২০০৩ চনৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বি টি চি চুক্তিমতে অসমত চাৰিখন জিলা- কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওডালগুৰিৰে বড়োলেণ্ড স্বায়ত্ব শাসিত অঞ্চল স্থাপিত হয়। বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং জিলাৰ অংশৰে বাক্সা জিলাৰ সৃষ্টি কৰা হৈছে। ২০০৩ চনৰ অক্টোবৰত ইয়াৰ ঘোষণা কৰা হয় আৰু ২০০৪ চনৰ ১ জুনৰ পৰা আনুষ্ঠানিকভাৱে কাম-কাজৰ আৰম্ভণি হয়।  বাক্সা জিলাৰ  প্ৰথম উপায়ুক্ত আছিল ড: আনোৱাৰুদ্দিন চৌধুৰী।

 

বাক্সা জিলাৰ  চাৰিসীমা :

 

বাক্সা জিলাৰ জনসংখ্যা   :
২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি বাক্সা জিলাৰ জনসংখ্যা ৯৫৩,৭৭৩ জন।
বাগছাৰ মহকুমা হল – মুচলপুৰ, তামুলপুৰ আৰু শালবাৰী ৷
এই জিলাৰ মাজেৰেই ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো গৈ ভূটানত সোমাইছে আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ইয়াৰ কাষেৰে গৈছে ৷
জিলাখনৰ অন্য এক আন্তঃৰাষ্ট্ৰীয় আকৰ্ষণস্থলী হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান(ককিলাবাৰী সংৰক্ষিত বনাঞ্চল ইয়াৰ অন্তৰ্গত) ৷ ইয়াৰ প্ৰধান নৈ-উপনৈসমূহ হল – পহুমৰা, টিহু, মৰা পাগলাদিয়া, মৰা মানাহ, বৰলীয়া আৰু পুঠিমাৰী ৷ জিলাখনত প্ৰচুৰ পৰিমাণে শাক-পাচলি উৎপাদন কৰা হয় ৷ জিলাখন বেপাৰ-বাণিজ্যৰ বাবে বিখ্যাত ৷ ইয়াৰ প্ৰধান শিল্প-উদ্যোগসমূহ হল – বাঁহ-বেঁতৰ সঁজুলি, মৰাপাট, কাঠৰ সামগ্ৰী আৰু মাটিৰ বাচন নিৰ্মাণ ৷ এই জিলাতেই নাগ্ৰিজুলি চাহ বাগিছা   অৱস্থিত ৷

Leave a Reply