প্লুটো – সূৰ্যৰ পৰা প্লুটো দূৰত্ব

প্লুটো
সৌৰজগতৰ আঠটা গ্ৰহৰ উপৰি প্লুটোকো ১৯৩০ চনৰ পৰা সৌৰজগতৰ অন্যতম গ্ৰহৰূপে ধৰা হৈছিল ৷ কিন্তু ২০০৬ চনৰ ২৪ আগষ্টত চেক প্ৰজাতন্ত্ৰৰ ৰাজধানী প্ৰাগত ২৫০০ বিজ্ঞানীৰ উপস্থিতিত অনুষ্ঠিত ‘ইন্টাৰনেচনেল এষ্ট্ৰোনমিকেল ইউনিয়ন’ৰ সভাত সবিশেষ আলোচনা আৰু পৰৱৰ্তী পৰ্যায়ৰ ভোটৰ জৰিয়তে প্লুটোক পূৰ্ণগ্ৰহ নহয়, বামন গ্ৰহৰূপেহে স্বীকৃতি দিয়া হয় ৷ সেয়ে তেতিয়াৰপৰা সৌৰজগতৰ গ্ৰহৰ সংখ্যা হয়গৈ আঠ ৷ প্লুটোৰ উপৰি সৌৰজগতৰ আৰু তিনিটা বামন গ্ৰহ আছে ৷ সেইকেইটা হল – চেৰেছ, চাৰণ আৰু জেনা ৷
প্লুটোৰ অৱস্থান সূৰ্যৰ পৰা যথেষ্ঠ দূৰত্ব প্ৰায় ৫৯০ কোটি কিলোমিটাৰ ৷ প্ৰায় ৩,০৪০ কিলোমিটাৰ ব্যাসৰ প্লুটোৱে নিজ কক্ষত এবাৰ ঘুৰিবলৈ প্ৰায় ৬ দিন ৯ ঘন্টা সময় লয় ৷ আনহাতে সূৰ্যক এবাৰ প্ৰদক্ষিণৰ বাবে ইয়াক সময় লাগে ২৪৯ পৃথিৱী-বছৰ ৷ বিজ্ঞানীসকলৰ মতে প্লুটো শিল আৰু হিমায়িত পানীৰে গঠিত ৷ বামন গ্ৰহটোৰ ঘনত্বও আন গ্ৰহৰ তুলনাত যথেষ্ঠ বেছি ৷ প্লুটোৰ কক্ষপথ অতি দীঘলীয়া আৰু হেলনীয়া ৷ ইয়াৰ আকাশৰ বতাহৰ শতকৰা ৭৮ ভাগেই নাইট্ৰ’জেন গেছ ৷

সংগ্ৰাহক : মনজিৎ শৰ্মা ৷

Leave a Reply