পৃথিৱী – সূৰ্যৰ পৰা পৃথিৱীৰ দুৰত্ব

পৃথিৱী
সৌৰজগতৰ আটাইকেইটা গ্ৰহৰ ভিতৰত আকাৰৰ ক্ষেত্ৰত পৃথিৱীৰ স্থান মধ্যম ৷ সূৰ্যৰ পৰা দুৰত্ব অনুসাৰে পৃথিৱীৰ স্থান তৃতীয় ৷ সূৰ্যৰ পৰা ইয়াৰ গড় দুৰত্ব ১৪.৯৬ কোটি কিলোমিটাৰ ৷ পৃথিৱীয়ে নিজ কক্ষত আৱৰ্তন কৰিবৰ বাবে ২৩ ঘন্টা ৫৫ মিনিট ৪.০১ ছেকেণ্ড সময় লয় ৷ আনহাতে ই সূৰ্যৰ চাৰিওফালে এপাক ঘুৰিবলৈ প্ৰায় ৩৬৫ দিন ৬ ঘন্টা ৯ মিনিট ১০ ছেকেণ্ড সময় লয় ৷
পৃথিৱীৰ পৃষ্ঠভাগ টান শিলেৰে গঠিত যদিও তাৰ ওপৰত মাটি বা পানী পোৱা যায় ৷ এই শিলৰ খোলাটোৰ তলত পৃথিৱীৰ কেন্দ্ৰভাগ ক্ৰমান্বয়ে তপত ৷ পৃথিৱীৰ বায়ুমণ্ডলত যথেষ্ঠ পৰিমাণে অম্লজান পোৱা যায় ৷ তদুপৰি কাৰ্বন-ডাই-অক্সাইড, জলীয় বাষ্প আৰু আন আন গেছো পৃথিৱীৰ বায়ুমণ্ডলত আছে ৷ স্বাভাৱিক তাপমাত্ৰ, অক্সিজেন আৰু পানীৰ উপস্থিতিৰ বাবে পৃথিৱীয়েই সৌৰজগতৰ একমাত্ৰ গ্ৰহ য’ত জীৱৰ বসবাস সম্ভৱ হৈছে ৷ চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ ৷ পৃথিৱীৰ আকৃতি সম্পূৰ্ণ গোলাকাৰ নহয়, সুমথিৰা এটাৰ নিচিনা ৷ ইয়াৰ দক্ষিণ মেৰুটো উত্তৰ মেৰুৰ তুলনাত ৪৪.৭ মিটাৰ কেন্দ্ৰৰ ফালে ঢাপখোৱা ৷ সেইদৰে ইয়াৰ উত্তৰ মেৰুটোও ১৮.৯ মিটাৰ ওপৰলৈ উঠঙা হৈ থাকে ৷ পৃথিৱীৰ বিশাল আয়তনৰ পৰিপ্ৰেক্ষিতত এই সৰু সৰু ব্যতিক্ৰমবোৰ আপাত দৃষ্টিত তেনেই নগণ্য যেন লাগিলেও বিজ্ঞানীসকলৰ সুক্ষ্ম পৰ্যবেক্ষন দৃষ্টিত হৈ নিঃসন্দেহে গুৰুত্বপূৰ্ণ সমল ৷ পৃথিৱীৰ মুঠ পৃষ্ঠকালি ৫১,০১,০০,৫০০ বৰ্গ কিলোমিটাৰ ৷ ইয়াৰে জলভাগৰ কালি ৩৬,১১,৪৯,৭০০ বৰ্গ কিলোমিটাৰ আৰু স্থলভাগৰ কালি ১৪,৮৯,৫০,৮০০ বৰ্গ কিলোমিটাৰ ৷

সংগ্ৰাহক : মনজিৎ শৰ্মা ৷

Leave a Reply