নেপচুন

নেপচুন

 

সূৰ্যৰ পৰা নেপচুনৰ গড় দূৰত্ব ৪৪১.৯২ কোটি কিলোমিটাৰ ৷ দূৰৱীক্ষণ যন্ত্ৰৰ অবিহনে ইয়াক লক্ষ্য কৰা নাযায় ৷ কিন্তু ইয়াৰ আৱিস্কাৰ কৰা হৈছিল গণনাৰ দ্বাৰাহে ৷ ইয়াৰ ব্যাস ৪৮,৯৬০ কোটি কিলোমিটাৰ ৷ নেপচুনে নিজ কক্ষত এবাৰ ঘুৰিবলৈ প্ৰায় ১৬ ঘন্টা ৬ মিনিট ৩৬ ছেকেণ্ড সময় লয় ৷ সেইদৰে সূৰ্যৰ চাৰিওফালে এবাৰ ঘুৰিবলৈ ইয়াক ১৬৫ পৃথিৱী-বছৰ সময় লাগে ৷ বিজ্ঞানীসকলৰ সিদ্ধান্ত অনুসৰি নেপচুনৰ গঠন দুতৰপীয়া ৷ ভিতৰৰ তৰপটো শিল আৰু বৰফৰ ৷ আনহাতে বাহিৰৰ তৰপটো হল হাইড্ৰ’জেন আৰু হিলিয়ামৰ ৷
 নেপচুন গ্ৰহটো নীলা-সেউজীয়া বৰণৰ ৷ এই কথাৰ পৰা বিজ্ঞানীসকলে এই সিদ্ধান্তলৈ আহিছে যে নেপচুনৰ বায়ুমণ্ডল হাইড্ৰ’জেন আৰু মিথেন গেছেৰে ভৰা ৷ বৰ্তমানলৈ নেপচুনৰ ১৩ টা উপগ্ৰহৰ সন্ধান পোৱা গৈছে ৷ ইয়াৰ ভিতৰত ট্ৰাইটান নামৰ বৰ্ণময় উপগ্ৰহটো এতিয়াও জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে এক ৰহস্য হৈয়েই আছে ৷ ইয়াৰ উপৰি নেপচুনৰ আন কেইটামান উপগ্ৰহ হল – নায়েড, থেলাছা, ডেছপিনা, গেলাটিয়া, লাৰিছা, প্ৰটিয়াছ, নিৰেড আদি ৷ আৱিস্কাৰৰ পিছৰে পৰা এতিয়ালৈকে নেপচুনে সূৰ্য পৰিভ্ৰমণ এবাৰহে কৰিছে, যোৱা ২০১০ চনত ৷

সংগ্ৰাহক : মনজিৎ শৰ্মা ৷

Leave a Reply