নলবাৰী জিলা

নলবাৰী জিলাৰ ইতিহাস
নলবাৰী অসমৰ এখন প্ৰশাসনিক জিলা। পূৰ্বতে কামৰূপ জিলাৰ মহকুমা হিচাপে চিহ্নিত নলবাৰীক ১৯৮৫ চনত জিলা হিচাপে ঘোষণা কৰা হয়। ইয়াৰ মহকুমা হল – নলবাৰী, মুকালমুৱা, টিহু ৷ 

নলবাৰী জিলাৰ নামৰ উৎপত্তি :

জনমত অনুসৰি ঠাইখন নল, বিৰিণা, খাগৰি আদিৰে ভৰি আছিল বাবে নলবাৰী নাম হয় ৷ পিছলৈ সেই নামেৰেই জিলাখনৰ নাম নলবাৰী হয় ৷
 
নলবাৰী জিলাৰ  ইতিহাস : 
পোন প্ৰথমতে নলবাৰী কামৰূপ জিলাৰ এক মহকুমা আছিল। ১৯৬৭ চনৰ ১ এপ্ৰিলত অসম চৰকাৰে নলবাৰীক মহকুমা ৰূপে প্ৰশাসনিক দয়িত্ব প্ৰদান কৰে। ১৯৮৫ চনৰ ১৪ আগষ্টৰ পৰা নলবাৰীক জিলা হিচাপে ঘোষণা কৰা হয়।
নলবাৰী জিলাৰভৌগোলিক বিৱৰণ : 
জিলাখনৰ মাটিকালি হৈছে ৯৯৯.৯০ বৰ্গ কিঃমিঃ। ২০০১ চনৰ লোকপিয়ল মতে জিলাখনৰ মুঠ জনসংখ্যা ১১৩৮১৮৪ জন।  বাৰ্ষিক বৃষ্টিপাত হৈছে ১৫০০ মিঃমিঃ আৰু গড় আৰ্দ্ৰতা ৮০%।
 
নলবাৰী জিলাৰ  চাৰিসীমা :
এই জিলাৰ মাজেৰেই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷
নলবাৰী জিলাৰ নৈ উপনৈসমূহ হল  : ব্ৰহ্মপুত্ৰ, বৰলীয়া, টিহু, মৰা পাগলাদিয়া, বুঢ়াদিয়া ৷
 নলবাৰীৰ বেলশৰত থকা বিখ্যাত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় পৰ্যটকসকলৰ অন্যতম আকৰ্ষণস্থলী ৷ এই জিলাৰে নাথকুছিত এটা পলিয়েষ্টাৰ উদ্যোগ আছে ৷ জিলাখনৰ জনবসতি ঘন আৰু ইয়াত ধানৰ ভাল ব্যৱসায় চলে ৷ ইয়াৰ প্ৰধান শিল্প উদ্যোগসমূহ হল – বাঁহ-বেতৰ সামগ্ৰী, পলিয়েষ্টাৰ উদ্যোগ আৰু নাৰিকলৰ আঁহৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী আদি ৷

Leave a Reply