চিৰাং জিলা || চিৰাং জিলাৰ ইতিহাস

চিৰাং জিলাৰ ভৌগোলিক অৱস্থিতি

চিৰাং জিলা  ভাৰতবৰ্ষৰ অন্তৰ্গত অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত আৰু বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত চাৰিখন জিলাৰ এখন। ২০০৪ চনত কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাৰ অংশবিশে সাঙুৰি চিৰাং জিলা গঠন কৰা হৈছিল।

চিৰাং জিলাৰ নামৰ উৎপত্তি :
এই জিলা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত। ব্ৰহ্মপুত্ৰ নদীৰ নামনি উপত্যকাৰ সমভূমি ভূ-ভাগেৰে এই জিলা গঠিত। গাৰো ভাষাৰ শব্দ চি (অৰ্থ: পানী) আৰু ৰাং (অৰ্থ: সম্পত্তি), মিলি জিলাখনৰ নাম চিৰাং হোৱা বুলি কোৱা হয়।
 
চিৰাং জিলাৰ ইতিহাস : 
চিৰাং জিলা আনুষ্ঠানিক ভাৱে গঠন হয় ২০০৪ চনৰ ৪ জুন তাৰিখে। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেছন টাইগাৰ্ছ (বি.এল.টি)-ৰ মাজত সম্পন্ন হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি বড়ো অধ্যুযিত ৩০৮২খন গাঁও সাঙুৰি ‘বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি)’ গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। আৰু এই সমূহ গাঁওক সংলগ্ন কৰি চাৰিখন জিলা গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত মৰ্মেই ৩০ অক্টোবৰ, ২০০৩ তাৰিখৰ নিৰ্দেশ মৰ্মে (নিৰ্দেশ নং- GAG(B). 137/2002/Pt/117) ভাৰতৰ সংবিধানৰ ৩৩২ নং ছেদৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত হিচাপে চিৰাং জিলা গঠন কৰা হয় ২০০৪ চনৰ ৪ জুন তাৰিখৰ পৰা জিলা হিচাপে চিৰাঙৰ কাম-কাজ আৰম্ভ কৰা হয়।
জিলা হিচাপে গঠিত হোৱাৰ আগেয়ে চিৰাং জিলাৰ ভূ-ভাগ কোকৰাঝাৰ, বঙাইগাওঁ আৰু বৰপেটা জিলাৰ মাজত বিভাজিত হৈ আছিল। জিলা খনত ৰাজ্যৰ দ্বিতীয়তো ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্প BRPL অৱস্থিত।
চিৰাং জিলাৰ ভৌগোলিক অৱস্থিতি :
 জিলাখনৰ মুঠ মাটিকালি ১,৯২৩ বৰ্গ কি.মি.।
  চিৰাং জিলাৰ জিলাৰ  চাৰিসীমা :


 চিৰাং জিলাৰ  মহকুমা চিৰাং আৰু  কাজলগাঁও এই জিলাৰ সদৰ ৷
২০১১ চনৰ লোকপিয়ল অনুসৰি চিৰাং জিলাৰ মুঠ জনসংখ্যা ৪,৮২,১৬২ জন। চিৰাং জিলা অসমৰ দ্বিতীয়খন সৰ্বনিম্ন জনবসতিৰ জিলা।
 
 

 

    চিৰাং জিলাৰ ৰাজহ চক্ৰ: ৩ টা
   চিৰাং জিলাৰ  ৰাজহ গাঁও: ৪৭৯ খন

 

 

 এই জিলাতেই হাগ্ৰামা সেতু আৰু ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷ ইয়াৰ নৈ উপনৈসমূহ হল – চম্পাৱতী, মানাহ আৰু আই ৷ চিৰাঙৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান বিশেষকৈ বাঘ আৰু এশিঙীয়া গঁড় সংৰক্ষণ প্ৰকল্পৰ বাবে বিখ্যাত ৷ ইয়াৰ প্ৰধান শিল্প-উদ্যোগসমূহ হল – বাঁহ-বেতৰ সঁজুলি, কাঠৰ সঁজুলি আৰু মাটিৰ সামগ্ৰী নিৰ্মাণ ৷

Leave a Reply