কামৰূপ মহানগৰ জিলা – Kamrup Metropolitan

কামৰূপ মহানগৰ জিলাৰ সংক্ষিপ্ত বিৱৰণ :

 

 

কামৰূপ মহানগৰ জিলাৰ ইতিহাস
কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন।
কামৰূপ মহানগৰ জিলাৰ   ইতিহাস
কামৰূপ মহানগৰ জিলাখন ২০০৩ চনৰ ৩ ফেব্ৰুৱাৰীত পুৰণি কামৰূপ জিলাখনক দুভাগত বিভক্ত কৰি গঠন কৰা হয়।
কামৰূপ জিলাৰ নামৰ উৎপত্তি :
কামৰূপ নামৰ উৎপত্তি সংক্ৰান্তত পুৰাণত এটা আখ্যান আছে। আখ্যানটো মতে দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা-সম্পত্তি নাইকিয়া টোকোনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে। কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হ’লগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৰ্তসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হ’ল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমণ কৰি তাণ্ডব নৃত্য আৰম্ভ কৰিবলৈ ধৰিলে। মহাদেৱে তাণ্ডৱ নৃত্য কৰিলে পৃথিৱী ধ্বংস হ’ব। সেয়ে বিষ্ণুই বুদ্ধি কৰি মহাদেৱক শান্ত কৰিবৰ বাবে সতীৰ দেহটোক কাটিবলৈ তেওঁৰ অস্ত্ৰ সুদৰ্শন চক্ৰ পঠাই দিলে। শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ’ল। য’তেই এনে অংশ পৰিল, তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ যোনীভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ’ল। এসময়ত মৃতদেহটো নাইকিয়া হ’ল আৰু মহাদেৱ গভীৰ ধ্যানত মগ্ন হ’ল। বহু দিন পাৰ হৈ গ’ল। দেৱকুলত হাহাকাৰ লাগিল। মহাদেৱ সংহাৰৰ গৰাকী। তেওঁৰ অবিহনে পৃথিৱীত কোনো মানুহৰ মৃত্যু নোহোৱা হ’ল। কিন্তু ধ্বংস নহ’লে সৃষ্টি কেনেকৈ হব? দেৱতাসকলে প্ৰেমৰ দেৱতা কামদেৱক পৃথিৱীলৈ পঠিয়ালে মহাদেৱৰ ধ্যান ভঙ্গ কৰিবলৈ। কামদেৱ আহিল আৰু তেওঁৰ দেহলৈ মদনৰ পঞ্চশৰ মাৰি পঠিয়ালে। মহাদেৱৰ ধ্যান ভঙ্গ হ’ল। প্ৰচণ্ড খঙত তেওঁ তৃতীয় নয়নেৰে অগ্নি বৰষি কামদেৱক ঠিতাতে ভষ্ম কৰি পেলালে। এইবাৰ কামদেৱৰ পত্নী ৰতিদেৱীয়ে স্বামীক জীয়াই তুলিবলৈ মহাদেৱক কাতৰ প্ৰাৰ্থনা জনালে। লাহে লাহে মহাদেৱৰ ক্ৰোধবহ্নি নিৰ্বাপিত হ’ল আৰু কামদেৱক পুনৰ জীৱন দান দিলে। যি ভূমিত কামদেৱে পুনৰ্জীৱন বা পুনৰ ৰূপ ঘূৰাই পাইছিল, সেই ভূমি পাছলৈ কামৰূপ নামেৰে জনাজাত হৈছিল।
পূৰ্বৰেপৰা অসমৰ উত্তৰ পূৰ্বাঞ্চলক কামৰূপ নামেৰে জনা গৈছিল ৷ কালক্ৰমত এই কামৰূপ নামেৰেই জিলাখনৰ নাম হয়গৈ ৷
কামৰূপ  মহানগৰ জিলাৰ  ভৌগোলিক বিৱৰণ  : 
কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত।[3] জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে।
কামৰূপ জিলাৰ  মহানগৰ জিলাৰ  চাৰিসীমা :
 
কামৰূপ জিলাৰ  মহানগৰ জিলাৰ জনগাঁথনি :
২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ১২,৫৩,৯৩৮ জন।  জনসংখ্যাৰ দিশৰপৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৩৮৪তম।   ২০০১-২০১১ চনৰ কলছোৱাত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৮.৩৪%।
কামৰূপ জিলাৰ  মহানগৰ জিলাৰ মহকুমা  : গুৱাহাটী
কামৰূপ মহানগৰ জিলা  ৰাজহ চক্ৰ : ৫ (পাঁচটা) সোণাপুৰ আৰ চি, গুৱাহাটী আৰ চি, আজাৰা আৰ চি, চন্দ্ৰপুৰ আৰ চি, দিছপুৰ আৰ চি।
কামৰূপ মহানগৰ জিলা উন্নয়ন ব্লক : চন্দ্ৰপুৰ, ডিমোৰিয়া, ৰাণী, উন্নয়ন খণ্ড।
 
কামৰূপ মহানগৰ জিলা গুৱাহাটী মহানগৰীত ৩১টা পৌৰসভাৰ ৱাৰ্ড আছে।
এই জিলাৰ মাজেৰেই ৩১ নং, ৩৭ নং আৰু ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷
কামৰূপ মহানগৰ জিলা নৈ উপনৈসমূহ হল ব্ৰহ্মপুত্ৰ, কপিলী আৰু ডিগাৰু ৷
ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং ‘শৰাইঘাট’, গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ, চিৰিয়াখানা, অসমৰ প্ৰথম বিশ্ববিদ্যালয় – গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়, নুনমাটি তেল শোধনাগাৰ, বন মহাবিদ্যালয়, আমচাং অভয়াৰণ্য, আয়ুৰ্বেদিক মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, অসমৰ ৰাজধানী দিছপুৰ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সমাধিস্থল, শংকৰদেৱ কলাক্ষেত্ৰ ইত্যাদি অৱস্থিত ৷ তাৰোপৰি জিলাখনত থকা বিখ্যাত কামাখ্যা দেৱীৰ মন্দিৰ, বশিষ্ঠাশ্ৰম, উমানন্দ, দীপৰবিল পক্ষী উদ্যান ইত্যাদি পৰ্যটকসকলৰ অন্যতম আকৰ্ষণস্থলী ৷ ইয়াৰ প্ৰধান শিল্প উদ্যোগসমূহ হল – প্লাষ্টিকৰ সামগ্ৰী, লোৰ সজুলি, খাদ্য সামগ্ৰী, চাবোন, পলিয়েষ্টাৰ, তেল শোধনাগাৰ ইত্যাদি ৷

 

Leave a Reply