ইউৰেনাছ – সূৰ্যৰ পৰা ইউৰেনাছৰ দুৰত্ব

ইউৰেনাছ

 

ইউৰেনাছ সৌৰজগতৰ সপ্তম গ্ৰহ ৷ সূৰ্যৰ পৰা ইউৰেনাছৰ গড় দুৰত্ব প্ৰায় ২৮৭ কোটি কিলোমিটাৰ ৷ আয়তনত ই পৃথিৱীতকৈ ১৪.৬ গুণ ডাঙৰ ৷ আকাশ অতি পৰিষ্কাৰ থাকিলে আৰু দৃষ্টিশক্তি প্ৰবল হলে কেতিয়াবা খালী চকুৰে ইয়াক দেখা পোৱা যায় ৷ দূৰবীক্ষণৰ সহায়েৰে আৱিস্কাৰ কৰা এইটোৱেই প্ৰথম গ্ৰহ ৷ সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ পৃথিৱীৰ সময়ৰ হিচাপত ইউৰেনাছক ৮৪ বছৰ ৭ দিন সময় লাগে আৰু ১০ ঘন্টা ৪৮ মিনিটত ই এবাৰ নিজ অক্ষত আৱৰ্তন কৰে ৷
ইউৰেনাছৰ ব্যাস  ৪৯,৭০০ কিলোমিটাৰ ৷ ইয়াৰ বায়মণ্ডলত মিথেন, হাইড্ৰ’জেন আৰু হিলিয়াম অস্তিত্ব পোৱা গৈছে ৷ ইয়াৰ ২৭ টা উপগ্ৰহ আছে ৷ ইয়াৰে পাঁচটা আকাৰত ডাঙৰ ৷ সেই পাঁচটা হল – মিৰাণ্ডা, আমব্ৰিয়েল, এৰিয়েল, টিটানিয়া আৰু অ’বেৰণ ৷ উন্নত মানৰ দূৰবীক্ষণ যন্ত্ৰৰে লক্ষ্য কৰিলে ইউৰেনাছক নীলা-সেউজীয়া বৰণৰ এটা গেছীয় বল যেন লাগে ৷ ইয়াৰ পৃষ্ঠভাগ এম’নিয়া আৰু মিথেনৰ তৰল গোট মাৰি হোৱা  বৰফ ৷

সংগ্ৰাহক : মনজিৎ শৰ্মা ৷

Leave a Reply