ইন্টাৰনেটে কিদৰে মানুহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল

internet distribute
ন্টাৰনেট কেৱল মাথো কোনো প্ৰতিষ্ঠান বা সংগঠনৰ তথ্য বা বিজ্ঞাপন প্ৰকাশ কৰাৰ অৰ্থতে ব্যৱহাৰ হয় তেনে নহয়, যিকোনো মানুহে ব্যক্তিগতভাৱে ৱেবছাইট সৃষ্টি কৰি তেওঁৰ দিব বিচৰা তথ্য বা বিজ্ঞাপন তাত প্ৰকাশ কৰিব পাৰে আৰু পৃথিৱীৰ ইন্টাৰনেট ব্যৱহাৰকাৰীসকলে ইয়াক URL ৰ মাধ্যমেৰে ঘৰতে বহি বা কাৰ্য্যলয়, বিদ্যালয় আদিত বহি জানিব পাৰে ৷ ৱেবছাইটবোৰত আমি বিভিন্ন ছৱি, সংগীত, আদি উপলদ্ধ কৰিব পাৰো আৰু আনৰ দিয়া তথ্যবোৰো চাব পাৰো ৷ ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে বিভিন্ন ধৰণৰ সংবাদ বা তথ্য বিভিন্ন ধৰণেৰে প্ৰকাশ কৰিব   পাৰে ৷ যেনে, ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে যিকোনো সাধাৰণ কম্পিউটাৰ সহায়ত  নিজৰ মন্তব্য প্ৰকাশ কৰিব পাৰে, ইন্টাৰনেটত ই-মেইল(E-Mail) ৰ জৰিয়তে মূহুৰ্ততে এঠাইৰপৰা আন এঠাইলৈ ডাক ব্যবস্থাৰ দৰে বাৰ্তা প্ৰেৰণ কৰিব পাৰো কিন্তু ইয়াত কোনো ডাক টিকটৰ প্ৰয়োজন নহয় ৷


    তদুপৰি ইন্টাৰনেট হৈছে এক বিশাল শ্ৰেণীকোঠা য’ত শিক্ষাৰ্থীবোৰৰ বাবে যথেষ্ঠ শিক্ষাৰ সমল উপলদ্ধ হয় ৷ ইয়াৰ মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীয়ে বিভিন্ন দেশ-বিদেশৰ খবৰ, চৰকাৰী আঁচনি, বিজ্ঞানভিত্তিক খবৰ আদিৰ তথ্যৰ জ্ঞান লাভ কৰিব পাৰে ৷ ইন্টাৰনেটৰ মাধ্যমেদি দুৰণিবতীয়া শিক্ষা প্ৰদান তথা ৱেবছাইটসমূহত উপলদ্ধ বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লব পাৰে ৷ তাৰোপৰি বিদ্যালয়সমূহৰ উচ্চ পৰ্যায়ত ইয়াক Project Research ৰূপত ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ দ্বাৰা শিক্ষাৰ্থীক বিভিন্ন উপযোগী শিক্ষা প্ৰদান কৰিব পাৰে আৰু সমগ্ৰ দেশৰ পুথিভঁৰালৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে ৷ এই মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীয়ে ব্যাপকভাৱে বিভিন্ন শিক্ষণ প্ৰযুক্তি বা প্ৰণালীৰ দ্বাৰা নিজৰ শৈক্ষিক আৰু মানসিক উৎকৰ্ষৰ বিকাশ সাধন কৰিব পাৰে ৷

6 thoughts on “ইন্টাৰনেটে কিদৰে মানুহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল”

Leave a Reply