অসম দেশ বাৰে ৰহনী্য়া সংস্কৃতিৰ মিলনভূমি। এই আনন্দময়ী অসম দেশৰ জনসাধৰণ বিভিন্ন জনগোষ্ঠীৰ যেনে, মঙ্গোলীয়, ইণ্ডো-বাৰ্মা, ইণ্ডো-ইৰানীয়ান আৰু আৰ্য্য জনগোষ্ঠীৰ সংমিশ্ৰন। এই সকলো জাতি-জনগোষ্ঠীৰ দীঘলীয়া সংমিশ্ৰনত অসমীয়া সংস্কৃতি এখন বুটাবচা কাপোৰৰ দৰে ৰংচঙীয়া হৈ উঠিছে। ইয়াৰে স্থানীয় মানুহখিনিক অসমীয় বুলি কোৱাৰ লগতে এই ৰাজ্যৰ ভাষাটোও অসমীয়া।
অসমৰ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ অন্যতম প্ৰধান অংগ হৈছে বিহু। সংস্কৃত ‘বিষুবৎ’ শব্দৰ পৰা বিহু শব্দটো ওলাইছে। বিহু অসমৰ আটাইতকৈ জনপ্ৰিয় লোক-নৃত্য। বিহু বতৰত ডেকা-গাভৰু সকলোৱে মিলি বিহু নৃত্য কৰে। নাচৰ লগে লগে ঢোল, পেঁপা, গগনা, বাঁহী ইত্যাদি বজোৱা হয়। বহাগ বিহুত হুঁচৰি গোৱা হয়। আগৰ কালত বিহুৰ সময়ত অনুষ্ঠিত হোৱা প্ৰধান থলুৱা খেলবোৰ হ’ল-ম’হ যুঁজ, কুকুৰা যুঁজ ,কণী যুঁজ, শেন যুঁজ, ঢোপ খেল ইত্যাদি।
কপৌফুল অসমীয়া সংস্কৃতিৰ এটা অন্যতম অংগ। কপৌফুল অসমীয়া ডেকা গাভৰুৰ বৰ প্ৰিয়।প্ৰেম নিবেদনৰ ক্ষেত্ৰত এই কপৌফুলে বিশেষ স্থান লাভ কৰিছে। বিহু নাচনী সকলে কপৌফুল গুজি লৈ বিহু নাচ নাচে।
অসমীয়া সংস্কৃতিত গামোচাই বিশেষ স্থান অধিকাৰ কৰি আছে। গামোচা খন হৈছে খুব সহজে চিনাক্ত কৰিব পৰা অসমীয়া মানুহৰ সাংস্কৃতিক চিন,যিটো সামাজিক আৰু ধৰ্মীয় উৎসৱত এৰাব নোৱাৰা বস্তু।গামোচা অসমীয়া সমাজ জীৱনৰ অতি আদৰৰ বস্ৰ। গামোচা চাৰিওফালে ৰঙা সূঁতাৰে পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। বিহু, বিবাহ অনুষ্ঠান বা অন্যান্য যিকোনো সামাজিক অনুষ্ঠানত গামোচাক সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।
অসমীয়া সংস্কৃতিৰ এটা বিশিষ্ট অংগ হ’ল জাপি। অসমৰ লোক-কলাৰ এক সুন্দৰ নিদৰ্শন জাপি। বিহু উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্য্যসূচীত জাপিৰ ব্যৱহাৰ আজিও প্ৰচলিত। জাপি কেইবাপ্ৰকাৰৰো আছে, তাৰে ভিতৰত কিছুমান হ’ল-বৰ জাপি, গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি ইত্যাদি।
তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ। অসমৰ ঘাইকৈ গাঁৱৰ বাসিন্দা সকলৰ বাবে তামোল-পাণৰ ব্যৱহাৰ এক অপৰিহাৰ্য আৰু সন্মানীয় বস্তু। সাধাৰণতে ভোজনৰ পিছত তামোল-পাণ খাই মুখ শুদ্ধি কৰে। সকাম আদিতো তামোল-পাণ দি ঈশ্বৰক প্ৰাৰ্থনা জনায়।
শৰাই অসমীয়া সংস্কৃতিৰ এক অনৱদ্য সম্পদ। ই থাপনাৰ আসন, নৈৱেদ্য-পাত্ৰ, উপহাৰ, গৃহ সজ্জাৰ কলাত্মক সামগ্ৰী।
অসমীয়া সংস্কৃতিলৈ সত্ৰৰ অৱদান উল্লেখনীয়। ‘সত্ৰ‘ শব্দ মহাপুৰুষ শংকৰদেৱেই প্ৰথম ভাগৱতৰ অনুবাদত প্ৰয়োগ কৰি থৈ গৈছে।