লাচিত বৰফুকন
লাচিত বৰফুকনৰ জন্ম তাৰিখ, ২৪ নবেম্বৰ, ১৬২২। তেওঁৰ দেউতাক আছিল ম’-ছাই চেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম’-ছাইৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)। তেখেতৰ ভাতৃৰ নাম – মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত।
লাচিতৰ শিক্ষা
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণ, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ’ল বিখ্যাত লান ফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।
লাচিতে একেদিনাই ফুকনলুঙৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা হোৱাৰ পিছতহে চাওফা চুপুংমুংৰ ফুকনলুং হৈছিল।
দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা চাওফাৰ চকুত পৰে। এদিনাখনৰ কথা- দোলাত বহি থকা চাওফাই লাচিতক মাতি আনি ক’লে-
“বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি।”
লাচিতে উত্তৰ দিলে-
“চাওফাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। চাওফা আদেশ দিবহে লাগে।”
তাৰ পিচতেই লাচিতক ফুকনলুঙৰ ভাৰ দিয়া হৈছিল। ফুকলুং পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক চাওফাৰ ওচৰলৈ মাতি পঠিওৱা হ’ল। চাওফাৰ সমুখত আঁঠু ল’ব ধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। চাওফাই এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল। চাওফাৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীকতা আৰু আত্মমৰ্যাদাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ল। চাওফা চুপুংমুংই লাচিতক এখন সোণোৱালী হেংদাং পুৰস্কাৰ দি ফুকনলুং পদত অধিষ্ঠিত কৰিলে। লাচিতে দেহে কেহে খাটি ১৬৬৭ চনৰ জহকালি আহোমৰ সেনাবাহিনী প্ৰশিক্ষণ দি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত কৰি তোলে।
সাহসৰ যুঁজ
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।” কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।
লাচিত বৰফুকনৰ মৃত্যু
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত চাওফা উদয়াদিত্য সিংহই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।
তথ্য সংগ্ৰহ
- ↑ “Explained: Ahom warrior Lachit Borphukan and the battles of Alaboi & Saraighat” (en ভাষাত). The Indian Express. 2022-03-03। আহৰণ কৰা হৈছে: 2022-07-16.
- ↑ “Vikaspedia”. India Development Gateway (InDG)as.vikaspedia.in.
- ↑ “Vikaspedia”. India Development Gateway (InDG)as.vikaspedia.in.
- ↑ ভূঞা, সূৰ্য্য কুমাৰ, ৰায়-বাহাদুৰ, M.B.E.,M.A.,B.L.(কলিকতা), Ph.D. Lachit Barphukan and his times
- ↑ http://www.hvk.org/articles/0801/92.html
- অসমীয়া ৱিকিপিডিয়াৰ
Awesome! Its genuinely remarkable post, I have got much clear idea regarding from this post
I like the efforts you have put in this, regards for all the great content.