সাত বিহু :
বসন্তৰ আগমনত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই প্ৰকৃতি ঋতু মতী হয় , গছ লটিকাত কুঁহিপাত ওলাই , প্ৰকৃতি ফলে-ফুলে জাতিষ্কৰ হৈ পৰে । আৰু এক সেউজী ময় পৰিৱেশৰ সৃষ্টি কৰে ।
কপৌফুল |
চত মাহৰ সংক্ৰান্তিৰ পৰা বহাগ বিহু আৰম্ভ হৈ
বহাগৰ ছয় দিনলৈ সাত বিহু হিচাপে মুঠ সাত দিনলৈ বিহু পালন কৰা হয় । সেই মুঠ সাত দিনৰ প্ৰত্যেক তোৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে ।
সেইবোৰ হল –
অসমীয়া মাহৰ
চতৰ ৩০তাৰিখ : গৰু বিহু ।
বহাগৰ ১ তাৰিখ : মানুহ বিহু ।
বহাগৰ ২ তাৰিখ : গোসাই বিহু ।
বহাগৰ ৩তাৰিখ : তাঁতৰ বিহু ।
বহাগৰ ৪ তাৰিখ : নাঙলৰ বিহু ।
বহাগৰ ৫ তাৰিখ : জীয়ৰি বা চেনেহি বিহু।
বহাগৰ ৬ তাৰিখ : চেৰা বিহু ।
গৰু বিহু :
গৰু বিহু |
ব’হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয়। সেইদিনা গৰুক লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা অৰ্চনা কৰা হয়। সেইদিনা ৰাতিপুৱাই গৰু-ম’হক মাহ-হালধিৰে নোৱাই, কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ, বিল বা পুখুৰীলৈ নি সমূহীয়াভাৱে গা ধুৱায় আৰু লাউ, বেঙেনা, থেকেৰা,হালধি, কেতুৰি আদি গালৈ দলিয়াই আৰু এইদৰে গোৱা হয়-
“ লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।”
“মাখিয়তীৰ মাখিপাত, মাখি মাৰোঁ জাত জাত।”
মানুহ বিহু :
মানুহ বিহু |
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে ” ।
গোহাঁই বিহু :
ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু পালন কৰা হয় । সেইদিনা গাঁৱৰ ৰাইজোৰ মাজত ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ আদি হয়।
তাঁতৰ বিহু :
তাঁতৰ বিহু |
অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’ হিচাপে পালন কৰা হয় ।
নাঙল বিহু :
নাঙল বিহু |
অসমীয়া জনজীৱনৰ আদৰৰ কৃষিকৰ্মৰ মূল সম্পদ নাওল সেয়েহে পঞ্চম দিনা কৃষিকৰ্মৰ মূল সঁজুলি ‘নাঙলৰ বিহু’ হিচাপে পালন কৰা হয় ।
জীয়ৰি বা চেনেহি বিহু:
জীয়ৰী বিহু |
অসমীয়া সমাজত বহাগ মাহৰ ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে; সেয়ে সেইদিনা ‘জীয়ৰী বা চেনেহী বিহু’ বুলি কোৱা হয় ।
চেৰা বিহু :
শেষৰ দিনা ‘চেৰা বিহু’। এয়ে ব’হাগৰ “সাতবিহু”। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়-
“ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক।”
এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।
গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে।
এশ এবিধ নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয় আৰু ইয়াকে ‘সাতশাকী’ বোলে।
Good bro
Good bro