আমাৰ মনৰ অসাধাৰণ আৰু অলৌকিক সৃষ্টি কৰিব পৰা শক্তি আৰু সামৰ্থ আছে । কিন্তু সাধাৰণ অৱস্থাত মনটো অন্ধকাৰচ্ছন্ন হৈ থকে । এনে অৱস্থাত মানুহে নিষ্ক্ৰিয় আৰু নিস্তেজ অনুভৱ কৰে । মনটোৰ অৱস্থা থৌকি-বাথৌ হৈ থাকিলে মানুহ অশান্ত হৈ পৰে । কিন্তু যোগা ৰ সহায়ত তেনে চঞ্চল আৰু থৌকি-বাথৌ উৰণীয়া মনকো নিকা লগাই এটা কেন্দ্ৰত গভীৰভাৱে আবৃত্ত কৰিব পৰা যায় । মনটোক যেতিয়া একাগ্ৰ নিৰ্দিষ্ট কামত নিবৰ্দ্ধ
কৰিব পৰা যায় । তেতিয়া মানহে অসাধ্য সাধন কৰিব পাৰে । গতিকে কব পাৰি যে মানুহে নিজৰ মনটোক প্রকৃত কৌশল অৱলম্বনৰ দ্বাৰা অহৰহ অনুশীলনত প্ৰবৃক্ত থাকিলে মনৰ শক্তি বৃদ্ধি কৰিব পাৰি ।