আহে বা নাহে ঘুমটি আহিব ৰাতি
সপোনকে লৈ
থাকে বা নাথাকে শাওনৰে ঢল
তুমি মৰমৰে নৈ
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুণৰে খবৰ
তুমি ৰোৱা যেন মোলে ।
চোৱে বা নোচোৱে নিয়ৰে
শেৱালি পাহিটি শৰতে শৰতে
নাচে বা নানাছে জোনাকী হৈ
তুমি সোন নাচিবা তোমাৰ হিয়াতে ৰৈ
জোৰে বা নোজোৰে বান্ধি লম
কিনো মৰমৰে এনাজৰীকে পাওঁ
বহে বা নোবহে ফুলতে গৈ
ৰঙিলী পখিলি তুমি ৰঙৰে ছৈ…।।