Bangladesh Hindu Mandir Attack: পাকিস্তানতকৈ বাংলাদেশত বৃদ্ধি পাইছে হিন্দু নিৰ্যাতনৰ ঘটনা

২০২৪ চনত  বাংলাদেশত  সংঘটিত হৈছে ২,২০০টা হিন্দু নিৰ্যাতনৰ ঘটনা

২০২৪ চনত  বাংলাদেশত  সংঘটিত হৈছে ২,২০০টা হিন্দু নিৰ্যাতনৰ ঘটনা

বাংলাদেশত ক্ৰমাৎ বৃদ্ধি পাইছে হিন্দু নিৰ্যাতনৰ ঘটনা বিগত বছৰৰ পূৰ্বতে ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক প্ৰায় ভাল বুলিয়েই ক’ব পৰা গৈছিল।

বাংলাদেশত ক্ৰমাৎ বৃদ্ধি পাইছে হিন্দু নিৰ্যাতনৰ ঘটনা। ০২৪ চনত সংঘটিত হৈছে ২,২০০টা হিন্দু নিৰ্যাতনৰ ঘটনা। বিগত বছৰৰ পূৰ্বতে ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক প্ৰায় ভাল বুলিয়েই ক’ব পৰা গৈছিল। যদিও অবৈধ বাংলাদেশীক লৈ ভাৰত কিছু পৰিমাণে উদ্বিগ্ন হৈ আছিল।কিন্তু ২০২৪ বৰ্ষত ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্কত যেন চিৰাল ফাট মেলিল।শ্ৱেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই দুয়োখন দেশ চিৰবৈৰী হৈ পৰিল।

হিন্দু মন্দিৰত আক্ৰমণ, সংখ্যালঘু হিন্দুৰ ওপৰত দুবৃৰ্ত্তৰ অকথ্য নিৰ্যাতন একেবাৰে সহজ বাতৰি হৈ পৰিল।
এইসমূহৰ মাজতেই শুকুৰবাৰে সংসদত বিদেশ মন্ত্ৰীয়ে প্ৰকাশ কৰে উদ্বেগজনক তথ্য। বিগত বৰ্ষত পাকিস্তানতকৈও বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাৰ সংখ্যা বেছি।জানি আচৰিত হ’ব ২০২৪ চনত ৮ ডিচেম্ৱৰ পৰ্যন্ত বাংলাদেশত সংঘটিত হৈছে ২,২০০টা হিন্দু নিৰ্যাতনৰ ঘটনা। ইফালে বিগত বৰ্ষত পাকিস্তানত ১১২টা হিন্দু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে।অৰ্থাৎ পাকিস্তানৰ তুলনাত বিগত বৰ্ষত বাংলাদেশত ২,০৮৮ টা অধিক হৈছে হিন্দু নিৰ্যাতনৰ ঘটনা। আনহাতে বাংলাদেশত ২০২৩ চনত সংঘটিত হৈছে ৩০২টা হিন্দু নিৰ্যাতনৰ ঘটনা।

আনহাতে ২০২২ চনত সংঘটিত হৈছে ৪৭ টা হিন্দু নিৰ্যাতনৰ ঘটনা। ক্ৰমশ: বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ঘটনাৰ ঊৰ্ধ্বগামী গ্ৰাফে দেশখনৰ হিন্দু ধৰ্মৰ সংখ্যালঘু লোকসকলক চিন্তিত কৰি তুলিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক বাৰে বাৰে গৰিহণা দিছে।
বাংলাদেশ চৰকাৰ প্ৰশাসনক এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল’বলৈও আহ্বান জনাই আহিছে।

Leave a Reply