One Nation One Election Bill | Assamese | এক দেশ এক নিৰ্বাচন কি হয়

One nation one election in assamese ‘এক দেশ, এক নিৰ্বাচন কি হয়’ প্ৰস্তাৱত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ, কিন্তু কেনেদৰে কাৰ্যকৰী হ’ব ‘এক দেশ, এক নিৰ্বাচন’?

One Nation One Election

 

One Nation One Election

সমগ্ৰ দেশত একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে ৷
এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ কমিটীয়ে কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰিছিল প্ৰতিবেদন ৷
প্ৰতিবেদনত ৰামনাথ কোবিন্দৰ কমিটীয়ে এলানি পৰামৰ্শ আগবঢ়ায় ৷ বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কোবিন্দ কমিটীৰ পৰামৰ্শলানিক অনুমোদন জনায় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিছে।

কোবিন্দ কমিটীৰ পৰামৰ্শলানি হ’ল—
১) ১৯৫১ আৰু ১৯৬৭ চনৰ ভিতৰত একেসময়তে নিৰ্বাচ অনুষ্ঠিত হৈছিল ।
২) আইন আয়োগ : ১৭০ সংখ্যক প্ৰতিবেদন (১৯৯৯) : পাঁচ বছৰত লোকসভা আৰু সকলো বিধানসভাৰ বাবে একেটা নিৰ্বাচন।
৩) সংসদীয় সমিতিৰ ৭৯ সংখ্যক প্ৰতিবেদন (২০১৫): দুটা পৰ্যায়ত একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পদ্ধতিৰ পৰামৰ্শ দিয়া হৈছে ।
৪) ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিয়ে ৰাজনৈতিক দল আৰু বিশেষজ্ঞকে ধৰি সকলো অংশীদাৰৰ লগত ব্যাপক আলোচনা কৰে ।
৫) ব্যাপক প্ৰতিক্ৰিয়াৰ পৰা দেখা গৈছে যে দেশত একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ব্যাপক সমৰ্থন আছে।

পৰামৰ্শ আৰু অগ্ৰসৰ হোৱাৰ পথ—
১) দুটা পৰ্যায়ত কাৰ্যকৰী কৰা ।
২) প্ৰথম পৰ্যায়ত: লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেসময়তে অনুষ্ঠিত কৰা ।
৩) দ্বিতীয় পৰ্যায়তঃ সাধাৰণ নিৰ্বাচনৰ ১০০ দিনৰ ভিতৰত স্থানীয় সংস্থাৰ নিৰ্বাচন (পঞ্চায়ত আৰু পৌৰসভা) অনুষ্ঠিত কৰা ।
৪) সকলো নিৰ্বাচনৰ বাবে উমৈহতীয়া ভোটাৰ তালিকা ।
৫) সমগ্ৰ দেশতে বিতং আলোচনা আৰম্ভ কৰা
৬) এটা কাৰ্যকৰী গোট গঠন কৰা ।

উল্লেখযোগ্য যে সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত ‘এক দেশ, এক নিৰ্বাচন’ৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বিধেয়ক উত্থাপন কৰিব ৷
প্ৰস্তাৱিত বিধেয়কখনৰ জৰিয়তে দেশৰ সংবিধান সংশোধন কৰা হ’ব আৰু একে সময়তে দেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন হ’ব ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘এক দেশ, এক নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালতে কাৰ্যকৰী হ’ব বুলি মন্তব্য কৰিছে ৷
ইপিনে NEDAৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়েও কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনায় ৷

ড° শৰ্মাই কয়— ‘‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ পৰা দেশৰ উন্নয়ন হ’ব । আগতে আমাৰ দেশত One Nation One Election য়েই আছিল ।
কংগ্ৰেছে ৰাষ্ট্ৰপতি শাসন দি দি বিধানসভাসমূহ ভাঙি ভাঙিহে এই অৱস্থাৰ সৃষ্টি কৰিলে ।’’

Leave a Reply