ASSAM HISTORY QUIZ -অসম ইতিহাস
Assam History (অসমৰ ইতিহাস) Most Important ✓ Top 30 Questions | History of Assam – Important Questions -30 | অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন
১/অসমৰ পুৰণি নাম কি?
উত্তৰ. প্ৰাগজ্যোতিষপুৰ।
২/অসমৰ প্ৰাচীনতম শাসক গৰাকী কোন?
উত্তৰ. মহীৰঙ্গ দানৱ।
৩/ দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ. মহীৰঙ্গ দানৱে।
৪/দানৱ বংশৰ শেষৰ ৰজা জনৰ নাম কি?
উত্তৰ. ঘটকাসুৰ।
৫/ ঘটকাসুৰক হত্যা কৰি কোনে কি বংশ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ. ঘটকাসুৰক নৰকাসুৰে হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল।
৬/শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি?
উত্তৰ. শালস্তম্ভ।
৭/ কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল?
উত্তৰ. কুমাৰ ভাস্কৰ বৰ্মন ।
৮/ বৰ্মন বংশৰ ৰাজত্বৰ অন্ত হোৱাৰ পিছতে কামৰূপত কোন বংশই শাসন চলাইছিল?
উত্তৰ. শালস্তম্ভ বংশই।
৯/ কোনখন পৌৰাণিক গ্ৰন্থত অসমৰ প্ৰাচীন ইতিহাসৰ বিষয়ে বৃহৎ তথ্য পোৱা যায়?
উত্তৰ. কালিকা পুৰাণ।
১০/ শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায় ?
উত্তৰ. পাল বংশ।
১১/ পাল বংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল?
উত্তৰ. ব্ৰহ্মপাল।
১২/ বানাসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল?
উত্তৰ. শোণিতপুৰ।
১৩/ অসমৰ কোন দুগৰাকী বিখ্যাত যোদ্ধাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল?
উত্তৰ. ভগদত্ত আৰু ঘটোতকচ।
১৪/বান ৰজাৰ জীয়াৰী ঊষাক কোনে বিয়া কৰাইছিল?
উত্তৰ. অনিৰুদ্ধই।
১৫/প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কৌৰৱৰ কোন গৰাকী যোদ্ধাৰ লগত বিয়া দিয়া হৈছিল?
উত্তৰ. দুৰ্যোধন।
১৬/বৃহৎ সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰা প্ৰাগজ্যোতিষৰ প্ৰথম গৰাকী ৰজাৰ নাম কি?
উত্তৰ. মহেন্দ্ৰ বৰ্মন ।
১৭/ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি?
উত্তৰ. মহেন্দ্ৰ বৰ্মন।
১৮/বৰ্মন বংশৰ কোন গৰাকী শাসকৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল?
উত্তৰ. কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত।
১৯/হিউৱেন চাং অসমলৈ আহোতে ভাস্কৰ বৰ্মনে এটি জাপিৰে তেওঁক সম্বৰ্ধনা জনাইছিল । সেই জাপিটোৰ নাম কি আছিল?
উত্তৰ. হালালী।
২০/বৰ্মন বংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল?
উত্তৰ. পুষ্য বৰ্মন।
২১/কোনখন গ্ৰন্থত ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা হৈছে?
উত্তৰ. হৰ্ষচৰিত।
২২/ হাৰ্ষচৰিত গ্ৰন্থ খন কোনে লিখিছিল?
উত্তৰ. বাণভট্ট ।
২৩/বৰ্মন বংশৰ কোন গৰাকী ৰজাক ‘ মহাৰাজধীৰাজ ‘ উপাধি প্ৰদান কৰা হৈছিল?
উত্তৰ. বলবৰ্মনক।
২৪/ ভাস্কৰ বৰ্মনৰ দ্বাৰা খোদিত তাম্ৰফলি দুখন কি?
উত্তৰ. ডুবি আৰু নিধানপুৰ।
২৫/ হিউৱেন চাঙে তেখেতৰ কোন খন গ্ৰন্থত অসমৰ বিষয়ে উল্লেখ কৰিছে?
উত্তৰ.’ চি – ইউ – কী’ নামৰ গ্ৰন্থত।
২৬/চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ. বীৰপাল।
২৭/ চুতীয়াসকলৰ শেষৰ গৰাকী ৰাণীৰ নাম কি আছিল?
উত্তৰ. সতী সাধনী।
২৮/কোঁচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ. বিশ্ব সিংহ।
২৯/ চিলাৰায় কোঁচ ৰাজ্যৰ সেনাপতি আছিল। চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল?
উত্তৰ. শুক্লধ্বজ।
৩০/ কোনজন ৰজাই শদিয়াৰ কুণ্ডিল নদীৰ পাৰত কুণ্ডিলনগৰ পাতিছিল?
উত্তৰ. ভীষ্মক ৰজাই।
Read More Click here : অসমৰ ইতিহাস – History of Assam