অ’ মােৰে নাৱৰ ভৰসা নাই ৰে
হে স্বামী নাৱৰ ভৰসা নাই ৰে
নাবৰীয়াবােৰে গুৰি বঠা ধৰে
গােবিন্দ নাম গাই ৰে।।
ওপৰে তপত বেলি
তলে তপত বালি
বুকুত উকৰ জুই জ্বলে
নৈৰে বুকুতে চাকনৈয়া ঘুৰিছে
বৈছে পগলা ঢলে
বিমোৰত পৰিলোঁ বুলি নাৱৰীয়া গােবিন্দ নাম গাই ৰে।।
কলাকৈ ডাৱৰে আকাশখন ছাটিছে
সুৰুযে লুকাইছে গা
বিজুলী ছাটেৰে ঢেৰেকনি মাৰি
বলিছে পগলা বা
নাও টুলু বুলু বঠা টুলু বুলু
আৰু টুলু বুলু ছৈ
পর্বতে প্রমাণে ঢৌ তুলি তুলি
গৰজি উঠিছে নৈ
উপায়নাে নেদেখি মােৰে নাৱৰীয়া
গােবিন্দ নাম গাই ৰে।।