অসমকে ধৰি ভাৰতৰ পূৰ্বাংশ এটা অতীৱ ভূমিকম্প-প্রবণ অঞ্চল। এই অঞ্চলটো মূলতঃ আল্পছ- হিমালয় ভূকম্পবলয়ৰ (Alps-Himalayan Earthquake Belt) অন্তৰ্গত। ই দক্ষিণে ভাৰতীয় ফলক আৰু উত্তৰে ইউৰেছীয় ফলকৰ মাজত অৱস্থিত। এইটো প্ৰমাণিত হৈছে যে ভাৰতীয় ফলকখনে বছৰি প্ৰায় ৫ চেণ্টিমিটাৰ হাৰত উত্তৰলৈ গতি কৰি আছে । ফলক বিৱৰ্তনজনিত (Plate tectonics) এনে কাৰণতে উত্তৰ-পূব অঞ্চলত ইতিমধ্যে কেইবাটাও ডাঙৰ ভূমিকম্প সংঘটিত হৈছে। অঞ্চলটোত সংঘটিত ডাঙৰ ভূমিকম্পবোৰৰ ভিতৰত ১৮৯৭ চন আৰু ১৯৫০ চনত হোৱা ভূমিকম্প দুটাৰ কথা বিশেষভাৱে উল্লেখযোগ্য। ৰিখটাৰ স্কেলত এই দুটা ভূমিকম্পৰ মান আছিল ৮°৭। ভৱিষ্যতেও অঞ্চলটোত ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে বুলি ভূকম্পবিজ্ঞানীসকলে সকীয়াই দি আছে।
অসমৰ সাম্প্ৰতিক পৰিস্থিতিত ভূমিকম্পই কৰিব পৰা বিপদৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাইছে। আগতে হৈ যোৱা ভূমিকম্পবোৰত অতি কম সংখ্যক মানুহৰ প্ৰাণ হানি হৈছিল। কিন্তু বর্তমানে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, নগৰ-মহানগৰৰ সম্প্ৰসাৰণ, তেল শোধনাগাৰ আৰু তেলবাহী পাইপ লাইনৰ বিস্তাৰ, বৈদ্যুতীকৰণ, ঘৰে ঘৰে প্রাকৃতিক গেছৰ যোগান আদি নানা কাৰণত ডাঙৰ ভূমিকম্প হলে ক্ষয়-ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। তদুপৰি বহুমহলীয়া অট্টালিকা, বৃহৎ দলং, উচ্চ চূড়া (tower) আদিৰ নির্মানেও সম্ভাব্য ক্ষয়-ক্ষতি বঢ়াব বুলি বহুতে বিশ্বাস কৰে। এনে পৰিস্থিতিত ভূমিকম্পৰ দৰে আকস্মিক দুৰ্যোগৰপৰা ৰক্ষা পাবলৈ যথাসম্ভৱ সতর্কতামূলক ব্যৱস্থা হাতত লোৱাৰ সময় আহি পৰিছে। ইয়াৰ বাবে প্ৰথমে প্ৰয়োজন হ’ব ব্যাপক জনচেতনাৰ। জনসাধাৰণক সাহস আৰু প্ৰণালীবদ্ধভাৱে এই দুৰ্যোগৰ সন্মুখীন হ’ব পৰাকৈ প্ৰস্তুত কৰি তুলিব পাৰিলে ক্ষয়-ক্ষতিৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। ভূমিকম্পৰ আগজাননী দিয়াটো এতিয়ালৈকে সম্ভৱ হৈ নুঠাৰ পৰিপ্ৰেক্ষিতত আগতীয়া প্ৰস্তুতিৰ বিশেষ তাৎপর্য আছে।
ইতিমধ্যে সংঘটিত ডাঙৰ ভূমিকম্পবোৰে ৰাজ্যখনৰ প্ৰাকৃতিক অৱস্থাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে। নৈৰ গতিৰ সলনি ঘটা, নদীতল উঠি অহা, বিল-খাল পোত যোৱা, বিল বা নিম্নভূমি আদিৰ সৃষ্টি হোৱা আৰু ভূমিস্খলন আদি পৰিঘটনা অসমত ঘটিছে। ভূমিকম্পৰ ক্ৰিয়াৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি অন্যান্য বহুতো উপনৈৰ নদীতল ওফন্দি উঠাৰ ফলত বানপানী আৰু নৈৰ খহনীয়াৰ মাত্ৰা বাঢ়িছে। ১৯৫০ চনৰ ভূমিকম্পৰ পাছত ব্ৰহ্মপুত্ৰ নদীৰ ক্ষেত্ৰত বানপানীৰ লগতে গৰাখহনীয়াই ক্ৰমে ভয়াৱহ ৰূপ ল’বলৈ ধৰা বুলি বহুতো বিজ্ঞানীয়ে ক’ব খোজে। এই ভূমিকম্পৰ ফলত সংঘটিত ভূমিস্খলনে সোৱণশিৰিত কৃত্ৰিম বান্ধৰ সৃষ্টি কৰি পিছত যি ভয়াৱহ বানপানীৰ সৃষ্টি কৰিছিল, সেই কথা এতিয়াও আমাৰ মাজৰ বহুতৰে মনত আছে। আমাৰ এই অঞ্চলটো যে ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা থকা অঞ্চল, সেই কথা সকলোৱে মনত ৰখা উচিত। ঘৰ-দুৱাৰ, দলং, বান্ধ, দেৱাল আদি নিৰ্মাণ কৰোঁতে ভূমিকম্পই যাতে সেইবোৰৰ সহজে ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। তদুপৰি স্কুল-কলেজ, অফিচ-কাচাৰী, বজাৰ, চিনেমা-থিয়েটাৰ হল আদি সকলো ৰাজহুৱা স্থানতে ভূমিকম্পৰ প্ৰতি সজাগ হৈ থকাৰ লগতে আৱশ্যকীয় সাৱধানতাৰ ব্যৱস্থা কৰিব লাগে। ভূমিকম্পৰপৰা ৰক্ষা পাবলৈ ঘন বসতিৰ এলেকাবোৰত পাৰ্যমানে মুকলি ঠাইৰ (Open Space) ব্যৱস্থা ৰাখিব লাগে যাতে প্রয়োজন হ’লে তেনে ঠাইত মানুহে আশ্ৰয় ল’ব পাৰে ।