ভূমিস্খলন

 

ভূমিস্খলন

‘ভূমিস্খলন’ শব্দটোৱে পোনপটীয়াকৈ ঢালযুক্ত ঠাইৰ মাটি তললৈ খহি অহাটোকে বুজায়। বতাহ, বৰষুণ, উত্তাপৰ তাৰতম্য আদি কাৰকে ভূ-পৃষ্ঠৰ গাঁথনি শিথিল কৰে। এনে শিথিল অংশবোৰ বতাহ বৰষুণ আৰু ভূমিকম্পৰ সময়ত মধ্যাকর্ষণ শক্তিৰ ফলত ভূ-পৃষ্ঠৰ ঢাল অনুসৰি হঠাতে তললৈ নামি আহে। ইয়াকে আমি ভূমিস্খলন (Landslide) বুলি কওঁ। ডেভিদ জ’নছ নামৰ লণ্ডন বিশ্ববিদ্যালয়ৰ ভূগোলবিজ্ঞানী এগৰাকীয়ে কৈছে যে ভূমিস্খলনৰ যোগেদি খহি অহা মাটিভাগৰ আকাৰ একৰ পৰা দহ লাখ ঘন মিটাৰ পৰ্যন্ত হ’ব পাৰে, মাটি ভাগ পৰিবাহিত হোৱাৰ দূৰত্ব কেইচেণ্টিমিটাৰ মানৰ পৰা কেইবা কিল’মিটাৰ হ’ব পাৰে আৰু পৰিবহণৰ গতিবেগ একেবাৰে সামান্যৰপৰা ঘণ্টাত ৪০০ কিল’মিটাৰ পৰ্যন্ত হ’ব পাৰে।

সাধাৰণতে মানুহৰ বসতি আৰু আৰ্থিক ক্রিয়া-কলাপ পর্বত-পাহাৰৰ স্পৰ্শকাতৰ এলেকালৈ সম্প্ৰসাৰিত হ’লে সংশ্লিষ্ট এলেকাবোৰৰ মাটিৰ ঢালৰ বান্ধোন বহু পৰিমাণে শিথিল হয়। তেনে অৱস্থাত ঢালত থকা বননি ধ্বংস কৰিলে মাটিৰ বান্ধোন আৰু বেছি শিথিল হয়। এনে পৰিস্থিতিত নেৰা-নেপেৰা বৰষুণ, ধুমুহা আদি হ’লে স্বাভাৱিকতে ভূমিস্খলন ঘটে।

ভাৰতৰ অসম ৰাজ্যকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ভূমিস্খলন সঘনে সংঘটিত হয়। অঞ্চলটোৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ত এই দুৰ্যোগৰ মাত্ৰা অধিক। অসমৰ পাহাৰীয়া জিলা দুখনকে ধৰি অৰুণাচল, নাগালেণ্ড, মেঘালয় আৰু ভূটানৰ সীমান্তৱৰ্তী পাহাৰীয়া এলেকাবোৰত ভূমিস্থলন বেছিকৈ সংঘটিত হয়। সাধাৰণতে বাৰিষাকালত অতিবৃষ্টি হোৱাৰ সময়ত প্ৰায়ে ভূমিস্খলন ঘটে। ১৯৯৮ চনৰ মৌচুমী ঋতুত একেৰাহে কেইবাদিনো বৰষুণ হোৱাৰ ফলত ভূমিস্খলনে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত দুৰ্যোগৰ ৰূপ লৈছিল। অসমৰ বৰাক উপত্যকাতো সেই বছৰ ২০ জনৰো অধিক লোকে ভূমিস্খলনত প্ৰাণ হেৰুৱাইছিল।

২০০৪ চনৰ প্ৰাক্ মৌচুমী আৰু মৌচুমী দুয়ো ঋতুতে বৃষ্টিপাতৰ পৰিমাণে অভিলেখ সৃষ্টি কৰিছিল। মাহজোৰা নেৰা-নেপেৰা বৰষুণে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক এটা বিশেষ বৃষ্টিসিক্ত অঞ্চলত পৰিণত কৰিছিল। ইয়াৰ ফলত কেৱল যে ভয়াবহ বানপানীৰ সৃষ্টি হৈছিল এনে নহয়, ভূমিস্খলনেও কেইবাজনো লোকক মৃত্যুৰ মুখত পেলাইছিল। কেৱল গুৱাহাটী মহানগৰীতে সেই বছৰ প্ৰায় ১৫ জন লোকে ভূমিস্খলনত প্রাণ হেৰুৱাইছিল।

যোৱা কিছুকালৰ ভিতৰত গুৱাহাটী মহানগৰীৰ পাহাৰীয়া এলেকাবোৰত ভূমিস্খলনে বহুতো লোকৰ প্রাণহানি কৰিছে। আগতে গুৱাহাটী মহানগৰ এলেকাটো এই সমস্যাৰ কৱলত পৰা নাছিল। যোৱা তিনিটামান দশকত মহানগৰখনৰ সকলোবোৰ পাহাৰীয়া ঠাই মানুহৰ আয়ত্তলৈ অহাৰ পাছত এই সমস্যাই ক্ৰমে দুৰ্যোগৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছে। পাহাৰৰ ঢালত থকা গছ-গছনি ধ্বংস কৰি বসতি স্থাপন কৰা আৰু ৰাস্তা-ঘাট নির্মাণ আদি কাৰ্যই ভবিষ্যতে এই সমস্যাক গুৰুতৰ ৰূপ দিয়াৰ সম্ভাৱনা আছে।

Leave a Reply