জীৱবৈচিত্র্য || জীৱবৈচিত্র্য অঞ্চল

জীৱবৈচিত্র্য

জীৱবৈচিত্র্য শব্দটো প্ৰকৃতাৰ্থত দুটা শব্দ Biological আৰু Diversity ৰ সমষ্টি যাৰ অৰ্থ হ’ল ক্ৰমে জীৱ আৰু বৈচিত্র্য বা ভিন্নতা । কোনো এটা নিৰ্দিষ্ট অঞ্চলত বসবাস কৰা বিভিন্ন অণুজীৱ, কীট-পতংগ, চৰাই-চিৰিকতি, মাছ- কাছ, উদ্ভিদ-প্রাণী আদি সকলো জাতি আৰু প্ৰজাতিৰ সংখ্যাৰ প্ৰাচুৰ্য, পৰস্পৰৰ মাজত থকা ভিন্নতা আৰু সিহঁতে বাস কৰা অঞ্চলটোৰ পৰিস্থিতি তন্ত্ৰৰ জটিলতাকে সেই নিৰ্দিষ্ট অঞ্চলটোৰ জীৱবৈচিত্ৰ্য বোলে। জীৱবৈচিত্ৰ্যৰ প্ৰাচুৰ্য বিশ্বৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হোৱা দেখা যায়। মেৰু অঞ্চলতকৈ ক্ৰান্তীয় সেমেকা অৰণ্য অঞ্চল জীৱবৈচিত্ৰ্যত অতি চহকী। জীৱ বিজ্ঞানীসকলে সমগ্র বিশ্বত মুঠ 25 টা অঞ্চলক জীৱবৈচিত্ৰ্যৰ প্ৰাচুৰ্য অঞ্চল বুলি চিনাক্ত কৰিছে। এনে একোটা অঞ্চলক Hot Spot বুলি নামাকৰণ কৰা হৈছে। উদাহৰণস্বৰূপে-ভাৰতবৰ্ষত এনে দুটা অঞ্চল আছে। এটা হ’ল পূব হিমালয়ৰ পাদদেশ আৰু আনটো দক্ষিণ ভাৰতৰ পশ্চিমঘাট অঞ্চল ।

 

লগতে চাওকঃ  মনেৰা ৰাজ্য  ,   বৰ্গ আৰু গোত্ৰ ,  শেলাই আৰু ভেঁকুৰ

Leave a Reply