জ্যোতি প্ৰসাদ
জ্যোতি
অসমৰ জ্যোতি
ভাৰতৰ জ্যোতি
পৃথিৱীৰ ৰূপোদীপ্ত সমুজ্জ্বল জোতি।
জ্যোতি দেউলত
জ্ঞানৰ উদয় আচলত
নৱ নৱ ধ্যান-ধাৰণাৰে
জ্ঞান সাধনাৰে
লভিলা প্রথমে তুমি ৰূপৰ পৰশমণি
জ্যোতিৰ প্ৰসাদ ।
কৰিলা বিদূৰ এই পৃথিৱীৰ যতমানে জীৰ্ণ অৱসাদ।
তপোসিদ্ধ হৈ তুমি
সুন্দৰৰ সুন্দৰক চুমি
ছটিয়াই সুন্দৰৰ ৰেণু গুৰি ধূলি
ৰূপৰ পৰশ মেলি
উজ্বলালা নিচলা অসম ভূমি
মহা ভাৰতত—
জংগমশীল বৈশ্বানৰ জগতৰ—
তুমি যে কৰিলা এই অসমী ৰূপহী,
ফুলালা দুখুনী জননীৰ কপালত ৰূপ
ৰহ পোৱা হাঁহি ।
পৰশি পৰশ মণি
হাঁহিৰ ৰহণ সানি
অসমীৰ
ভাৰতীৰ
ধাত্ৰী জগতীৰ
উঠিল বিকশি মুখ শতদল পাহি।
জ্যোতি! অসমৰ প্ৰাণৰ পুতলি জ্যোতি
অসমীৰ হিয়াৰ চাকিৰ জ্যোতি
ভাৰতৰ পৃথিৱীৰ মহা শিল্পী জ্যোতি
শিল্পীৰ পৃথিৱীৰ জ্যোতি।
লংঘি কামদীপ্ত অগ্নিগড়
অলংঘ বিন্ধ গিৰি জীৱন পথৰ
দূৰ কৰি অজ্ঞানতা অন্ধকাৰ ঘোৰ
হৃদয় বিদাৰি
ৰক্ত ৰাগ ৰুধিৰ নিঙাৰি ।
শোণিত সাগৰ মথি
মথিত মুকুতা ৰক্ত প্রবালেৰে গুঁঠি
তুমিয়ে সাজিলা সুন্দৰৰ নৱদল
যতনে পাতিলা তাতে শোণিত কুঁৱৰীৰ স্নিগ্ধ টোল।
শোণিতৰ ফেনিলোচ্ছাস সুধা উজ্বলা মনীষা —
সোণোৱালী ঊষা।
পুঞ্জীভূত বেদনাত ভুগি
তোমাৰ পৰশ লাগি
জাগি
গুচালে মনৰ তৃষ্ণা
জীৱনৰ বদ্ধগীত-গান
নৱ নৱ তান
হ’ল মুক্তিমান ।
ত্যেজি সুপ্তি
লভি মুক্তি
বিধ বিধ ৰূপে সৃষ্টি হই বহমান্
অপৰূপ সৃজন নিৰুদ্ধ
হ’ল অনিৰুদ্ধ ৷
অসমৰ সাহিত্য মঞ্চৰ তুমি আছিলা বিশুদ্ধ হোতা
যাজ্ঞিক সাগ্নিক—
লিখনি তুলিকা দলিয়াই
ক্লীৱ ভাব উফৰাই
সেনানীৰ মাজে ৰণনীতি ৰণহালি উজ্বলাই
হই বীৰ উচ্চ শিৰ
প্রশান্ত নির্ভীক।
ৰাজসিক তেজেৰে তুমি হৈ তেজীয়ান
গৰিমাত গৰিয়ান, মহিমাত মহিয়ান
অসমৰ ৰঙ্গভূমি জ্বালি
বীৰ্য্যোদীপ্ত পোহৰত উজ্বলি উজ্বলি
বিয়াল্লিছ চনৰ অধ্যায় লিখি
উজ্বলাই স্বাধীনতা যজ্ঞ হোমাগ্নি অগনিৰ চাকি—
যাৰ পোহৰত তুমি উঠিছিলা নিজেই জিলিকি ।
ৰূপালী পটত
জয় জয়কাৰে কৰি সতী জয়মতী
আদৰ্শ ৰমণী মহাসতী
আৰু অসমৰ
নাৰী যুৱকৰ
প্ৰণয়ৰ
প্রতীক্ যুগল ইন্দ্ৰধনুখন ‘ইন্দ্ৰমালতী’।
‘কাৰেঙৰ লিগিৰী’ৰ সুন্দৰ পোহৰ
‘ৰূপালীম’ ৰূপকৰ ৰূপৰ কোঁৱৰ
যাদুকৰী অফুৰন্ত লিখনিৰ পৰা
ধাৰাসাৰে বৈ থাকে অমৃত নিজৰা
‘লভিতা’ ৰূপকোঁৱৰ
সুন্দৰ কোঁৱৰ ।
জয়মতী—
‘বিলাতৰ পুত্ৰ’ নতুন দিনৰ কৃষ্টি
শিল্পীৰ পৃথিৱী;
লোহিতৰ পাৰৰ অগ্নি সুৰ
শুনি শুনি অসমৰ তাপিত হিয়াত লাগে জুৰ
আৰু আৰু যে কিমান –
ৰচিলা গুঁঠিলা গীতাৱলী তৰাৱলী
দীপাৱলী জ্বালি
আপোন উজ্বলা হই হ’লা দীপ্তিমান
আজি নাই তুমি
অসমৰ
চেনেহৰ
মৰমৰ
জ্যোতি
আজিতো লাগে তোমাৰেই স্মৃতি
স্মৰো তোমাৰেই কৃতি
মেলোঁ তোমাৰেই জ্যোতি
গাই তোমাৰেই গান
হে জ্যোতি সিদ্ধ তাপস কুমাৰ ৰূপ সাধক
দধিচি জ্যোতিষ্মান
আহা জ্যোতি
দিয়া জ্যোতি
তোমাৰ জ্যোতিত কৰি স্নান
তোমাৰ স্মৃতিত লভি জ্যোতিৰ প্ৰসাদ
অগ্ৰৱালা সতে হওঁ আমি জ্যোতিষ্মান
আহা পুণ্যৱান ৷
লগতে চাওকঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনী , বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত