কোনো এটা বাকা বা বাক্যৰ একোটা খণ্ড সংক্ষেপে কৰি একোটা শব্দতে প্ৰকাশ কৰিব পৰা যায়। ইয়াকে বাক্-সংহতি বা কথা-সংক্ষেপকৰণ বোলা হয়।
আনৰ ভাল দেখিব নোৱৰা – চকু-চৰহা
যি আনৰ অধীন নহয় – স্বাধীন।
যি আনৰ অধীন – পৰাধীন।
যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে—ডকাইত।
যি লোকে বিশ্বাস ৰাখিব নোৱাৰে– অবিশ্বাসী।
যি মাটিৰ উৎপাদিকা শক্তি নাই— অনুবৰা।
যি মাটিত সাৰ নাই— অসাৰুৱা।
ঘাঁহেৰে ভৰা যি ঠাই—ঘাঁহনি।
যি কথাৰ অৰ্থ নাই – নিৰৰ্থক, অর্থহীন ।
খাবলৈ অনা কল-পুলি—পচলা।
কলেৰে ভৰা যি ঠাই – কলনি।
কাণেৰে নুশুনা যি মানুহ – কলা।
যি তিৰোতাই কাপোৰ ব’ব জানে— শিপিনী।
গৰু বন্ধা ঠাই— গোহালি।
মহ থন্ধা ঠাই–খুঁটি।
যি মাগি খায়-মগনিয়াৰ ।
যি খুজি খায়— খোজনিয়াব।
যি দীর্ঘকাল জীয়াই থাকে -দীর্ঘজীৱী।
যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে–আত্মনির্ভৰশীল, স্বাৱলম্বী।
যি পৰৰ ওপৰত নিৰ্ভৰ কৰি চলে— পৰনিৰ্ভৰশীল।
যি কথা জনা নাযায় -অজ্ঞাত, অজানিত।
যাক সহজতে লাভ কৰা যায় – সুলভ, অনায়াসলভ্য, সহজলভ্য।
যাক সহজতে লাভ কৰিব নোৱাৰি– দুর্লভ।
নোহোৱা বস্তু উদ্ভাৱন কৰোঁতা— আৱিষ্কাৰক, আবিষ্কর্তা।
যি আনৰ মুখলৈ বাট চাই থাকে– পৰমুখাপেক্ষী।
যাৰ বল আছে—বলী।
যি পথৰপৰা বিচলিত হৈছে—পথভ্ৰষ্ট।
যি দেশৰ হকে মৃত্যুবৰণ কৰে— শ্বহীদ ।
যি মানুহৰ নিজাপী ঘৰ-বাৰী নাই – অঘৰী।
যি জন্ত ঘৰত পোহা হয়— পোহনীয়া।
যি জুইত পুৰি নাযায়– অদাহ্য।
যি ঘটনা আগেয়ে ঘটা নাই— অভূতপূর্ব।
যি চিঠি বিলায়– পিয়ন।
যি জনে বিয়া কৰোৱা নাই– অবিবাহিত।
যি মানুহে দেশক ভাল পায়— দেশপ্রেমিক।
যাৰ ধন আছে—ধনী।
যি মানুহ দেশৰ ভক্ত– দেশভক্ত।
যাৰ বল নাই— নির্বলী, দুর্বল।
যি জন কৰ্মত বীৰৰ তুল্য— কমবীৰ।
যি দুয়োটা চকুৰে দেখা নাপায়— অন্ধ।
ঘৰত থকা জন্তু – ঘৰচীয়া।
যি এটা চকুৰে নেদেখে – কণা।
বাটেৰে যোৱা মানুহ —বাটৰুৱা।
যাৰ পিতৃ-মাতৃ দুয়ো মৰিছে—ঘাট মাউৰা।
য’ত বহুতো ল’ৰা-ছোৱালীয়ে পঢ়ে – পঢ়াশালি, বিদ্যালয়।
যি ঠাই অতি ঠাণ্ডাও নহয়, গৰম নহয়- নাতিশীতোষ্ণ।
বৰষুণ নোহোৱা যি বতৰ – খৰাং।
বনত থকা বস্তু বা জন্তু – বনৰীয়া।
যাৰ একোৱেই নাই— অকিঞ্চন, ।
যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত—প্রাতঃ স্মৰণীয়।
যি তিৰোতাই ধান ৰোৱে – ৰোৱনী।
যি তিৰোতাই ধান দায় – দাৱনী।
যাক সহজে বুজা যায়— সহজবোধ্য।
যাক বুজিব পাৰি– বোধগম্য।
যি যন্ত্ৰেৰে হাতেৰে সূতা কাটে– যঁতৰ।
হঠাতে হোৱা যি ঘটনা— আকস্মিক ।
জুই ধৰি ৰখা যি ঠাই—জুহাল।
সোণৰ দৰে বৰণ যাৰ – সোণালী।
ৰূপৰ দৰে বৰণ যাৰ – ৰূপালী ।
ভোগ আছে য’ত–ভোগালী।
ৰন্ধা-বঢ়া কৰা যি ঠাই— ৰান্ধনি-শাল।
গধূলি চকুৰে যি নেদেখে-কুকুৰীকণা।
যি সঁচা কথা কয়— সত্যবাদী।
ইন্দ্ৰিয় জয় কৰিব পাৰে— জিতেন্দ্রিয়।
মাটিৰে যি নির্মিত—মৃন্ময়।
যি তিৰোতাৰ স্বামী মৰিছে – বিধৱা, বাঁৰী৷
যি পুৰুষৰ ঘৈণীয়েক মৰিছে– বৰলা, বিপত্নীক।
যি নিজক নিজে পণ্ডিত বুলি ভাবে— পণ্ডিতম্মন্য।
যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে— হতবুদ্ধি।
যি অনুষ্ঠান শৰৎ কালতে হয় – শাৰদীয় ।
মিছা কথা যি কয়–মিছলীয়া।
যি মাতৃৰ মাত্র এটাহে সন্তান- কাকবন্ধ্যা।
একে মাকৰ যি সস্তান– সহোদৰ, সোদৰ।
একে সময়তে হোৱা – সমসাময়িক।
এবাৰ গুটি লাগি মৰা গছ – ওষধি।
লোকক দেখি পাছত যি কৰা যায়–অনুকৰণ।
লোকক দেখি পিছে পিছে যোৱা – অনুসৰণ।
লোকৰপৰা পোৱা নিন্দা – লোকনিন্দা।
সাহ যাৰ আছে— সাহসী, সাহিয়াল।
বিহুৰ আগ দিনা— উৰুকা।
খাৰণি সমা সৰিয়হৰ গুৰি— খাঁৰলি ।
মাটিৰ নিচেই সৰু টেকেলি— ভুবকা।
আনৰ দোষ দেখা স্বভাৱ— অসূয়া।
ঠেং নোহোৱা ভেকুলী পোৱালি—লালুকী।
যি গুণীৰ গুণ বুজিব পাৰে – গুণগ্রাহী।
যি বিদেশৰপৰা আহে- বিদেশী।
যাক ভেদ কৰিব নোৱাৰি— অভেদ্য।
যি ঈশ্বৰক বিশ্বাস কৰে— আস্তিক।
যি ঈশ্বৰক বিশ্বাস নকৰে — নাস্তিক।
যি পৰৰ ঠাইত বাস কৰে—প্রবাসী।