INDIAN RAILWAY (ভাৰতীয় ৰে’লসেৱা)ৰ লগত জড়িত কিছুমান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ || Important questions on RRB Exam in Assamese || important GK questions on Indian railways in Assamese
ভাৰতীয় ৰে’লসেৱাৰ Important GK :
১/ কোনখন দেশৰ লগত ভাৰতৰ ৰে’লপথৰ সংযোগ নাই?
উত্তৰ: শ্ৰীলংকা
২/কোনটো প্ৰযুক্তিৰ কোম্পানীয়ে ভাৰতীয় ৰে’ল বিভাগৰ সৈতে সহযোগিতা কৰি ৰে’ল ষ্টেচনত free wifi ৰ সুবিধা প্ৰদান কৰিছে?
উত্তৰ: গুগল( Google)
৩/ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম সৌৰশক্তি চালিত চহৰ কোনখন?
উত্তৰ: গুৱাহাটী
৪/ ভাৰতীয় ৰে’ল বিভাগে সৰ্বপ্ৰথম ‘গ্ৰীন কৰিড’ ৰ’ কোনটো মণ্ডলত আৰম্ভ কৰে?
উত্তৰ: দক্ষিণ ৰে’লৱে (South Railway)
৫/ ভাৰতীয় ৰে’ল বিভাগে সকলো ৰে’লত ‘ বায়ু টয়লেট ‘ সংযুক্ত কৰাৰ লক্ষ্য কোন চনত সম্পূৰ্ণ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে?
উত্তৰ: ২০১৯ চনত
৬/ ভাৰতীয় ৰে’ল বিভাগে প্ৰথম CNG চালিত ৰে’লৰ চলাচল কেতিয়া আৰম্ভ কৰিছে?
উত্তৰ: ২০১৫ চনত
৭/ পৃথিৱীৰ ভিতৰত সৰ্বপ্ৰথম সৌৰশক্তিচালিত ৰে’ল চলাচল কোন দেশত আৰম্ভ হয়?
উত্তৰ: ভাৰত
৮/ বৰ্তমান ভাৰতৰ ৰে’ল মন্ত্ৰী কোন?
উত্তৰ: অশ্বিনী বৈষ্ণৱ
৯/ বৰ্তমান ভাৰতৰ ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ কোন?
উত্তৰ: সতীশ কুমাৰ
১০/ ভাৰতৰ ৰে’লৱে ব’ৰ্ড কেতিয়া গঠন হৈছিল?
উত্তৰ: ১৮৫৩,১৬ এপ্ৰিল
১১/ ভাৰতৰ ৰে’ল কিমানটা মণ্ডলত(ZONE) ভাগ কৰা হৈছে?
উত্তৰ: ১৭ টা
১২/ভাৰতৰ স্বাধীনতাৰ পিছত প্ৰথম ৰে’ল মন্ত্ৰী কোন?
উত্তৰ: জন মাথাই
১৩/ভাৰতত ৰে’ল প্ৰশাসন কোনে নিয়ন্ত্ৰণ কৰে?
উত্তৰ:ৰে’লৱে ব’র্ড
১৪/ ভাৰতত প্ৰথম ৰে’লৱে আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰ: ১৮৯০ চনত
১৫/ ভাৰতত দ্বিতীয় ৰে’লৱে আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰ: ১৯৮৯ চনত
১৬/ ভাৰতৰ ৰাষ্ট্ৰীয় ৰে’ল সংগ্ৰহালয় ক’ত আছে?
উত্তৰ: দিল্লী
১৭/ ৰাষ্ট্ৰীয় ৰে’ল সংগ্ৰহালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰ: ১৯৭৭ চনত
১৮/ ভাৰতৰ একেবাৰে উত্তৰ দিশত অৱস্থিত ৰে’ল ষ্টেচনটোৰ নাম কি?
উত্তৰ: বাৰামুলা
১৯/ ভাৰতৰ ৰে’লৱে কেতিয়া ৰাষ্ট্ৰীয়কৃত কৰা হৈছিল?
উত্তৰ: ১৯৫১ চনত
২০/ পৃথিৱীৰ দীৰ্ঘতম ৰে’লৱে প্লেটফৰ্মটোৰ নাম কি?
উত্তৰ: গোৰখপুৰ
২১/ ভাৰতৰ ৰে’লৱেৰ আটাইতকৈ ডাঙৰ জ’ন (Zone) টোৰ নাম কি?
উত্তৰ: উত্তৰ ৰে’লৱে
২২/ ভাৰতত মেট্ৰ’ ৰে’ল প্ৰথমে কেতিয়া প্ৰচলন হৈছিল?
উত্তৰ: ১৯৮৪ চনত
২৩/ ভাৰতৰ ৰে’লৱে কলেজ (নেচলেন একাডেমী অৱ ইণ্ডিয়ান ৰে’লৱে ) ক’ত অৱস্থিত?
উত্তৰ: বডোডৰা
RRB NTPC Exam E-Book- অসমীয়া মাধ্যমৰ বাবে
এইটো লিংকটোত ক্লিক কৰি বুকখন ক্ৰয় কৰিব পাৰিব।
Buy Now : Click Here
২৪/ ভাৰতৰ ৰে’ল বিশ্বৰ ভিতৰত আকাৰৰ ফালৰ পৰা কিমানতম স্থানত আছে?
উত্তৰ: চতুৰ্থ
২৫/ ভাৰতৰ ৰে’ল ব্যৱস্থাৰ কিমান শতাংশ ৰে’লপথ বৈদ্যুতিক?
উত্তৰ: ৪৫%
২৬/ ভাৰতৰ ৰে’ল বাজেট ব্যৱস্থা কোন বিত্ত বৰ্ষৰ পৰা বিলুপ্ত কৰা হয়?
উত্তৰ: ২০১৭-২০১৮
২৭/ ভাৰতৰ অন্তিমখন ৰে’ল বাজেট কোনজন মন্ত্ৰীয়ে আগবঢ়াইছিল?
উত্তৰ: সুৰেশ প্ৰভু
২৮/ ভাৰতত সৰ্বপ্ৰথম ৰে’ল কিমান চনত চলিছিল?
উত্তৰ: ১৬ এপ্ৰিল, ১৮৫৩
২৯/ভাৰতত সৰ্বপ্ৰথম ৰে’ল কোন দুখন ঠাইৰ মাজত চলিছিল?
উত্তৰ: বোম্বাই আৰু থানে
৩০/ ভাৰতত সৰ্বপ্ৰথম যাত্ৰীবাহী ৰে’ল কিমান চনত চলিছিল?
উত্তৰ: ১৫ আগষ্ট, ১৮৫৪
৩১/ভাৰতত প্ৰথম যাত্ৰীবাহী ৰে’ল কোন দুখন ঠাইৰ মাজত চলিছিল?
উত্তৰ: হাওৰা আৰু হুগলী
৩২/ নতুনকৈ স্থাপন কৰা ‘ পূৰ্ব উপকূল ৰে’ল মণ্ডল ‘ ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: ভূৱনেশ্বৰ
৩৩/ কোনখন ৰে’লে সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰে?
উত্তৰ: গুৱাহাটী – থিৰুৱনন্তপুৰম এক্সপ্ৰেছ
৩৪/ কোনখন নগৰত ভাৰতৰ তিনিটা ৰে’ল মণ্ডলৰ মুখ্য কাৰ্যালয় আছে?
উত্তৰ: কলকাতা
৩৫/ ভাৰতত বৃহত্তম ৰে’ল জংচন কোনটো?
উত্তৰ: মথুৰা
৩৬/ ভাৰতৰ ৰে’লৰ আটাইতকৈ পূৱ দিশত থকা সংমণ্ডলটো কি?
উত্তৰ: তিনিচুকীয়া
৩৭/ পৃথিৱীৰ উচ্চতম ৰে’ল দলংখন কাশ্মীৰৰ কোন নদীৰ ওপৰত আছে?
উত্তৰ: চেনাব
৩৮/ পৃথিৱীৰ সৰ্ববৃহৎ ৰে’লৱে প্লেটফৰ্ম ‘গোৰখপুৰ’ কোন ৰাজ্যত অৱস্থিত?
উত্তৰ: উত্তৰ প্ৰদেশ
৩৯/ তিনিওটা গজ ( ব্ৰড, মিটাৰ, নেৰো) ৰে’ল লাইন থকা ষ্টেচন কোনটো?
উত্তৰ: শিলিগুৰি
৪০/ ‘ব্ৰডগজ ‘ ৰে’লপথৰ বহল কিমান?
উত্তৰ: ৫ ফুট ৬ ইঞ্চি
৪১/কোনজন ব্যক্তিৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি ১৯৮৯ চনত শতাব্দী এক্সপ্ৰেছৰ প্ৰচলল হৈছিল?
উত্তৰ: জৱাহৰলাল নেহৰু
৪২/ ভাৰতত ৰে’ল ব্যৱস্থাৰ প্ৰচলন হওঁতে গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ: লৰ্ড ডেলহাউচি
৪৩/ ‘ ভাৰতীয় ৰে’লৱেৰ বিত্তীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান’ ক’ত স্থাপন কৰা হয়?
উত্তৰ: ছেকেন্দ্ৰাবাদ
৪৪/ ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰে’লপথ আছে?
উত্তৰ: উত্তৰ প্ৰদেশ
৪৫/ ভাৰতীয় ৰে’ল ব্যৱস্থাত কিমানটা সংমণ্ডল আছে?
উত্তৰ: ৬৯ টা
৪৬/ ‘ মেট্ৰ’ ৰে’ল ‘ (মাটিৰ তলেৰে) কোনখন ৰাজ্যত আছে?
উত্তৰ: পশ্চিমবংগ
৪৭/ ভাৰতীয় ৰে’লৰ উপাৰ্জনৰ মূল উৎস কি?
উত্তৰ: মাল ভাৰা
৪৮/ ভাৰতত প্ৰথম ৰে’লপথৰ নিৰ্মাণকাৰ্য কোন চনত আৰম্ভ হৈছিল?
উত্তৰ: ১৮২১ চনত
৪৯/ ভাৰতত প্ৰথম ৰে’লগাড়ী খনে কিমান দূৰ ভ্ৰমণ কৰিছিল?
উত্তৰ: ৩৪ কিলোমিটাৰ
৫০/ ‘ ডিজেল ইঞ্জিন নিৰ্মাণ ‘ কাৰখানা ক’ত আছে?
উত্তৰ: বাৰাণসী
৫১/ ‘ ৰে’ল হুইল ফেক্টৰী ‘ ক’ত আছে?
উত্তৰ: বাংগালোৰ
৫২/ ‘ চিত্তৰঞ্জন ৰে’ল ইঞ্জিন ‘ কাৰখানা কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ: ১৯৪৭ চনত
৫৩/ ভাৰতৰ সৰ্বমুঠ ৰে’ল ষ্টেচন কিমানটা?
উত্তৰ: ৬৮৫৩ টা
৫৪/ ভাৰতৰ বৈদ্যুতিক ৰে’ল প্ৰথমে কোন চনত আৰম্ভ হৈছিল?
উত্তৰ: ১৯২৫ চনত
৫৫/ প্ৰথম বৈদ্যুতিক ৰে’ল ক’ৰ ক’ৰ মাজত চলিছিল?
উত্তৰ: বোম্বে – কুৰলা
৫৬/ প্ৰথম ৰাজধানী এক্সপ্ৰেছ কেতিয়া চলিছিল?
উত্তৰ: ১৯৬৯ চনত
৫৭/ প্ৰথম ৰাজধানী এক্সপ্ৰেছ ক’ৰ পৰা ক’লৈ চলিছিল?
উত্তৰ: হাওৰা – দিল্লী
৫৮/ ভাৰতত কেতিয়া কম্পিউটাৰৰ সহায়ত যাত্ৰী টিকট সংৰক্ষণ ব্যৱস্থা আৰম্ভ হৈছিল?
উত্তৰ: ১৯৮৬ চনত
৫৯/ ভাৰতৰ আটাইতকৈ দীঘল ৰে’ল দলং কোনখন?
উত্তৰ: ভেম্বানন্দ ৰে’লৱে ব্ৰীজ, কোচি
৬০/কোনখন ৰাজ্যত ৰে’লপথৰ ব্যৱস্থা নাই?
উত্তৰ: ছিকিম
৬১/ ভাৰতৰ আটাইতকৈ দীঘল ৰে’ল সুৰঙ্গটো ক’ত আছে?
উত্তৰ: পীৰ প্ৰাঞ্জল সুৰঙ্গ, কাশ্মীৰ
৬২/ কোনটো ৰে’ল ষ্টেচনক পূৰ্বতে ‘ ভিক্টোৰিয়া টাৰ্মিনাছ ‘ বুলি জনা গৈছিল?
উত্তৰ: ছত্ৰপতি শিৱাজী টাৰ্মিনাছ
৬৩/ পৃথিৱীৰ আটাইতকৈ পুৰণি ভাপ ইঞ্জিন যিটো দিল্লী আৰু আলৱাৰৰ মাজত চলে, নাম কি?
উত্তৰ: ফেয়াৰী কুইন
৬৪/ ভাৰতীয় ৰে’লৱেৰ শুভংকৰ কি?
উত্তৰ: ভোলু নামৰ হাতী
৬৫/ ভাৰতৰ একেবাৰে দক্ষিণত থকা ৰে’ল ষ্টেচনটোৰ নাম কি?
উত্তৰ: কন্যাকুমাৰী
৬৬/ ভাৰতৰ আটাইতকৈ চুটি নামৰ ষ্টেচনটো কি?
উত্তৰ: ইব, উৰিষ্যা
৬৭/ ৰে’ল ইঞ্জিনৰ আৱিষ্কাৰক কোন?
উত্তৰ: জৰ্জ ষ্টিভেনচনছ
৬৮/ ভাপ ইঞ্জিনৰ আৱিষ্কাৰক কোন?
উত্তৰ: জেমছ ৱাট
৬৯/ ৰে’লৰ ভেকুৱাম ব্ৰেকৰ আৱিষ্কাৰক কোন?
উত্তৰ: গুৰুপ্ৰসাদ দাস
৭০/ পৃথিৱীৰ প্ৰথম ‘ ৰে’লৰ সময়সূচী ‘ কোনে প্ৰস্তুত কৰিছিল?
উত্তৰ: জৰ্জ ব্ৰেডশ্ব
৭১/ ভাৰতৰ R.P.F ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Railway Protection Force
৭২/ R.P.F ৰ কাৰ অধীনত?
উত্তৰ: ৰে’ল মন্ত্ৰালয়
৭৩/ R.P.F ৰ বৰ্তমান সঞ্চালক প্ৰধান কোন?
উত্তৰ: ধৰ্মেন্দ্ৰ প্ৰধান
৭৪/ R.P.F কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯৮৪ চনত
৭৫/ G.R.P ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ: Government Railway Police
৭৬/ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ৰে’ল বিভাগৰ স্থান কিমান?(বৃহত্তম নিয়োগকাৰীৰ হিচাপত)
উত্তৰ: চতুৰ্থ
৭৭/ ‘ মৈত্ৰী এক্সপ্ৰেছ ‘ ৰে’লখনে ভাৰতক কোনখন দেশৰ লগত সংযোগ কৰে?
উত্তৰ: বাংলাদেশ
৭৮/ ‘ সমঝুতা এক্সপ্ৰেছ ‘ ৰে’লখনে ভাৰতক কোনখন দেশৰ লগত সংযোগ কৰে?
উত্তৰ: পাকিস্তান
৭৯/ বৰ্তমান ভাৰতত কিমানখন ৰাজধানী এক্সপ্ৰেছ প্ৰচলন হৈ আছে?
উত্তৰ: ২৫ খন
৮০/ বৰ্তমান ভাৰতৰ আটাইতকৈ দ্ৰুতবেগী ৰে’লগাড়ী খন কি?
উত্তৰ: বন্দে ভাৰত
৮১/ ‘ তেজাছ এক্সপ্ৰেছ ‘ প্ৰথম কেতিয়া আৰম্ভ হয়?
উত্তৰ: ২০১৭ চনত
৮২/ ‘গতিমান এক্সপ্ৰেছ ‘ ৰে’ল প্ৰথম কেতিয়া আৰম্ভ হয়?
উত্তৰ: ২০১৬ চনত
৮৩/ প্ৰথম ‘ দুৰন্ত এক্সপ্ৰেছ ‘ ৰে’ল কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: ২০০৯ চনত
৮৪/উত্তৰ-পূৱ সীমান্ত ৰে’লৱে (NFR) মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ : মালিগাওঁ
৮৫/ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কিমানটা সংমণ্ডল আছে?
উত্তৰ: ৫ টা
৮৬/ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে কেতিয়া গঠন হৈছিল?
উত্তৰ: ১৯৫৮ চনত
৮৭/ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ অধীনত মুঠ ৰে’ল পথ কিমান আছে?
উত্তৰ: ৩৯০৭
৮৮/ উত্তৰ – পূৱ সীমান্ত ৰে’লৱেত কিমানটা ষ্টেচন আছে?
উত্তৰ: ৬৯০
৮৯/ উত্তৰ – পূৱ সীমান্ত ৰে’ল পথৰ অধীনত কোন খন বিদেশী ৰাষ্ট্ৰলৈ ৰে’ল লাইন সম্প্ৰসাৰণ ৰ কাম চলি আছে?
উত্তৰ: ম্যানমাৰ
৯০/ ভাৰতৰ আটাইতকৈ ব্যস্ত ৰে’ল ষ্টেচন কোনটো?
উত্তৰ: হাওৰা
৯১/ ‘ পেলেচ অন হুইলছ ‘ নামৰ বিলাসী ৰে’লগাড়ী খনৰ চলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: ১৯৮২ চনত
৯২/ ভাৰতৰ কোনখন মহানগৰত প্ৰথম উপপথেৰে ৰে’ল চলাচল আৰম্ভ হৈছিল?
উত্তৰ: কলকাতা
৯৩/ পাহাৰীয়া অঞ্চলত কোনটো গজৰ ৰে’ল লাইন ব্যৱহাৰ কৰা হয়?
উত্তৰ: নেৰ’গজ
৯৪/ সৰ্বপ্ৰথম কোন চনত ভাৰতত ‘ ৰে’ল বাজেট ‘ দাখিল কৰা হৈছিল?
উত্তৰ: ১৯২৫ চনত
৯৫/ ‘ হুইল আৰু এক্সেল প্লান্ট ‘ (কাৰখানা) ভাৰতৰ কোনখন নগৰত আছে?
উত্তৰ: বাংগালোৰ
৯৬/ চাৰিওফালে ৰে’ল লাইনেৰে আগুৰি থকা প্লেটফৰ্মক কি বোলে?
উত্তৰ: আইলেণ্ড প্লেটফৰ্ম
৯৭/ ভাৰতৰ যাত্ৰীবাহী ৰে’লৰ দবাসমূহ ক’ত নিৰ্মাণ কৰা হয়?
উত্তৰ: পেৰাম্বুৰ
৯৮/ ভাৰতৰ ৰে’ল বিভাগৰ কিমানটা নিৰ্মাণস্থলী আছে?
উত্তৰ: ৬
৯৯/ ‘ ফেয়াৰী কুইন ‘ নামৰ ভাপ ইঞ্জিনটো যি এতিয়াও কাৰ্যক্ষম হৈ আছে, কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ১৮৫৫
১০০/ ‘ কোংকন ৰে’লৱেই ‘ কেইখন ৰাজ্যক সাঙুৰি লৈছে?
উত্তৰ: ৪
১০১/ পৃথিৱীৰ দীৰ্ঘতম ৰে’লপথ থকা দেশখনৰ নাম কি?
উত্তৰ: আমেৰিকা
১০২/ ব্ৰডগজ ৰে’লপথৰ প্ৰস্থ কিমান?
উত্তৰ: ১.৬৭৬ মিটাৰ
১০৩/ ভাৰতীয় ৰে’লৱেৰ গৱেষণা, ডিজাইন আৰু মানক সংস্থা ক’ত আছে?
উত্তৰ: লক্ষ্ণৌ
১০৪/ ‘ Zone ‘ ( মণ্ডল) হিচাপত ভাৰতীয় ৰে’লৱেক কোন চনৰ পৰা ভাগ কৰা হ’ল?
উত্তৰ: ১৯৫১
১০৫/ কোন দেশৰ সংযোগত ভাৰতত বুলেট ট্ৰেইনৰ প্ৰযুক্তি প্ৰয়োগ কৰা হ’ব ?
উত্তৰ: জাপান
১০৬/ প্ৰস্তাৱিত বুলেট ট্ৰেইন ( হাইস্পীড ট্ৰেইন) প্ৰথমে ভাৰতৰ ক’ৰ পৰা ক’লৈ চলিব?
উত্তৰ: আহমেদাবাদ – মুম্বাই
১০৭/ বৰ্তমান ভাৰতৰ ( ফ’ৰ্চ – ২০১৮) কিমান শতাংশ ৰে’ল পথ বৈদ্যুতিকৰণ কৰা হৈছে?
উত্তৰ: ৬০%