পয়-লেং উৎসৱ

 টাই শ্বান বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ অন্যতম প্ৰসিদ্ধ উৎসৱ || পয়-লেং উৎসৱ || Poy-leng festival in Assamese language ||টাই সংস্কৃতি

পয়-লেং উৎসৱ

পয়-লেং” : 

বহু বছৰৰ আগৰ পৰা অসম তথা উত্তৰ পূৱ ভাৰতত বসবাস কৰি অহা টাই শ্বান বৌদ্ধ জনগোষ্ঠীৰ লোকসকল যেনে খাময়াং, খামতি, ফাকে, আইটান আৰু তুৰুং জনগোষ্ঠী দক্ষিণ – পূৱ এচিয়াৰ বিৰাট টাই শ্বান জাতিৰ এক প্ৰধান ফৈদ। এই জনগোষ্ঠীৰ লোকসকলৰ অসম তথা উত্তৰ পূৱ ভাৰতলৈ আগমনৰ লগে লগে টাই কলা – সংস্কৃতি, ভাষা, সাহিত্য, ইতিহাস আৰু ধৰ্মৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হ’ল। টাই সংস্কৃতি এক প্ৰাচীন, বিশাল আৰু চহকী সংস্কৃতি । টাই শ্বান বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত আৰু প্ৰসিদ্ধ উৎসৱসমূহ পালনৰ জৰিয়তে সাম্প্ৰতিক কালৰ কলা – সংস্কৃতি আৰু সভ্যতাৰ উপৰি পূৰ্বপুৰুষসকলৰ যুগ – যুগান্তৰ জোৰা চিন্তা – চৰ্চা আৰু সাধনাৰ ফল প্ৰতিফলিত কৰা হৈছে। লগতে অতীতৰ ঐতিহ্য আৰু প্ৰমূল্যসমূহৰ বিষয়ে জনাৰ সুবিধা হৈছে।

উৎসৱৰ চমু তাৎপৰ্য:

অসম তথা উত্তৰ-পূৱ ভাৰতৰ টাই শ্বান বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ অন্যতম প্ৰসিদ্ধ উৎসৱ হৈছে ‘পয়লেং’ । টাই ভাষাত ‘ পয় ‘ মানে উৎসৱ, ‘ লেং ‘ মানে ৰস। অৰ্থাৎ ৰাসোৎসৱ। এই উৎসৱক ‘ ম্যা – ফং ‘ বুলিও জনা যায়।
উৎসৱৰ চমু তাৎপৰ্য হৈছে যিসকল বিশিষ্ট আৰু খ্যাতনামা বৌদ্ধ ভিক্ষুৱে জীৱনকালত মানৱ জাতিৰ কল্যাণ আৰু বৌদ্ধ ধৰ্মৰ হকে কাম কৰি জীৱন উৎসৰ্গা কৰে, যিজন বৌদ্ধ ভিক্ষুৱে সংসাৰৰ মায়া, মোহ , তৃষ্ণা আদি ত্যাগ কৰি আজীৱন ভিক্ষুত্ব জীৱন ( কমেও ২০ বছৰ) অতিবাহিত কৰে, তেনে পৰলোকগামী ভিক্ষুৰ মৃতদেহ লগে লগে সৎকাৰ নকৰি বৌদ্ধ পৰম্পৰা আৰু ৰীতি – নীতি অনুসৰি কফিনত কেইবামাহো সংৰক্ষণ কৰি এক বিশেষ স্থানত ( ক্যংনিপপান) ৰখাৰ পাছত এক পৱিত্ৰ মাহ আৰু দিনত তেওঁৰ শেষকৃত্য ( অন্ত্যেষ্টিক্ৰিয়া ) সম্পাদন কৰিবৰ উদ্দেশ্যে ‘ পয়লেং ‘ বা ‘ ম্যা – ফং ‘ উৎসৱ অনুষ্ঠিত কৰা হয়। ভিক্ষুজনৰ নশ্বৰ দেহটো ৰীতি – নীতি অনুযায়ী গা – পা ধুৱাই দেহটো ভৰিৰ পৰা মূৰৰলৈকে পীত বস্ত্ৰ চিৱৰেৰে মেৰিওৱা হয়। তেতিয়া চিৱৰখন গলা মমত জুবুৰিয়াই ভৰিৰ ফালৰ পৰা ক্ৰমাৎ মূৰলৈ মেৰিয়াই দিয়া হয়। সাতবাৰ এই প্ৰক্ৰিয়া কৰা হয়। সম্পূৰ্ণ দেহটো মেৰিওৱাৰ পাছত এটা কফিনত কাঠ, কয়লা, তুহগুড়ি, বৰফ, সুগন্ধিৰ মাজত ৰখা হয়। এই কফিনটো পাছত বাঁহেৰে নিৰ্মিত ওখ এখন চাঙৰ ঘৰ সাজি সংৰক্ষণ কৰি ৰখা হয়। চাংঘৰটোত ৰখাৰ পাছত কফিনটোৰ তলৰ ফালে এটা বিন্ধা কৰি নলী এডাল সংযোগ কৰি মাটিত গাঁত খান্দি সংযোগ কৰি দিয়া হয়। অন্তিম সৎকাৰ কৰাৰ বাবে স্থানীয় গাওঁ বা আন গাঁৱৰ পৰা নিমন্ত্ৰণ কৰি অনা অভিজ্ঞ ভিক্ষু, শিল্পী ব্যক্তিয়ে টাই শ্বান বৌদ্ধ কলা – সংস্কৃতিৰ আৰ্হিত এখন সুন্দৰ কাঠৰ ৰথ সাজি উলিয়ায়। চকাযুক্ত ৰথখনত বিভিন্ন ৰঙৰ কটাফুল, তানখন (ধ্বজা), ড্ৰেগন, হৰিণা, হাতী আদি জীৱ – জন্তুৰ ছবি ৰথৰ ওপৰত সজাই তোলা হয়। ইয়াৰ পাছত ৰথখনৰ দুয়োমূৰে দুডালকৈ মোটা দীঘল ডাঙৰ ৰছী সংযোগ কৰা হয়। তাৰ পিছত অন্তিম সৎকাৰ কৰাৰ এটা বা দুটা দিনৰ পূৰ্বে মামীকৃত নশ্বৰ দেহটো ভিক্ষু – সংঘ আৰু ৰাইজ মিলিত হৈ যাৱতীয় ধৰ্মীয় কাম – কাজবোৰ সম্পাদন কৰাৰ শেষত ৰথখনত তোলা হয়। ক্ষন্তেক সময়ৰ পিছত ‘ পয়লেং’ বা ‘ ম্যা – ফং উৎসৱৰ শুভ আৰম্ভণি হয়।
উৎসৱ আৰম্ভ হোৱাৰ লগে লগে উৎসৱস্থলীত সমবেত ভিক্ষু আৰু ৰাইজে ৰথখন দুয়োদিশে টনা – টনি কৰে। এনেদৰে ৰথখন টনা – টনি কৰাটো তেওঁলোকে অতি পৱিত্ৰ বুলি ভাবে। ইয়াত অংশগ্ৰহণ কৰিবলৈ দূৰ – দূৰণিৰ পৰা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অনেক ৰাইজ আহি উপস্থিত হয়। আনকি বিদেশৰ পৰাও অতিথি আহে। ৰথখন যথেষ্ট আহল – বহল ঠাইত ৰখা হয়। এইদৰে তিনি দিনমান উৎসৱ চলাৰ পাছত শেষৰদিনা নিৰ্দিষ্ট সময়ত ৰথেৰে সৈতে কফিনত ৰখা ভিক্ষুজনৰ নশ্বৰ দেহত অগ্নিসংযোগ কৰি অন্তিম সৎকাৰ কৰা হয়। সেই সময়ত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।
‘ পয়লেং’ উৎসৱ চলি থকা সময়ছোৱাত ৰথ টনা – টনি কৰা কাৰ্য ( Tug of war) তথাগত বুদ্ধৰ জীৱনৰ পৰা লোৱা এক বিধানসন্মত দৃশ্যৰ সৈতে সম্বন্ধ আছে। বুদ্ধদেৱে মহা পৰিনিৰ্বাণপ্ৰাপ্তিৰ পাছত তেওঁৰ নশ্বৰ দেহটো এখন ৰথত কঢ়িয়াই নিয়া হৈছিল। ৰথখন শ্ৰাবন্তী নগৰৰ সদাগৰ অনাথাপিণ্ডিকাৰ ঘৰ অতিক্ৰম কৰিবলৈ লওঁতে ৰৈ গৈছিল গেৰুৱা চীৱৰ দান নকৰাৰ বাবে। তেতিয়া সদাগৰজনে চীৱৰ দান কৰাৰ পাছতহে ৰথখন পুনৰ চলাচল হৈছিল।
কথিত আছে যে টাগ – অব – ৱাৰ Early Buddhisim ৰ সময়ছোৱাৰ সৈতে সম্বন্ধ আছে। এই বিষয়ত বিভিন্ন কাহিনী পোৱা যায়।
Keys নামৰ এজন বিশ্ববিখ্যাত গৱেষক পণ্ডিতে উত্তৰ থাইলেণ্ডৰ Taiyuan ( টাইৱান) সকলে পালন কৰা একেধৰণৰ ধৰ্মীয় কাৰ্যৰ সম্পৰ্কে বৰ্ণনা কৰিছে। তেওঁ ইয়াক শ্বান মূলৰ বুলি মতপোষণ কৰি ইয়াৰ মূল গুৰি সম্পূৰ্ণ বৌদ্ধ বুলি কৈছে। টাগ অব ৱাৰ কাৰ্যৰ মূল তাৎপৰ্য হৈছে – মৃত্যু মানে কি? ইয়াৰ ভাবাদৰ্শ হৈছে, মানুহে মৃত্যুৰ বাবে জন্মগ্ৰহণ কৰে, আৰু পুনৰ জন্ম লবলৈ মৃত্যবৰণ কৰে। আন এজন পণ্ডিতে ড্ৰেগনক লৈ টাগ অব ৱাৰৰ কথা কৈছে। তেওঁ কৈছে – মহিলাৰ দ্বাৰা এনে ড্ৰেগনক লৈ টাগ অব ৱাৰ কাৰ্যৰ দ্বাৰা বৰষুণ নমোৱা আৰু মাটি সাৰুৱা কৰা হয়। দক্ষিণ চীনত টাইসকলে টাগ অব ৱাৰ কাৰ্য কৰে।
উল্লেখ্য যে ম্যানমাৰ, থাইলেণ্ড, চীন , লাওচ, কম্বোডিয়া, ভিয়েটনাম আদি দেশত কোনো বয়োবৃদ্ধ লোকৰ মৃত্যু হ’লে তেওঁৰ নশ্বৰ দেহটো সাতদিন পৰ্যন্ত ঘৰত ৰাখি প্ৰতিদিনে ধৰ্মীয় অনুষ্ঠান পাতি পৰম্পৰাগত আৰু ৰীতি – নীতি অনুসৰি তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
এইখিনিতে Telford নামৰ আন এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন পণ্ডিতে তেওঁৰ এখন গ্ৰন্থত শ্বানসকলে একেধৰণৰ উৎসৱ  আয়োজন কৰা আৰু টাগ অব ৱাৰৰ Kengtung state ৰ ৰীতি – নীতি আৰু দপ্তৰৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে – The shans play and use themselves when contesting in a game of Tug – of – war for the corpse of one of their highly respected Buddhist priests. We have frequently seen the preparations for this ceremony. Upon a huge and cumbersome wooden cart which is specially made for the occasion is moved the ornate coffin of the priest. To the wooden cart,long and large home made ropes are attached. The cart is taken to a big paddy flats. Thereafter, the Tug of war contest takes place.The competing rides pull and tug to win the dead priests body for to winners is awarded the privilege of creating the corpse.
সামৰণিত কওঁ – ‘ পয়লেং ‘ ৰ উদ্দেশ্য থেৰবাদ বৌদ্ধ পৰম্পৰা , ৰীতি, ঐতিহ্য অনুসৰি পৰলোকগামী বিশিষ্ট বৌদ্ধ ভিক্ষুৰ প্ৰতি সন্মান, শ্ৰদ্ধাঞ্জলি জনোৱা। ‘ অনিচ্চা বতা সংকাৰা ‘

Leave a Reply