মহাভাৰত কোনে লিখিছিল | মহাভাৰত চমুটোকা | মহাভাৰতৰ আন এটা নাম কি ?
মহাভাৰত হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন (আনখন হৈছে ৰামায়ণ)। এই মহাকাব্য ইতিহাসৰ এক অংশ।
কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশা বৰ্ণনাৰ উপৰিও মহাভাৰতত হিন্দু দৰ্শনৰ বহুতো তত্ত্ব বিষয়ক আলোচনা সন্নিবিষ্ট আছে,
যেনে- ‘জীৱনৰ চাৰি লক্ষ্য’ বা পুৰুষাৰ্থৰ বৰ্ণনা (১২.১৬১)। এইবোৰ হৈছে ধৰ্ম (সঠিক কাৰ্য্য), পুৰুষাৰ্থ (উদ্দেশ্য), পুৰুষাৰ্থ (সুখ) আৰু মোক্ষ (মুক্তি)।
মহাভাৰতৰ বিভিন্ন কাহিনীবোৰৰ ভিতৰত মদ্ভাগৱত গীতা, দময়ন্তীৰ কাহিনী, ৰামায়ণৰ সংক্ষিপ্ত ৰূপ আৰু ঋষ্যশৃংগ আদিক সুকীয়া কাব্য হিছাপে গণ্য কৰা হয়।
মহাকবি ব্যাসক মহাভাৰতৰ লেখক বুলি অভিহিত কৰা হয়। ইয়াৰ ৰচনাৰ স্তৰ আৰু ইতিহাসৰ তথ্য উলিয়াবলৈ বহুতো চেষ্টা চলোৱা হৈছে।
এই কাহিনীৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৮ম আৰু ৯ম শতিকাৰ ভিতৰত হোৱা বুলি ঠাৱৰ কৰা হৈছে যদিও কাহিনীৰ পুৰণি সংৰক্ষিত অংশ খ্ৰীষ্টপূৰ্ব চাৰিশ বছৰৰ আগৰ নহয়।
সম্ভৱত গুপ্ত যুগৰ প্ৰথম ভাগৰ সময়ত কাহিনীটোৱে এতিয়াৰ ৰূপ পায়। ‘মহাভাৰত’ নামটোৰ অৰ্থ ‘ভাৰত বংশৰ মহান কাহিনী’ বুলিও কোৱা হয়।
মহাভাৰতৰ মতেই কাহিনীটোক ২৪,০০০ শ্লোকৰ পৰা বহলোৱা হৈছে যাক আদিতে কোৱা হৈছিল “ভাৰত” (কোনো কোনোৱে পুৰণি নামটো “বিজয়” বুলিও ক’ব খোজে)।
মহাভাৰতত প্ৰায় এক লাখ শ্লোক আৰু দীঘল গদ্য বৰ্ণনাসমূহ ধৰি প্ৰায় ১৮ লাখ শব্দ আছে। ইয়াৰ কলেৱৰ ইলিয়াদ আৰু ওডিছীৰ সন্মিলিত দৈৰ্ঘ্যতকৈ দহগুণ বেছি বা ৰামায়ণতকৈ চাৰিগুণ বেছি।
ডব্লিউ. জি. জনছনে বিশ্ব সভ্যতাত মহাভাৰতৰ গুৰুত্ব বাইবেল, শ্যেক্সপীয়েৰৰ লেখা, হোমাৰৰ লেখা আৰু কোৰানৰ লগত তুলনা কৰিছে।
পৌৰাণিক পাঠৰ ৰূপ
আগতেই কৈ অহা হৈছে যে পৰম্পৰাগতভাৱে ব্যাসক মহাভাৰতৰ লেখক বুলি কোৱা হয়। মহাভাৰতৰ প্ৰথম অনুচ্ছেদৰ মতে ব্যাসে গণেশক তেওঁৰ শ্ৰুতলিপি অনুসৰি শ্লোকসমূহ লিখিবলৈ অনুৰোধ কৰে।তেতিয়া গণেশে চৰ্ত্ত দিয়ে যে ব্যাসে আবৃত্তিৰ মাজত অকণো ৰ’ব নোৱাৰিব। আনহাতে ব্যাসো এই চৰ্ত্ততহে মান্তি হয় যে গণেশে লিখাৰ পূৰ্বে শ্লোকটো বুজি ল’ব লাগিব।
এই কাব্যখনত কাহিনীৰ ভিতৰত কাহিনীৰ ৰূপ দেখিবলৈ পোৱা যায়। ইয়াক ব্যাসৰ শিষ্য বৈশম্পায়নে অৰ্জুনৰ পৰিনাতি ৰজা জন্মেজয়ক আবৃত্তি কৰি শুনায়। এই আবৃত্তিকে পুনৰ উগ্ৰস্ৰৱা সৌতী নামৰ এজন পেছাদাৰী সাধুকওঁতাই নৈমিশ বনত সন্ন্যাসীৰ এটা দলক শুনায়।
মহাভাৰতৰ মূল কাহিনী “জয়”ক কুৰু নৃপতি ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ উপদেষ্টা তথা সাৰথি সঞ্জয়ৰ কথোপকথন হিছাপে দেখুওৱা হৈছে।
সঞ্জয়ে ওঠৰ দিনৰ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰতিটো ঘটনা বৰ্ণনা কৰি যায়। ধৃতৰাষ্ট্ৰই মাজে মাজে প্ৰশ্ন কৰে আৰু এই যুদ্ধৰ ধ্বংসলীলাৰ কথা গম পাই দুখ আৰু অনুতাপ কৰে।
প্ৰথমে সঞ্জয়ে আন গ্ৰহসমূহৰ আৰু পৃথিৱীৰ বিভিন্ন মহাদেশৰ ব্যাখ্যা কৰে আৰু তাৰপিছত ভাৰতবৰ্ষৰ শ শ ৰাজ্য, জাতি, নগৰ, চহৰ, নদী, পৰ্বত, বন আদি সকলোৰে কথা কয়।
তেওঁ লগতে যুদ্ধৰ দুই পক্ষৰ প্ৰতিদিনৰ সমৰসজ্জা, প্ৰতিজন মহাৰথীৰ মৃত্যু আৰু যুঁজৰ পুংখানুপুংখ বিৱৰণ দিয়ে। ব্যাসৰ জয়ৰ প্ৰায় ওঠৰটা অধ্যায়ত হিন্দুসকলৰ পবিত্ৰ গ্ৰন্থ মদ্ভাগৱত গীতা সন্নিৱিষ্ট আছে।
মহাভাৰতৰ মতেই ব্যাসৰ জয় লগ লাগি বৈশম্পায়নৰ ভাৰতৰ আকাৰ ডাঙৰ হয়। শেষত উগ্ৰস্ৰৱাই দুইখন কাব্য একগোট কৰি মহাভাৰতৰ ৰচনা কৰে।
মহাভাৰতৰ আন এটা নাম কি ?
জয়সংহিতা ।
মহাভাৰত কোনে লিখিছিল
পৰম্পৰাগতভাৱে ব্যাসক মহাভাৰতৰ লেখক বুলি কোৱা হয়।
তথ্যসূত্ৰ : wikipedia