দিল্লীৰ চুলতানী যুগ (১২০৬খ্ৰী:১৫২৬ খ্ৰী:) | দিল্লীৰ চুলতানসকল

দিল্লীৰ চুলতানী যুগ (১২০৬খ্ৰী: -১৫২৬ খ্ৰী:)

 

দিল্লীৰ চুলতানী যুগ

 

ভাৰতবৰ্ষত তুৰ্কীসকলে ১২০৬ খ্রীঃৰপৰা ১৫২৬ খ্ৰীঃলৈ প্রায় তিনিশ বিশ বছৰ কাল শাসন কৰিছিল । কেইবাটাও চুলতানী ৰাজবংশই শাসন কৰা এই কালছোৱাকে ভাৰতৰ ইতিহাসত চুলতানী যুগ বুলি কোৱা হয়।

                                                                                                                                                            দাস বংশ        ১২০৬-১২৯০খ্রীঃ   

কুতুবুদ্দিন আইবাক ১২০৬-১২১০ খ্রীঃ
ইলতুটমিছ    ১২১০-১২৩৬ খ্রীঃ
চুলতানা ৰেজিয়া  ১২৩৬-১২৪০খ্রীঃ
গিয়াচুদ্দিন বলবন ১২৬৬-১২৮৭খ্রীঃ

খিলিজী বংশ           ১২৯০-১৩২০ খ্রীঃ

জালালুদ্দিন খিলিজি  ১২৯০-১২৯৬ খ্রীঃ
আলাউদ্দিন খিলিজি   ১২৯৬-১৩১৬খ্রীঃ

 টোগলক বংশ ১৩২০-১৪১৪ খ্রী

গিয়াচুদ্দিন টোগলক  ১৩২০-১৩২৪খ্রীঃ
মহম্মদ বিন টোগলক  ১৩২৪-১৩৫১খ্রীঃ
ফিৰোজ ছাহ টোগলক  ১৩৫১-১৩৮৮খ্রীঃ

ছৈয়দ বংশ (১৪১৪-১৪৫১ খ্রীঃ):

খিজিৰ খাঁন ১৪১৪-১৪২১ খ্রীঃ

লোডী বংশ (১৪৫১-১৫২৬ খ্রীঃ):

বাহলুল লোডী ১৪৫১-১৪৮৯খ্রীঃ
ইব্ৰাহিম লোডী  ১৫১৭-১৫২৬খ্রীঃ

দাস বংশ (১২০৬-১২৯০ খ্রীঃ):

ভাৰতত তুর্কী সাম্ৰাজ্যৰ প্ৰথমজন চুলতান কুতুবুদ্দিন আইবাক মধ্য এচিয়াৰ তুর্কীমূলৰ মুছলমান লোক আছিল। জীৱনৰ প্ৰথমচোৱা সময় তেওঁ এজন ক্রীতদাস আছিল বাবেই তেওঁ প্রতিষ্ঠা কৰা বংশটোক ইতিহাসত দাস বংশ হিচাপে জনা যায়। সেনাপতি মহম্মদ ইবন বখতিয়াৰ খিলজিৰ সহায়ত তেওঁ বিহাৰ, উত্তৰ প্রদেশ, বংগদেশ আদি জয় কৰি চুলতানী সাম্ৰাজ্যৰ সম্প্ৰসাৰন ঘটাইছিল। ইলটুতমিছ আছিল এই বংশৰ শ্রেষ্ঠ ৰজা। দিল্লীৰ বিখ্যাত কুতুবমিনাৰ নিৰ্মাণত এওঁলোকে দুয়োজনে মুখ্য ভূমিকা পালন কৰিছিল। ইলটুতমিছৰ জীয়ৰী ৰেজিয়া চুলতানা আছিল দিল্লীৰ সিংহাসনত বহা প্রথম আৰু একমাত্র সম্রাজ্ঞী। গিয়াচুদ্দিন বলবন এই বংশৰ শেষৰজন ৰজা। এওঁৰ শাসনকালতে ইউৰোপৰ প্রখ্যাত পৰিব্ৰাজক মার্কোঁপলো ভাৰতবর্ষ ভ্রমণলৈ আহিছিল।
চুলতান কুতুবুদ্দিন আইবাকৰ সেনাপতি মহম্মদ ইবন বখতিয়াৰ খিলজিয়ে চীন দেশ জয়ৰ পৰিকল্পনা কৰিছিল। কিন্তু কামৰূপৰ মাজেৰে যাব লগা হোৱাত সেইসময়ৰ কামৰূপৰ ৰজা পৃথুৰ লগত যুদ্ধত লিপ্ত হৈ জগদেশলৈ উভতি যাবলৈ বাধ্য হয়। উক্ত ঘটনাকে অসমৰ ইতিহাসত প্রথম তুর্কী অভিযান হিচাপে জনা যায়। এই ঘটনাৱলীৰ উল্লেখ উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত পোৱা যায়।

 

খিলজি বংশ (১২৯০-১৩২০ খ্রীঃ):

গিয়াচুদ্দিন বলবনৰ মৃত্যুৰ পাছত দিল্লীৰ সিংহাসনৰ কোনো উপযুক্ত উত্তৰাধিকাৰী ওলোৱা নাছিল। তেনে এক অৰাজক পৰিস্থিতিত জালালুদ্দিন ফিৰোজহাহ খিলজিয়ে দিল্লীৰ ৰাজপাট দখল কৰে আৰু চুলতানী ঘুগৰ দ্বিতীয়টো বংশ হিচাপে খিলজি বংশক ক্ষমতাত প্রতিষ্ঠিত কৰে। আল্লাউদ্দিন খিলজি এই বংশৰ শ্ৰেষ্ঠ চুলতান আছিল।তেওঁ সেনাপতি মালিক কাফুৰৰ নেতৃত্বত উত্তৰ আৰু দক্ষিণ ভাৰতৰ বহুকেইখন ৰাজ্য জয় কৰি এখন বিশাল তুর্কী-আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। এওঁয়েই দক্ষিণ ভাৰত জয় কৰা প্রথমজন চুলতান।

টোগলক বংশ (১৩২০-১৪১৪ খ্রীঃ):

আলাউদ্দিন খিলজ্জিৰ মৃত্যুৰ পাছত দিল্লীৰ বাজপাটক। লৈ পুনৰ অৰিয়াঅৰিৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত গাজী মালিক নামৰ পঞ্জাৱ প্রদেশৰ এজন শাসনকর্তাই দিল্লী দখল কৰি গিয়াচুদ্দিন টোগলক নাম লায় আৰু টোগলক বংশক প্ৰতিষ্ঠা কৰে।তেওঁৰ পৰৱৰ্তী শাসক মহম্মদ বিন টোগলক এজন প্ৰজাহিতৈষী ৰজা আছিল।কিন্তু প্ৰশাসনীয় চিন্তা আৰু বাস্তৱ পৰিকল্পনাৰ অভাৱত তেওঁৰ আঁচনিসমূহ সফল হ’ব পৰা নাছিল। মহম্মাদ বিন টোগলকৰ দিনতে মৰক্কোৰ পৰ্যটক ইবন বটুটা ভাৰত ভ্ৰমণলৈ আহিছিল। বটুটাৰ লিখনিৰপৰা সেই সম্পৰ্কে বহুতো কথা জানিব পৰা যায়। ফিৰোজছাহ টোগলক এই বংশৰ আন এজন শ্রেষ্ঠ ৰজা। ঐতিহাসিক। দিল্লীৰ চুলতানসকলৰ ভিতৰত তেৱেই সকলোতকৈ বেছি প্ৰজাহিতকৰ কাম কৰিছিল।দিল্লী
টোগলক বংশৰ শেষৰজন চুলতান মামুদ ছাহৰ মৃত্যুৰ পাছত মধ্য এচিয়াৰ চমৰখণ্ডৰ শাসনকৰ্তা টাইমূৰৰ তলতীয়া শাসক খিজিৰ খাঁনে দিল্লীৰ সিংহাসন দখল কৰি ছৈয়দ বংশৰ প্ৰতিষ্ঠা কৰে। এই বংশৰ হৈ খিজিৰ খাঁ আৰু মুবাৰক ছাহে প্রায় ৩৭ বছৰ দিল্লীত ৰাজত্ব কৰিছিল।
টাইমূৰ আছিল মধ্য এছিয়াৰ চমৰখণ্ডৰ শাসনকর্তা। তুর্কী-আফগানসকলৰ দৰেই তেওঁ ঐশ্বর্যশালী ভাৰতবৰ্ষৰ প্ৰতি আকর্ষিত হৈছিল আৰু ১৩৯৮-৯৯ খ্রীঃ ত ভাৰতত অভিযান চলাইছিল। টোগলক বংশৰ শেষৰ জন শাসক নাছিৰুদ্দিন মামুদৰ শাসনকালত বৃহৎ সংখ্যক সৈন্য-সামন্ত লৈ তেওঁ উত্তৰ পশ্চিম ভাৰত আক্রমণ কৰিছিল। এই অভিযানত প্ৰচুৰ সা-সম্পত্তি, ধন সোণ আহৰণ কৰি তেওঁ চমৰখণ্ডলৈ উভতি গৈছিল।

লোডী বংশ (১৪৫১-১৫২৬ খ্রীঃ):

পঞ্জাৱ প্ৰদেশৰ আফগান শাসক বাহলুল লোডীয়ে দিল্লীৰ ৰাজপাট দখল কৰি চুলতানী যুগৰ শেষৰটো ৰাজনৰাগ হিচাপে লোডী বংশক ক্ষমতাত প্রতিষ্ঠা কৰাইছিল। এই বংশৰে চুলতান চিকন্দৰ লোডীয়ে ১৫০৬ খ্রীঃ ত দিল্লীৰ আগ্ৰালৈ ৰাজধানী স্থানান্তৰ কৰিছিল। লোডী বংশৰ শেষৰজন চুলতান ইব্রাহিম লোডীক ফৰগনা ৰাজ্যৰ অধিতি বাবৰে ১৫২৬ খ্ৰীঃ ত পানিপথৰ প্ৰথম যুদ্ধত পৰাজিত কৰিছিল। ইব্রাহিম লোডীৰ মৃত্যুৰ লগে লগে ভাৰতত চূলতাই যুগৰ অন্ত পৰে আৰু বাবৰে দিল্লীৰ সিংহাসনত মোগলসকলক প্রতিষ্ঠা কৰে।

১২০৬ খ্ৰীঃৰপৰা ১৫২৬ খ্রীঃলৈ, তিনিশ বিশ বছৰকাল পাঁচটা বংশৰ চুলতানে ভাৰতবৰ্ষ শাসন কৰে। ইয়াৰ ভিতৰত দাস, খিলজি আৰু টোগলকসকল তুর্কী লোক আছিল। লোডী বংশৰ চুলতানসকল আফগান পাঠান আছিল। আনহাতে ছৈয়দ বংশৰ ৰজাসকলে নিজকে হজৰত মহম্মদৰ জীয়ৰীৰ বংশধৰ বুলি চিনাকি দিছিল ।

 

Leave a Reply