ৰাজ্যিক বিধানমণ্ডল কিদৰে গঠিত? বিধান পৰিষদ আৰু বিধানসভা কি ? বিধান পৰিষদ আৰু বিধানসভাৰগঠন , কাৰ্যকাল , অৰ্হতা , ক্ষমতা কি হয়

ৰাজ্যিক বিধানমণ্ডল কিদৰে গঠিত? || বিধান পৰিষদ আৰু বিধানসভা কি?   বিধান পৰিষদ আৰু বিধানসভাৰ গঠন,কাৰ্যকাল ,অৰ্হতা,ক্ষমতা কি হয় ?

 

ৰাজ্যিক বিধানমণ্ডল কিদৰে গঠিত?

 

ৰাজ্যিক বিধানমণ্ডল (STATE LEGISLATURE):

সংবিধানৰ ১৬৮ নং অনুচ্ছেদ অনুসৰি প্ৰত্যেক ৰাজ্যত একোখন বিধানমণ্ডলৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যিক বিধানমণ্ডলসমূহ এক সদনীয় নাইবা দ্বি-সদনীয় হ’ব পাৰে। ৰাজ্যৰ ৰাজ্যপাল বিধানমণ্ডলৰ অবিচ্ছেদ্য অংগ। এক-সদনীয় বিধানমণ্ডল থকা ৰাজ্যসমূহত বিধানসভা (Legislative Assembly) আৰু ৰাজ্যপালক লৈ বিধানমণ্ডল গঠিত হয়। আনহাতে দ্বি – সদনীয় বিধানমণ্ডল থকা ৰাজ্যসমূহত বিধানসভা (Legislative Assembly), বিধান পৰিষদ (Legislative Council) আৰু ৰাজ্যপালক লৈ বিধানমণ্ডল গঠন হয়।
মন কৰিবলগীয়া কথাটো হ’ল প্রত্যেক ৰাজ্যত বিধানসভা থাকিবই লাগিব; কিন্তু বিধান পৰিষদ নাথাকিবও পাৰে। বৰ্তমান ভাৰতবৰ্ষত ২২খন ৰাজ্যত এক সদনীয় বিধানমণ্ডল আৰু এখন ৰাজ্যত দ্বি-সদনীয় বিধানমণ্ডল আছে। ভাৰতবৰ্ষত দ্বি-সদনীয় বিধানমণ্ডল থকা ৰাজ্যসমূহ হ’লঃ (ক) বিহাৰ; (খ) কর্ণাটক; (গ) মহাৰাষ্ট্ৰ; (ঘ) উত্তৰ প্ৰদেশ তথা, (ঙ) জম্মু আৰু কাশ্মীৰ, (চ) অন্ধ্রপ্রদেশ আৰু (ছ) তেলেংগনা।

ৰাজ্যিক বিধানমণ্ডলৰ (দ্বি-সদনযুক্ত বিধানমণ্ডলৰ ক্ষেত্ৰত) উচ্চ সদনক বিধান পৰিষদ আৰু নিম্ন সদনক বিধানসভা বোলা হয় (অসমত এক সদনীয় বিধানমণ্ডল আছে অর্থাৎ বিধানসভা আছে; কিন্তু বিধান পৰিষদ নাই। বৰ্তমান অসমত বিধান পৰিষদৰ যো জা চলাই থকা হৈছে আৰু ইতিমধ্যে কেন্দ্রীয় অনুমোদন লাভ কৰিছে।

বিধানসভা (LEGISLATIVE ASSEMBLY):

বিধানসভাৰ গঠন (Composition of Legislative Assembly):
বিধানসভা হ’ল ৰাজ্যিক বিধানমণ্ডলৰ নিম্ন সদন। বিধানসভাৰ সদস্যসকলক জনসাধারণে প্রত্যক্ষ ভোটদানৰ জৰিয়তে নির্বাচিত কৰে। সংবিধানৰ ১৭০-নং অনুচ্ছেদ অনুসৰি ৰাজ্যিক বিধানসভাৰ সদস্যসংখ্যা সর্বোচ্চ ৫০০জন আৰু সর্বনিম্ন ৬০ জন হ’ব লাগিব। অৱশ্যে চিকিমৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্রম নোহোৱা নহয়। ১৯৭৫ চনত ৩৬-তম সংবিধান সংশোধনৰ জৰিয়তে চিকিমৰ বিধানসভাৰ সদস্যৰ নিম্নতম সংখ্যা ৩০ জন স্থিৰ কৰিছে। ৰাজ্যপালে আৱশাক অনুসৰি ইংগ-ভাৰতীয় সম্প্রদায়ৰ পৰা এজন বা দুজন সদস্য বিধানসভাত মনোনীত কৰিব পাৰে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জন-গাঁথনিৰ ভিত্তিত তেওঁলোকৰ বাবে কিছুমান সমষ্টি সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে।
বিধানসভাৰ সদস্যসকলে প্রতিনিধিত্ব কৰা অঞ্চলক একোটা ‘সমষ্টি’ বোলা হয়। সংবিধান অনুসৰি প্রত্যেক ৭৫,০০০ ভোটদাতাক লৈ একোটা সমষ্টি গঠন কৰা হয় আৰু প্রত্যেক লোকপিয়লৰ (Cencus) পিছত সমষ্টিবোৰ পুনৰ গঠন কৰি সমষ্টিৰ সংখ্যা নির্ধাৰণ কৰিব লাগে। অৱশ্যে বর্তমান ইয়াৰ ব্যতিক্রম পৰিলক্ষিত হৈছে। ২০০৩ চনত ৯১-তম সংবিধান সংশোধনৰ জৰিয়তে ব্যবস্থা কৰা হৈছে যে জনসংখ্যাৰ লগত ভাৰসাম্য ৰক্ষা কৰি সমষ্টিবোৰ পুনৰ নিৰ্ধাৰণ কৰা হ’ব, কিন্তু ২০২৬ চনলৈ বিধানসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰা নহ’ব। বর্তমান অসমত ১২৬ টা বিধানসভাৰ সমষ্টি আছে।

বিধানসভাৰ সদস্যৰ অৰ্হতা (Qualification of the Members of Legislative Assembly):

বিধানসভাৰ সদস্য হ’বৰ বাবে প্রার্থীজনৰ তলত উল্লেখিত অর্হতাসমূহ থকাটো বাঞ্ছনীয়:
১/প্রার্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব।
কেন্দ্রীয় আৰু ৰাজ্যিক পর্যায়ত বিধানমণ্ডল
২/তেওঁৰ বয়স কমেও ২৫ বছৰ পূৰ্ণ হ’ব লাগিব,
৩/ সংসদে আইনৰদ্বাৰা নির্ধাৰণ কৰি দিয়া অর্হতাসমূহ থাকিব লাগিব।
৪/ তেওঁ মানসিক বিকাৰগ্ৰস্ত নাইবা দেউলীয়া হ’ব নালাগিব,
৫/তেওঁ কেন্দ্রীয় নাইবা বাজ্যিক চৰকাৰৰ অধীনত লাভজনক চাকৰিত নিয়োজিত ব্যক্তি হ’ব নালাগিব,
৬/তেওঁ কেন্দ্রীয় সংসদ নাইবা বিধান পৰিষদৰ সদস্য হ’ব নালাগিব।

বিধানসভাৰ কাৰ্যকাল (Term of office of Legislative Assembly):

বিধানসভাৰ কার্যকাল ৫ বছৰ। অৱশ্যে কার্যকাল সম্পূর্ণ হোৱাৰ আগতে মুখ্যমন্ত্রীৰ পৰামর্শ অনুসবি বাজ্যপালে বিধানসভা ভংগ কৰি দিব পাৰে। সংবিধানৰ ৩৫৬-নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যত ৰাজ্যিক জৰুৰীকালীন অৱস্থা অর্থাৎ ‘বাষ্ট্রপতি শাসন’ প্রবর্তন কৰি সংশ্লিষ্ট ৰাজ্যৰ বিধানসভাখন সাময়িকভাবে নিলম্বিত কৰি ৰাখিব পাৰে নাইবা ভংগ কৰি দিব পাৰে। তদুপৰি সংসদে আইন প্রণয়ন কৰি বিধানসভাৰ কাৰ্যকাল বৃদ্ধিও কৰিব পাৰে।

বিধানসভাৰ অধিৱেশন (Session of the Legislative Assembly): বিধানসভাৰ অধিৱেশন ৰাজ্যপালে আহ্বান কৰে আৰু তেওঁ স্থগিত ৰাখিবও পাকৰে । অইশ্যে এই ক্ষেত্ৰত সাধাৰণতে ৰাজ্যপালে মুখ্যমন্ত্রীৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰে। সংবিধানৰ ১৭৪ (১) নং অনুচ্ছেদ অনুসৰি বিধানসভাৰ অধিৱেশন বছবত অন্ততঃ দুবাৰ আহবান কৰিব লাগে; কিন্তু এখন অধিবেশন শেষ হোৱাৰ দিনৰ পৰা পৰৱৰ্তী অধিবেশন আৰম্ভ হোৱাৰ প্ৰথম দিনৰ মাজত ৬ মাহতকৈ অধিক ব্যৱধান হ’ব নালাগে। তদুপৰি প্রয়োজন হ’লে ৰাজ্যপালে বিধানসভাৰ বিশেষ অধিৱেশন আহবান কৰিব পাৰে।

বিধানসভাৰ থুল (Quorum of the Legislative Assembly):

বিধানসভাৰ মুঠ সদস্যৰ এক-দশমাংশ নাইবা দহ জন যিটো অধিক হয় সিমান সংখ্যক সদস্যৰ উপস্থিতিক মূল গঠিত হোৱা বুলি গণ্য কৰা হয়। অৱশ্যে সংশ্লিষ্ট ৰাজ্যৰ বিধানসভাই এই মূলৰ সংখ্যা পৰিবৰ্তন কৰিবও পাৰে। বিধানসভাৰ অধিৱেশনৰ বৈঠক বহিবলৈ খুল হোরা নিতান্ত প্রয়োজন।

বিধানসভাৰ সদস্যসকলৰ পদত্যাগ আৰু অপসাৰণ (Resignation and Removal of the Members of Legislative Assembly):

বিধানসভাৰ সদস্যসকলে স্ব-ইচ্ছাই সদস্যপদৰ পৰা পদত্যাগ কৰিব পাৰে। তদুপৰি বিধায়কসকলে বিধানসভাৰ বিনা অনুমতিত ৬০ দিন বা তাতকৈ অধিক দিন একেৰাহে বিধানসভাৰ অধিৱেশনত অনুপস্থিত থাকিলে তেওঁৰ সদস্যপদ বাতিল হ’ব পাৰে। ২০০৩ চনৰ ৯১তম সংবিধান সংশোধন অনুসৰি কোনো এজন বিধায়কে নিজৰ দল ত্যাগ কৰি আন দলত যোগদান কৰিলে তেওঁৰ বিধানসভাৰ সদস্যপদ বাতিল হয়।

অধ্যক্ষ আৰু উপাধ্যক্ষ (Speaker and Deputy Speaker):

বিধানসভাৰ অধিবেশনত সভাপতিত্ব কৰিবৰ বাবে এজন অধ্যক্ষ আৰু তেওঁৰ অনুপস্থিতির সভাৰ কাম পৰিচালনা কৰাৰ বাবে এজন উপাধ্যক্ষ থাকে। অধ্যক্ষ আৰু উপাধ্যক্ষ দুয়োজনকে বিধানসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা নিৰ্বাচিত কৰি লয়। বিধানসভাৰ অধিবেশন সুচাৰুৰূপে পৰিচালনা কৰা আৰু শৃংখলা ৰক্ষাৰ সকলো দায়িত্ব অধ্যক্ষৰ ওপৰত নাক্ত থাকে।

বিধানসভাৰ ক্ষমতা আৰু কার্যাবলী(POWERS AND FUNCTIONS OF LEGISLATIVE ASSEMBLY):

বিধানসভাৰ সদস্যসকলক জনসাধাৰণে প্রত্যেক্ষ ভোটৰ জৰিয়তে নির্বাচিত কৰাৰ ফলশ্রুতিং এই সদনখন যথেষ্ট ক্ষমতাশালী হয়। বিধানসভাক জনসাধাৰণৰ সদন বোলা হয়। ইয়াৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে তলত আলোচনা কৰা হ’ল:

১। আইন প্রণয়নমূলক ক্ষমতা আৰু কাৰ্য (Lagislative Powers and Functions):
বিধানসভাৰ প্রধান কার্য হ’ল আইন প্রণয়ন কৰা। ৰাজ্যিক সূচীৰ অন্তর্ভুক্ত আৰু সমবর্তী তালিকাভুক্ত (Concurrent List) বিষয়ৰ ওপৰত বিধানসভাই আইন প্রণয়ন কৰিব পাৰে। বিধানসভাত গৃহীত হোৱা বিধেয়কখন দ্বি-সদনযুক্ত বিধানমণ্ডল থকা ৰাজ্যবোৰৰ ক্ষেত্ৰত বিধান- পৰিষদত আৰু যদি ৰাজ্যখনত বিধান-পৰিষদ নাথাকে তেন্তে পোনে পোনে বাজ্যপালৰ সম্মতিৰ বাবে প্রেৰণ কৰা হয়। বাজ্যপালে সম্মতি দান কৰিলে বিধেয়কখন আইনত পৰিণত হয়।। বিধানসভাত গৃহীত বিধেয়কত ৰাজ্যপালে সন্মতি নজনাই ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবেও সংৰক্ষণ কৰিব পাবে/বিধানসভাত উত্থাপন কৰাৰ আগতে কেতবোৰ বিধেয়কত ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমোদনৰ প্রয়োজন হয়।
মন কৰিবলগীয়া কথাটো হ’ল ৰাজ্যখনত ‘ৰাজ্যিক জৰুৰীকালীন অৱস্থা’ তথা ‘ৰাষ্ট্ৰপতি শাসন’ চলি থকা সময়ত ৰাজ্যখনৰ আইন প্রণয়ন ক্ষমতা কেন্দ্রীয় সংসদৰ হাতলৈ হস্তান্তৰিত হয়। তদুপৰি সমৱর্তী তালিকাভুক্ত একেটা বিষয়ৰ ওপৰত কেন্দ্রীয় সংসদ আৰু ৰাজ্যিক বিধানমণ্ডলে আইন প্রণয়ন কৰিলে বিধানসভাই প্রণয়ন কৰা আইন বাতিল হয়।

২/ অর্থ-সংক্রান্ত ক্ষমতা আৰু কাৰ্য (Financial Powers and Functions): ৰাজ্যৰ বিত্তীয় বিষয়ত বিধানসভাৰ একচেটিয়া নিয়ন্ত্রণ থাকে। ৰাজ্যখনৰ বছৰেকীয়া বাজেট তথ যিকোনো অর্থ-সংক্রান্ত বিধেয়ক কেৱল বিধানসভাত উত্থাপন কৰিব লাগে।
বিধানসভাৰ বিনা অনুমোদনত নতুন কৰ ধাৰ্য, পুৰণি কৰ উঠাই দিয়া নাইবা চলি থকা কৰৰ হাৰ সাল-সলনি কৰিব পৰা নাযায়। ৰাজ্যৰ সঞ্চিত নিধিৰ ধন খৰচ কৰিবলগীয়া হ’লে বিধানসভাৰ অনুমোদনৰ প্রয়োজন হয়।
দ্বি-সদনযুক্ত বিধানমণ্ডল থকা-ৰাজ্যসমূহত বিধানসভাৰ দ্বাৰা গৃহীত অর্থ-সংক্রান্ত বিধেয়ক বিধান পৰিষদলৈ প্ৰেৰণ কৰা হয়; কিন্তু বিধান পৰিষদে বিধেয়কখনৰ ওপৰত কোনো ধৰণৰ সংশোধনী প্রস্তার আনিব নোৱাৰিব। বিধান পৰিষদে এনে বিধেয়কত ১৪ দিনৰ ভিতৰত সন্মতি জনাই ওভতাই নপঠিয়ালে, বিধানসভাই গ্রহণ কৰাৰ দৰে উভয় সদনে বিধেয়কখন গ্রহণ কৰিছে বুলি গণ্য কৰা হয়। ইয়াৰ পিছত বিধেয়কখনত ৰাজ্যপালৰ সন্মতি লাভ কৰিলে ই আইনত পৰিণত হয়।

৩। মন্ত্রী-পৰিষদৰ ওপৰত নিয়ন্ত্রণ (Control over Council of Ministers): বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক বাজ্যপালে মুখ্যমন্ত্রী হিচাপে নিয়োগ কৰে আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাজ্যপালে আন আন মন্ত্রীসকলক নিযুক্তি দিয়ে। মন্ত্রী-পৰিষদখন সমূহীয়াভাৱে বিধানসভাৰ ওচৰত দায়বদ্ধ। বিধানসভাৰ আস্থাৰ ওপৰত মন্ত্রী-পৰিষদৰ স্থায়িত্ব নিৰ্ভৰ কৰে। মন্ত্রী-পৰিষদৰ কাৰ্যৰ ওপৰত বিধানসভাৰ সদস্যসকলে সন্তুষ্ট নহ’লে অনাস্থা প্রস্তাৱ উত্থাপন কৰি মন্ত্রী-পৰিষদৰ পতন ঘটাব পাৰে। তদুপৰি মন্ত্রীসকলে উত্থাপন কৰা বিধেয়ক বিধানসভাই নাকচ কৰিলে মন্ত্রী-পৰিষদৰ প্ৰতি বিধানসভাৰ আস্থা নথকা সূচায় আৰু মুখ্যমন্ত্রীসহ মন্ত্রী-পৰিষদৰ সকলোবোৰ সদস্যই পদত্যাগ কৰিব লাগে।

৪। সংবিধান সংশোধন কৰা ক্ষমতা আৰু কাৰ্য (Constitution Amendment Powers and Functions) :ভাৰতবৰ্ষৰ সংবিধানে সংবিধান সংশোধন কৰাৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত কেন্দ্রীয় সংসদক অসীম ক্ষমতা অর্পণ কৰিছে। অৱশ্যে কেতবোৰ অনুচ্ছেদ সংশোধন কৰাৰ ক্ষেত্ৰত সংসদৰ উভয় সদনৰ দ্বাৰা গৃহীত হোৱাৰ পিছত সংশোধনী বিধেয়কখনত কমেও আধাসংখ্যক ৰাজ্যিক বিধানসভাৰ সন্মতিৰ প্রয়োজন হয় ।তদুপৰি ৰাজ্যৰ সীমাৰ পৰিবৰ্তন নাইবা ৰাজ্যৰ পুনৰ গঠন সম্পর্কীয় সংবিধান সংশোধনী বিধেয়ক সংসদত উত্থাপন কৰাৰ আগতে সংশ্লিষ্ট বাজাৰ বিধানসভাৰ আগতীয়া সন্মতিৰ প্ৰযোজন হয়।

৫। নির্বাচনী ক্ষমতা আৰু কার্য (Electoral Powers and Functions)। ভাৰতবর্ষৰ ৰাষ্ট্রপতিক নিৰ্বাচন কৰাৰ সময়ত বিধানসভাৰ নির্বাচিত সদস্যসকলে অংশগ্ৰহণ কৰে। বাজ্যসভাৰ সদস্যসকল বিধানসভাৰ সদস্যসকলৰ দ্বাৰা নির্বাচিত হয়। ইয়াৰ উপৰি বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক বিধানসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা নিৰ্বাচিত কবি লয়।
৬। অন্যান্য ক্ষমতা আৰু কাৰ্য (Other Powers and Functions): বাজ্যিক লোকসেৱা আয়োগ আৰু প্রধান হিচাপ পৰীক্ষক আদিৰ প্ৰতিৱেদনৰ ওপৰত বিধানসভাই আলোচনা কৰে।বিধানসভাখন হ’ল জনসাধাৰণৰ অভাৱ-অভিযোগবোৰ প্ৰতিফলিত কৰা মঞ্চ আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা মাধ্যম। বিধানসভাৰ মুঠ সদস্যৰ দুই-তৃতীয়াংশ সদস্যই সংশ্লিষ্ট ৰাজ্যৰ বাবে নতুনকৈ বিধান পৰিষদ (Legislative Council) গঠন নাইবা ৰাজ্যখনত থকা বিধান পৰিষদৰ বিলোপ সাধন কৰিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰিলে সংসদে আইন কৰি সেই ৰাজ্যত বিধান পৰিষদ গঠন নাইবা বিলোপ সাধন কৰিব পাৰে।

বিধান পৰিষদ LEGISLATIVE COUNCE:

ভাৰতবৰ্ষৰ সংবিধানত প্রত্যেক ৰাজ্যৰ বাবে একোখন বিধানমণ্ডলে গঠন লিপিবদ্ধ কৰা আছে। ৰাজ্যিক বিধানসগুল এক সদনীয় নাইবা দ্বি-সদনীয় হ’ব পাবে। দ্বি-সদনীয় বিধানমণ্ডলৰ উচ্চ সদনক বিধান পৰিষদ (Legislative Council) নিম্ন সদনক বিধানসভা (Lagislative Assembly) বোলা হয়।

বর্তমান ভাৰতবৰ্ষত সাতখন ৰাজ্যত দ্বি-সদনযুক্ত বিধমমণ্ডল আছে। এই ৰাজ্য কেইখন হ’লঃ বিহাৰ, কর্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্রদেশ তথা জম্মু আৰু কাশ্মীৰ, অন্ধ্ৰপ্রদেশ আক তেলেংগনা।

সংবিধানৰ ১৬৯ নং অনুচ্ছেদ অনুসৰি কোনো ৰাজ্যৰ বিধানসভাৰ মুঠ সদস্যৰ সৰহ ভাগ আৰু সভাত উপস্থিত থাকি ভোটত আশগ্রহণকাৰী সদস্যসকলৰ দুই-তৃতীয়াংশ সদস্যই নতুনকৈ বিধান পৰিষদ গঠন নাইবা আগতে থকা বিধান পৰিষদৰ বিলোপ সাধন কৰিব লাগে বুলি প্ৰস্তাৱ গ্রহণ কৰিলে, সংসদে আইন প্রণয়ন কৰি সেই ৰাজ্যত বিধান পৰিষদ গঠন নাইবা বিধান পৰিষদ উঠাই দিয়াৰ ব্যৱস্থা কৰিব পাৰে।

• গঠন (Composition):

সংবিধানৰ ১৭১ নং অনুচ্ছেদত বিধান পৰিষদৰ গঠন প্রক্রিয়াৰ বিষয়ে বর্ণিত আছে। বিধান পৰিষদত সদস্যৰ সংখ্যা ৰাজ্যখনৰ মুঠ বিধানসভাৰ সদস্যৰ এক-তৃতীয়াংশতকৈ বেছি আৰু ৪০ জনতকৈ কম হ’ব নোৱাৰিব।

বিধান পৰিষদৰ সদস্যসকলক তলত বর্ণিত নিয়ম অনুসৰি নির্বাচিত নাইবা মনোনীত কৰা হয়:

(ক) বিধান পৰিষদৰ মুঠ সদস্যৰ এক-তৃতীয়াংশ সদস্যক সংশ্লিষ্ট ৰাজ্যৰ – পৌৰসভা জিলা বোর্ড আৰু স্থানীয় নিকায়সমূহৰ সদস্যসকলে নির্বাচিত কৰে,

(খ) এক-দ্বাদশাংশ সদস্যক অতি কমেও তিনি বছৰ আগতে বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্রী লাভ কৰা স্নাতকসকলে নির্বাচিত কৰে।

(গ) এক-দ্বাদশাংশ সদস্যক নির্বাচিত কৰে মাধ্যমিক বিদ্যালয় নাইবা তাৰ ওপৰ পৰ্যায়ৰ বিদ্যালয়ত কমেও তিনি বছৰ শিক্ষকতা কৰা শিক্ষকসকলে;

(ঘ) এক-তৃতীয়াংশ সদস্যক সংশ্লিষ্ট ৰাজ্যৰ বিধায়ক (M. L. A) সকলে নির্বাচিত কৰে
(৫) এক-ষষ্ঠাংশ সদস্যক সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালে সাহিত্য, বিজ্ঞান, কলা, সমবায় আন্দোলন, সমাজসেৱা আদি বিষয়ত বিশেষ বৰঙণি আগবঢ়োৱা লোকসকলৰ মাজৰ পৰা মনোনীত কৰে।

• সদস্যসকলৰ অৰ্হতা (Qualification of the Members):

বিধান পৰিষদৰ সদস্যপদৰ প্রার্থী হ’বৰ বাবে প্রয়োজনীয় অর্হত্যসমূহ হ’ল:

১। ব্যক্তজন ভাৰতীয় নাগৰিক হ’ব লাগিব,
২। তেওঁৰ ব্যয়স কমেও ৩০ বছৰ হ’ব লাগিব,
৩। সংসদে নির্ধাৰণ কৰি দিয়া অন্যান্য অৰ্হতাসমূহ থাকিব লাগিব।
৪। কেন্দ্রীয় নাইবা ৰাজ্যিক চৰকাৰৰ অধীনত চাকৰি কৰা ব্যক্তি হ’ব নালাগিব।
৫। মানসিক বিকাৰগ্ৰন্থ আৰু দেউলীয়া ব্যক্তিয়ে বিধান পৰিষদৰ সদস্য হ’ব নোৱাৰে।

• কার্যকাল (Term of Office):

ৰাজ্যৰ বিধান পৰিষদ স্থায়ী সদন। ইয়াৰ সদস্যসকলৰ কার্যকাল ৬ বছৰ। বিধান পৰিষদৰ এক-তৃতীয়াংশ সদস্য প্রতি দুই বছৰৰ মুৰে মুৰে অৱসৰ গ্ৰহণ কৰে আৰু তাৰ ঠাইত নতুন সদস্যত নির্বাচিত কৰা হয়। ৰাজ্যপালে বিধান পৰিষদ ভংগ কৰি দিব নোৱাৰে।

• থুল (Quorum):

বিধান পৰিষদৰ মুঠ সদস্যৰ এক-দশমাংশ নাইবা দহ জন যিটো অধিক হয় সিমান সংখ্যক সদস্যৰ উপস্থিতিক মূল গঠিত হোৱা বুলি গণ্য কৰা হয়।

• সভাপতি আৰু উপ-সভাপতি (Chairman and Deputy Chairmen):

বিধান পৰিষদৰ অধিৱেশনত সভাপতিত্ব কৰিবৰ বাবে এজন সভাপতি আৰু তেওঁৰ অনুপস্থিতিত সভাৰ কাম চলাবৰ বাবে এজন উপ-সভাপতি থাকে। সভাপতি আৰু উপ-সভাপতিক বিধান পৰিষদৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা নির্বাচিত কৰি লয়। বিধানে পৰিষদৰ অধিবেশন সুচাৰুৰূপে পৰিচালনা কৰা আৰু শৃংখলা ৰক্ষা কৰাৰ সকলো দায়িত্ব সভাপতিৰ ওপৰত ন্যস্ত থাকে।

বিধান পৰিষদৰ ক্ষমতা আৰু কার্যাবলী(POWERS AND FUNCTIONS OF LAGISLATIVE COUNCIL):

ৰাজ্যিক বিধানমণ্ডলৰ উচ্চ সদনক বিধান পৰিষদ বোলা হয়। এই সদনখন সকলো বিষয়তে বিধানসভাতকৈ কম ক্ষমতাৰ অধিকাৰী। বিধান পৰিষদৰ ক্ষমতা আৰু কার্যসমূহ হ’ল-

১। আইন প্রণয়ন ক্ষমতা আৰু কার্য (Lagislative Powers and Functions): সাধাৰণ বিধেয়ক বিধান পৰিষদত উত্থাপন কৰিব পৰা যায়। বিধান পৰিষদত গৃহীত বিধেয়কত বিধানসভাই অনুমোদন জনালে ৰাজ্যপাললৈ সন্মতিৰ বাবে প্রেৰণ কৰা হয়, অৱশ্যে বিধানসভাই বিধেয়কখনত অনুমোদন নজনালে বিধেয়কখন সিমানতে অন্ত পৰে।
আনহাতে, বিধানসভাত গৃহীত বিধেয়ক বিধান পৰিষদলৈ অনুমোদনৰ বাবে পঠোরা হয়। বিধান পৰিষদে বিধেয়কখন তিনি মাহৰ ভিতৰত সম্মতি জ্ঞাপন কৰি নাইবা সংশোধন বিচাৰি বিধানসভালৈ ঘূৰাই পঠিয়াব লাগে। বিধান পৰিষদে বিধেয়কখন তিনি মাহৰ ভিতৰত অনুমোদন নজনালে, বিধানসভাই নিজাববীয়াকৈ বিধেয়কখন দ্বিতীয়বাৰ গ্ৰহণ কৰি পুনৰ বিধান পৰিষদলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব পাৰে। এনেদবে দ্বিতীয়বাৰ প্ৰেৰণ কৰা বিধেয়কাত এমাহৰ ভিতৰত বিধান পৰিষদে অনুমোদন নজনালে দুয়ো সদনত বিধেয়কখন গৃহীত হোৱা বুলি গণ্য কৰা হয়।
ইয়াৰ পিছত বিধেয়কখন ৰাজাপাললৈ প্রেৰণ কৰা হয় আৰু ৰাজ্যপালৰ সম্মতি লাভ কৰিলে ই আইনত পৰিণত হয়।
ৰাজ্যিক বিধানমণ্ডলৰ দুয়ো সদনৰ মাজত বিৰোধৰ সৃষ্টি হ’লে যুটীয়া অধিবেশন আহ্বান কৰাৰ ব্যৱস্থা নাই।

২। বিত্তীয় ক্ষমতা আৰু কার্য (Financial Powers and Functions): বিধান পৰিষদৰ ববিত্তীয় ক্ষেত্রত ক্ষমতা অতিশয় সীমিত। অর্থ বিধেয়ক বিধান পৰিষদত উত্থাপন কৰিব পৰা নাযায়। বিধানসভাত গৃহীত অর্থ বিধেয়ক বিধান পৰিষদলৈ অনুমোদনৰ বাবে পঠিওৱা হয়। বিধান পৰিষদে বিধেয়কখন পোৱাৰ ১৪ দিনৰ ভিতৰত গ্ৰহণ কৰি বিধানসভালৈ ঘূৰাই পঠিয়ার লাগে; নহ’লে বিধেয়কখন উভয় সদনত গৃহীত হোৱা বুলি গণ্য কৰা হয়। বিধান পৰিষদে অর্থ বিধেয়কৰ ওপৰত পৰামৰ্শ আগবঢ়াব পাৰে, কিন্তু তেনে পৰামৰ্শ গ্রহণ কৰা বা নকৰাটো বিধানসভাৰ ইচ্ছাধীন।
আন কথাত ক’বলৈ হ’লে বিধান পৰিষদে অর্থ বিধেয়ক সর্বোচ্চ ১৪ দিন পলম কৰাৰ বাহিৰে আন একো ক্ষমতা প্রয়োগ কৰিব নোৱাৰে।

৩। কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্রণ (Control over the Executive): চৰকাৰ তথা কাৰ্যপালিকাৰ ওপৰত বিধান পৰিষদৰ নিয়ন্ত্রণ অতিশয় নগণ্য। বাজ্যিক মন্ত্রী-পৰিষদখন বিধান পৰিষদৰ ওচৰত দায়বদ্ধ নহয়। গতিকে বিধান পৰিষদে মন্ত্রীসকলৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপন কৰি ইয়াৰ পতন ঘটাব নোৱাৰে। অৱশ্যে মন্ত্রী-পৰিষদৰ সদস্যসকলক বিভিন্ন প্রশ্ন সোধা আৰু সমালোচনা কৰাৰ জৰিয়তে বিধান পৰিষদৰ সদস্যসকলে কাৰ্যপালিকাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।
বিধান পৰিষদৰ ক্ষমতা আৰু কার্য বিধানসভাতকৈ সকলো দিশতে অতিশয় কম। সাধাৰণ আইন প্রণয়নৰ ক্ষেত্ৰত ইয়াৰ ক্ষমতা একেবাৰে সীমিত, আনহাতে বিত্তীয় ক্ষেত্ৰত ইয়াৰ ভূমিকা একেবাৰে নাই বুলি ক’ব পাৰি। বিধান পৰিষদত মন্ত্রী-পৰিষদৰ বিৰুদ্ধে অনাস্থা প্রস্তার উত্থাপন কৰিব পৰা নাযায় আনকি ইয়াৰ সদস্যসকলে ৰাষ্ট্ৰপতি নির্বাচনতো অংশ গ্রহণ নকৰে।

বিধান পৰিষদৰ ক্ষমতা আৰু কাৰ্যবোৰ পৰ্যালোচনা কৰিলে ইয়াক অতি দুর্বল সদন বুলি আখ্যা দিব পৰা যায়। ভাৰতবৰ্ষৰ বহুত ৰাজ্যত বিধান পৰিষদৰ বিলোপ সাধন কৰা হৈছে।

 

সংবিধানৰ ১৬৮ নং অনুচ্ছেদ অনুসৰি প্ৰত্যেক ৰাজ্যত একোখন বিধানমণ্ডলৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যিক বিধানমণ্ডলসমূহ এক সদনীয় নাইবা দ্বি-সদনীয় হ’ব পাৰে। ৰাজ্যৰ ৰাজ্যপাল বিধানমণ্ডলৰ অবিচ্ছেদ্য অংগ। এক-সদনীয় বিধানমণ্ডল থকা ৰাজ্যসমূহত বিধানসভা (Legislative Assembly) আৰু ৰাজ্যপালক লৈ বিধানমণ্ডল গঠিত হয়। আনহাতে দ্বি – সদনীয় বিধানমণ্ডল থকা ৰাজ্যসমূহত বিধানসভা (Legislative Assembly), বিধান পৰিষদ (Legislative Council) আৰু ৰাজ্যপালক লৈ বিধানমণ্ডল গঠন হয়।
মন কৰিবলগীয়া কথাটো হ’ল প্রত্যেক ৰাজ্যত বিধানসভা থাকিবই লাগিব; কিন্তু বিধান পৰিষদ নাথাকিবও পাৰে। বৰ্তমান ভাৰতবৰ্ষত ২২খন ৰাজ্যত এক সদনীয় বিধানমণ্ডল আৰু এখন ৰাজ্যত দ্বি-সদনীয় বিধানমণ্ডল আছে। ভাৰতবৰ্ষত দ্বি-সদনীয় বিধানমণ্ডল থকা ৰাজ্যসমূহ হ’লঃ (ক) বিহাৰ; (খ) কর্ণাটক; (গ) মহাৰাষ্ট্ৰ; (ঘ) উত্তৰ প্ৰদেশ তথা, (ঙ) জম্মু আৰু কাশ্মীৰ, (চ) অন্ধ্রপ্রদেশ আৰু (ছ) তেলেংগনা।

ৰাজ্যিক বিধানমণ্ডলৰ (দ্বি-সদনযুক্ত বিধানমণ্ডলৰ ক্ষেত্ৰত) উচ্চ সদনক বিধান পৰিষদ আৰু নিম্ন সদনক বিধানসভা বোলা হয় (অসমত এক সদনীয় বিধানমণ্ডল আছে অর্থাৎ বিধানসভা আছে; কিন্তু বিধান পৰিষদ নাই। বৰ্তমান অসমত বিধান পৰিষদৰ যো জা চলাই থকা হৈছে আৰু ইতিমধ্যে কেন্দ্রীয় অনুমোদন লাভ কৰিছে।

Leave a Reply