অসমৰ কৃষক বিদ্ৰোহ

অসমৰ কৃষক বিদ্ৰোহ কি? আৰু এই বিদ্ৰোহ ক’ত ক’ত হৈছিল?

অসমৰ কৃষক বিদ্ৰোহ

 

অসমৰ কৃষক বিদ্ৰোহ:

১৮৫৭ চনৰ বিদ্রোহ দমনৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ক্ষমতা মহাৰাণী ঘোষণাপত্রৰ(১৮৫৮) যোগেদি ইংলেণ্ডৰ ৰাণীৰ হাতলৈ হস্তান্তৰিত কৰা হয়। ১৮৭৭ চন বিদ্রোহে ব্রিটিছ চৰকানর অর্থনৈতিক অবস্থা শোচনীয় কৰি তুলিছিল। বিদ্রোহ দমনৰ নামত যিহেতু যথেষ্ট ব্যয় বহন কৰিবলগীয়া হৈছিল, ১৮৫৭-৫৮ চনত মাটি বাজেট ১৫ মিলিয়ন পাউণ্ডলৈ বৃদ্ধি পাইছিল। গতিকে চিপাহী বিদ্রোহৰ পৰৱর্তী বছৰকেইটাত ইংৰাজ চৰকাৰৰ প্রধান কাম আছিল ভাৰতবৰ্ষত অর্থনৈতিক অৱস্থা সুস্থিৰ কৰি তোলা আৰু বিদ্রোহৰ ঘাটি পূৰণ কৰা। ফলস্বৰূপে ভাৰতীয় জনসাধাৰণৰ ওপৰত কৰ কাটলৰ বোজা পৰিছিল। অসমৰ ক্ষেত্রতো যিহেতু একেই নীতি পালন কৰা হৈছিল, প্রচলিত অন্যান্য কৰ-কাটল বাহাল ৰখাৰ উপৰি নতুনকৈ আৰু ভালেমান কৰ-কাটল আৰু খাজনা বহুওৱাৰ ব্যৱস্থা কৰা হৈছিল। কৰে বৃদ্ধিৰ হাৰ ১৮৫৪ চনৰ পবা ১৮৭০ চনৰ ভিতৰত ১০০ শতাংশ হৈছিল। ১৮৫৮ চনত টিকট কৰ (Stamp duties), ১৮৬০ চনত আয়কৰ, আমদানি কৰ ,হাবিৰ কাঠ, বাঁহ, খেৰ আদি ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ (Licence Tax) আৰু চৰ-চাপৰি বা চৰণীয়া পথাৰত গৰু-ম’হ চৰোৱাৰ বাবদ গ্ৰেজিং কৰ (Grazing Tax) বহুওৱা হৈছিল। কামৰূপ, দৰং আৰু নগাঁৱত আবকাৰী কৰ (Excise duties) লগোৱা হ’ল। সোণ কমোৱা নৈ, মাছ ধৰা নৈ ডাকত দিয়া হ’ল। ব্রিটিছ চৰকাৰৰ ৰাজহ সংগ্রৰ এই সকলোবোৰ ব্যৱস্থাই আটাইতকৈ বেছি ক্ষতিগ্রস্ত কৰিছিল সাধাৰণ প্রজা তথা কৃষকসকলক। আগতেই উল্লেখ কৰা হৈছে যে কৃষকৰপৰা কৰ-কাটল সংগ্রহ কৰিলেও, কৃষি তথা কৃষকৰ উন্নতিৰ অর্থে চৰকাৰে কোনো ফলপ্রসু ব্যৱস্থা গ্রহণ কৰা নাছিল। বিদেশী চৰকাৰখনে, প্রাকৃতিক দুর্যোগ, মহামাৰী আনকি দুর্ভিক্ষৰ সময়তো কৃষক ৰাইজক কৰ-কাটলৰপৰা ৰেহাই দিয়া নাছিল। এই সকলোবোৰ কাৰণত সর্বসাধাৰণ ৰাইজ ব্ৰিটিছ চৰকাৰৰ প্রতি বিতুষ্ট হৈছিল আৰু তাৰে ফলস্বৰূপে ঊনবিংশ শতিকাৰ মাজভাগৰপৰা শেষলৈ অসমত এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল।

ৰাইজ মেল:

অসমত উনবিংশ শতিকাত সংঘটিত হোরা কৃষক বিদ্রোহসমূহৰ নেতৃত্ব প্রদান কৰিছিল ৰাইজমেল (People’s Assembly) সমূহে ৰাইজ মেলসমূহ আধুনিক ধৰণৰ কোনো ৰাজনৈতিক সংগঠন নাছিল। তথাপিও অসমত এই ৰাইজমেলসমূহৰ গুৰুত্ব অপৰিসীম আছিল। কৃষক তথা সর্বসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কবি তুলিবলৈ এই ৰাইজমেলসমূহে অহোপুৰুষার্থ কৰিছিল। ৰাইজমেলসমূহ গাঁওবুঢ়া, দলৈ, গোসাঁই আদি সমাজৰ মুখীয়াল লোকসকলৰ তত্বাৱধানত গঢ়ি উঠিছিল আৰু তেওঁলোকৰ দ্বাৰাই পৰিচালিত হৈছিল। এই মেলসমূহ গাঁও পঞ্চায়তৰ দৰে মাত্র একোখন গাঁৱত সীমাবদ্ধ নাছিল, ই কেইবাখনো গাঁও সামৰি গঠন হৈছিল। জাত-পাত আৰু সম্প্রদায় নির্বিশেষে সকলোৱেই ৰাইজমেলসমূহত আশগ্রহণ কৰিব পাৰিছিল, যি ৰাইজমেলসমূহক এক অননা বৈশিষ্ট্য প্রদান কৰিছিল। অসমীয়াৰ এষাৰ কথা আছে ৰাইজেই ৰজা জাতিয়েই গংগা। ৰাইজমেলসমূহে এই বাক্যশাৰীক সঠিক ৰূপত প্রতিফলিত কৰিছিল। ৰাইজ একত্র হৈ সমূহীয়া সিদ্ধান্ত লোৱা আৰু সেই সিদ্ধান্তসমূহ কার্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ গণতান্ত্রিক প্রশিক্ষণ এই ৰাইজমেলসমূহত পোৱা গৈছিল।

ফুলগুৰি ধাৱা (১৮৬১):

ব্রিটিছন অর্থনৈতিক শোষণৰ বিষদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্রথম বিদ্রোহটোৱেই হৈছে ফুলগুবির ধাৱা। নগাঁওৰপৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূর্ণ এখন গাঁও য’ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে জীৱিকা নির্বাহ কৰিছিল। ব্রিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্রী কৰিবলৈ লোৱাত (আফুগুটিৰপৰা কানি, মাদক দ্রব্য প্রস্তুত কৰা হয়) আফু খেতি কৰি পেট প্রৱর্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুব্ধ হৈছিল। ১৮৬১ চনত ব্রিটিছ চৰকাৰে আফু যেতি কৰা সম্পূর্ণৰূপে বন্ধ কৰি দিয়াত সমগ্র তিৱা জনজাতৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে, কিয়নো চৰকাৰী কানিৰ প্রচলন বন্ধ কৰা নাছিল। ব্রিটিছ চৰকৰৰ এই সিদ্ধান্তই এই লোকসকলৰ অর্থনীতিত প্রভাৱ পেলাইছিল। তদুপৰি তামোল-পাণৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্রকাশ পালে।
চৰকাৰে আফু খেতি বন্ধ কৰাৰ লগে লগে ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে প্রায় ১৫০০ কৃষকে ইরান প্রতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰপৰা আহি ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰা নির্দেশ বাতিল কৰিবলৈ আৰু পাণ-তামোলৰ ওপৰত যাতে কোনো কৰ নলগা য় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰে।
সেই সময়ত নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেন্ট হার্বার্ট স্কুল (Lt. Herbert Sconce)। তেওঁ ৰাইজৰ আবেদনৰ প্রতি সঁহাৰি জনোৱাটো বাদেই, তেওঁলোকক বেয়া ব্যৱহাৰহে কৰিলে। ক্ষোভিত বাইজে এই অপমানৰ প্রতিবাদ কৰিবলৈ ১৫ অক্টোবৰৰপৰা পাঁচদিন ধৰি ফুলগুৰিত ৰাইজমেল পাতিলে। প্রথমদিনা সমবেত হোৱা প্রায় এহেজাৰ কৃষকৰ প্রায় আধাখিনিয়েই লাঠিৰে সজ্জিত আছিল। ইয়াৰ পৰৱৰ্তী দিনসমূহতো মেলুৱৈৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। ১৮ অক্টোবৰ তাৰিখে মেলত প্রায় চাৰি হেজাৰ ৰাইজ সমৱেত হৈছিল। উপাযুক্ত হার্বার্ট স্কন্সে সহকাৰী উপাযুক্ত লেফটেনেন্ট ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে। ছিংগাৰে সভাৰ উদ্দেশ্য জানিবলৈ বিচৰাত ৰাইজৰ ফালৰপৰা জাতি কলিতা নামৰ এজনে চাহাবক জনালে যে কর্তৃপক্ষই কৃষক ৰাইজৰ দাবীসমূহৰ প্রতি (আফু খেতি বন্ধ প্রত্যাহাৰ, তামোল-পাণৰ ওপৰত কৰ প্ৰত্যাহাৰ আদি) সঁহাৰি নজনোৱা বাবে তেওঁলোকে উর্ধ্বতন কর্তৃপক্ষৰ কাষ চপাৰ গুণাগথা কৰিছে। এই কথাত ছিংগাৰ যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নির্দেশ দিয়ে। লগতে তেওঁৰ লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰপৰা লাঠীবোৰ কাঢ়ি আনিবলৈ নির্দেশ দিয়ে। লাঠীৰ বাবে টনা-আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে কাঁহিঘৰ মৌজাৰ বাবু কৈৱর্ত নামৰ মাছমৰীয়া এজনে ছিংগাৰৰ মূৰত লাঠীৰে কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও ছিংগাৰক আক্ৰমণ কৰাত থিতাতে তেওঁৰ মৃত্যু হয়। ছিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয়। ছিংগাৰৰ লগত যোৱা পুলিচ বাহিনী ভয়তে পলাই পত্রা দিয়ে। এই ঘটনাকে ইতিহাসৰ পাতত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়।
এই ঘটনাৰ পিছত বহুতো কৃষকক কর্তৃপক্ষই লেফটেনেন্ট ছিংগাৰৰ হত্যাৰ অপৰাধত গ্রেপ্তাৰ কৰে। হেজাৰজনক বহা আৰু ফুলগুৰিত অস্থায়ী কাৰাগাৰত কেইবামাহ আটক কৰি ৰাখে। বিচাৰত লক্ষ্মণ ডেকা, চংবৰ লালুং, ৰংবৰ ডেকাক নগাঁও জেলত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। কিছু অভিযুক্ত কৃষকক দীর্ঘ সময়ৰ বাবে কলিয়াপানী (ন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত) লৈ প্রেৰণ কৰা হয়।

ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব:

যদিও ব্রিটিছ কর্তৃপক্ষই ফুলগুৰি ধাৱাক কানি খোৱা খেতিয়কৰ চৰকাৰৰ আফু খেতি বন্ধকৰণৰ প্ৰতিবাদত কৰা এক সামান্য বিদ্রোহ বুলিহে অভিহিত কৰিছিল। কিন্তু অসমৰ ইতিহাসত এই বিদ্রোহৰ এক সুদূৰপ্ৰসাৰী প্রভার দেখা যায়। প্রথমতেই ফুলগুৰি কৃষক বিদ্রোহত ঘাইকৈ লালুং (তিৱা) জনজাতি আব্ মাছমৰীয়া সম্প্রদায়ৰ আন্তৰিক যোগদানে ইয়াক গণভিত্তি প্রদান কৰে। কৃষকসকলে অন্যান্য শ্ৰেণীৰ লোকৰ পৰাও সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল। কিয়নো মাটিৰ খাজনা বৃদ্ধিৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা শিক্ষিত আৰু আঢ্যৱন্ত অসমীয়া মধ্যবিত্ত শ্রেণী ব্যাসায়ী, মৌজাদাৰ কিছুমানে পৰোক্ষভাৱে হ’লেও বিদ্রোহীসকলক সহায়-সমর্পন। কৰিছিল। তদানীন্তন অসমৰ কমিছনাৰ হপকিনছনে (Major Henry Hapkinson) স্বীকাৰ কৰিছিল যে তেজপুৰৰ দ্বিতীয় লাইট ইনফেন্ট্রিৰ ৫০জন সৈন্য আৰু গুৱাহাটীৰ ৮০জন সৈন্য আনি বিদ্রোহটো নমন নকৰা হ’লে বিদ্রোহটো সম্প্রসাৰিত হৈ গৈ থাকিলহেঁতেন। সেই অৱস্থাত ইয়াক দমন কৰাটো কঠিন হ’লহেঁতেন। সামগ্রিকভাৱে এই বিদ্রোহ সফল হৈছিল বুলি ক’ব পাৰি, কিয়নো বিদ্রোহৰ পিছত চৰকাৰে আৰু কেতিয়াও তামোল-পাণ খেতিৰ ওপৰত কৰ বহুওৱা নাছিল।
দ্বিতীয়তে, ফুলগুৰি বিদ্রোহ ব্রিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা মুক্ত হোৱা সাধাৰণ জনগণৰ প্রয়াসৰ এক নিদর্শন আছিল। ১৮৫৭-৫৮ চনৰ বিদ্রোহত অসমৰ আহোমৰ ৰাজতন্ত্রৰ অধীনৰ অভিজাত শ্রেণীৰ কিছু লোক যিসকলে ব্রিটিছ শাসনৰ অধীনত আগৰ সা-সুবিধাৰপৰা বঞ্চিত হৈছিল তেওঁলোকে বিদ্রোহত যোগ দিছিল।
তৃতীয়তে, ফুলগুৰিৰ কৃষক বিদ্রোহে অসমৰ অন্যান্য অঞ্চলৰ কৃষকসকলকো তেওঁলোকৰ দুর্দশাৰ কথা সাংগঠনিকভাৱে ভাবিবলৈ অনুপ্ৰেৰণা যোগাইছিল। ইয়াৰ কিছু বছৰৰ পিছতে সেয়েহে দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকে ব্রিটিছ চৰকাৰৰ শোষণ তথা বঞ্চনাৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰি এলানি কৃষক বিদ্ৰোহৰ সূচনা কৰিছিল।

অসমৰ কৃষক বিদ্রোহ:

ফুলগুৰিৰ বিদ্ৰোহৰ পিছতো ইংৰাজ চৰকাৰে কৃষক ৰাইজৰ দুখ মোচনৰ বাবে একো ব্যৱস্থাই গ্রহণ নকৰিলে আৰু কোনো শিক্ষাও গ্রহণ নকৰিলে। ১৮৬৮-৬৯ চনত মাটিৰ খাজনা শতকৰা ২৫ৰপৰা ৫০ ভাগ বৃদ্ধি কৰিছিল। অসমৰ চীফ কমিছনাৰ বার্ডে (Sir William Ward) ১৮৯২ চনত ১০০ শতাংশ খাজনা বৃদ্ধি কৰি কঠোৰ হাতেৰে খাজনা সংগ্ৰহৰ ব্যৱস্থা কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল। অসমত ১৮৯৩ চনৰ ডিচেম্বৰ মাহৰপৰা আৰম্ভ হোৱা ঊনবিংশ শতিকাৰ শেষ দশকৰ এই কৃষক বিদ্রোহলানী আসাম ৰায়ত (Assam Riot) নামে খ্যাত হৈছিল। কামৰূপ জিলাৰ ৰঙিয়া, লাছিমা আৰু দৰং জিলাৰ পথৰুঘাটৰ কৃষক ৰাইজে চৰকাৰক খাজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত (No tax campaign) গ্রহণ কৰিছিল। ৰাইজমেলৰ যোগেদি সংগঠিত হোৱা কৃষকে এই সিদ্ধান্তৰ বিৰুদ্ধে যোৱা কৃষকক সমাজচ্যুত কৰা হ’ব বুলিও ঘোষণা কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে এই বিদ্রোহ অকল ইংৰাজ শাসনৰ বিৰুদ্ধেই নাছিল, কৃষকক ধাৰ দি মাটি বন্ধকৃত লোৱা মাৰোৱাৰী (কেঞা) মহাজন শ্রেণীৰ বিৰুদ্ধেও আছিল।

ৰঙিয়াৰ কৃষক বিদ্রোহ:

১৮৯৩ চনৰ ২৯ ডিচেম্বৰৰ দিনাখন ৰঙিয়া বজাৰ লুট-পাতেৰে কৃষক বিদ্রোহৰ আৰম্ভণি হয়। ৩০ ডিচেম্বৰ দিনা ৰঙিয়া আৰু তাৰ ওচৰ-পাজৰৰ কেইবাশ কৃষকে ৰঙিয়া আক তামুলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক কেইবাবাৰো লঘু-লাঞ্ছনী কৰাৰ উপৰি ৰঙিয়া হাটৰ ঘৰ -দূৱাৰ বিধ্বস্ত কৰি লণ্ডভণ্ড কৰাৰ লগতে মাৰোৱৰীৰ সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্র লুট কৰিছিল। কৃষকসকলে মাৰোৱাৰীৰ উপস্থিতিয়ে ভূমি ৰাজহ বৃদ্ধিত অৰিহণা যোগাইছিল বুলি ভাবিছিল। চৰকাৰে সশস্ত্র সেনা মোতায়েম কৰাত ৩০ ডিচেম্বৰৰ পৰিস্থিতি নিয়ন্ত্রিত হয়। কিন্তু পুলিচ অধীক্ষক ৰেইলীয়ে কোনো কৃষক নেতাকে গ্রেপ্তাৰ কৰিবলৈ সাহস গোটাব পৰা নাছিল, কিয়নো বিক্ষোভকাৰীসকল সুসংগঠিত আছিল। ১৮৯৪ চনৰ ৮ জানুৱাৰীৰ দিনা পুলিচে ১৫জন কৃষকক এখন বাইজমেলৰপৰা গ্রেপ্তাৰ কৰে। এই মেলখনত তেওঁলোকে উপায়ুক্তক তেওঁলোকৰ দুখ-দুর্দশাৰ বিষয়ে কিদৰে অৱগত কৰিব সেই বিষয়ে আলোচনা কৰিবলৈ লগ হৈছিল। ডিচেম্বৰৰ ১০ তাৰিখে ৰঙি থানাৰ সমীপত প্রায় ৩০০০ কৃষক বিভিন্ন মৌজাৰপৰা আহি গোট খাইছিল। উপাযুক্ত (Deputy Commissioner Mc Cabe) মেক কেবেই তেওঁলোকক আঁতৰি যাবলৈ আদেশ দিয়াৰ পিছতো তেওঁলোক সেই স্থানৰপৰা আঁতৰা নাছিল। আবেলিলৈ কৃষকসকল ৰঙিয়া থানাৰ আৰু কাষ চাপি আহিছিল এই আশাত যে উপাযুক্তই কিজানি খাজনাৰ হাৰ কমোৱাৰ কিবা জাননী দিয়ে। কৃষকসকলে ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা তেওঁলোকৰ সহকর্মীসকলক মোকলাই দিয়াৰো দাবী কৰিছিল। উপাযুক্তই যেতিয়া বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ কৃষকসকলৰ মাজৰপৰা প্রতিনিধি বিচাৰিলে, সকলো কৃষকে সমস্বৰে চিঞৰি উঠিছিল যে আমি বর্ধিত হাৰত খাজনা নিদিও ।যেতিয়া কৃষকৰ দলটোৱে থানাৰ ভিতৰলৈ জোৰ কৰি প্ৰৱেশৰ চেষ্টা চলালে, উপাযুক্ত মেক কেবে (Mc Cabe) আৰক্ষীক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ফলত কৃষকসকল প্রস্থান কৰিবলৈ বাধ্য হয়। মেক কেবেই ১০ জানুৱাৰী তাৰিখে এখন জাননীযোগে উপাযুক্তৰ আগতীয়া অনুমতি অবিহনে কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নির্দেশ জাৰি কৰে। একে সময়তে উপায়ুক্তই কৃষকসকলৰ মাজৰপৰাই নেতৃস্থানীয় লোকক আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি দি ৰায়তৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰাৰ লগতে চৰকাৰৰ খাজনা জমা দিয়াবলৈ মাস্তি কৰোবাৰ বাবেও তেওঁলোকক ব্যৱহাৰ কৰে। উপাযুক্তৰ এই ব্যৱস্থাসমূহ ফলপ্রসূ আছিল বুলি এই কাৰণেই ক’ব পাৰি যে বঙিয়াৰ কৃষকে চৰকাৰক জমা দিবলগীয়া ৯০,০০০ টকাৰ প্রথম কিস্তিৰ প্রায় ৬০,০০০ টকা জমা দিয়ে। কিন্তু ব্রিটিছ চৰকাৰৰ এই দমনমূলক নীতিয়ে কৃষকসকলক মেল অনুষ্ঠিত কৰাৰপৰা বিৰত ৰাখিব পৰা নাছিল। নলবাৰী, বৰমা, বজালী আদিৰ কৃষক ৰাইজ আগৰ দৰেই সক্রিয় হৈ আছিল আৰু চৰকাৰৰ ৰাজহ সংগ্রহত পূর্ণ বাধা প্রয়োগ কৰিছিল।

লচিমাৰ কৃষক বিদ্রোহ:

ব্রিটিছ প্রশাসনৰ দমনমূলক ব্যৱস্থাৰ পিছতো ৰঙিয়াৰ কৃষক বিদ্রোহ অন্যান্য অঞ্চললৈ বিয়পি পৰিছিল। বৰমাত বাইজমেল বৰ শক্তিশালী আছিল আৰু তাত এই ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনী গঢ়ি তোলাৰ লগতে যোগাযোগৰ সুবিধাৰ অর্থে ডাক-পিয়নৰ নিযুক্তি দি নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল। বজালী অঞ্চলত লচিমা, চৌখুঁটী, পানাগাঁও, সর্থেবাৰী, পাটাছাৰকুছি আদিত হেজাৰ হেজাৰ কৃষকে ৰাইজমেলত যোগদান কৰিছিল। এই অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেলখন বহিছিল পানাগাৱৰ চাপনিত (পানাগাঁও টুপত)। এই ৰাইজমেলত আনকি বতিয়া, নলবাৰী, ধর্মপুৰ, বজালী আদি উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ কৃষকে যোগ দিছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা সৰুক্ষেত্রী মৌজাৰ লাচিমাৰ ওচৰৰ কাল্পা গাঁৱত মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ মাৰপিট কৰে। কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধব চন্দ্র বৰদলৈয়ে ৭৫জন লোকক আটক কৰি তেওঁৰ লচিমাৰ জিৰণি শিবিৰলৈ (Rest camp) লৈ যায়। প্রায় ৩০০০ লোকে শিবিৰৰ চাবিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত তেওঁ আটক করা বন্দীসকলক মুক্ত কৰিবলৈ বাধ্য হয়। পিছদিনা উপায়ুক্ত মেক কেবে ৩০জনমান পুলিচ আৰু গোৰখা ৰেজিমেন্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে ৫৯জন বিদ্রোহী কৃষকক গ্রেপ্তাৰ কৰিছিল আৰু তেওঁলোকৰ অস্থায়ী জেলত ভৰাই থয়। ২৫ তাৰিখৰ আবেলিলৈ প্রায় ৬০০০ লোকে বন্দীসকলৰ মুক্তি বিচাৰি ৬০০০ লোকৰ স্বাক্ষৰিত এখন আবেদন উপাযুক্তৰ শিবিৰলৈ গৈ দাখিল কৰে। মেক কেবে কোনো সঁহাৰি নজনায় আৰু শক্তি প্রয়োগ কৰি ৰাইজক খেদি পঠিয়ায়। পুলিচে আটক কৰাসকলৰ ভিতৰত গোসাঁই দলৈ আৰু কেইবাজনো মুখীয়াল লোক আছিল। বন্দীসকলক গৰুৰ দৰে কান্ধত যুঁৱলি দি হাল টনাই ৰাইজক দৃষ্টান্ত দেখুৱাইছিল যাতে ভৱিষ্যতে কোনেও বিদ্রোহ কৰিবলৈ সাহস কৰিব নোৱাৰে। লচিমাত কৃষক বিদ্রোহ সংগঠিত কৰা আৰু হুলিৰাম মিশ্র মণ্ডলক মৰাৰ অপৰাধত ১৬জনক বিভিন্ন শাস্তি বিহা হৈছিল। পিছত কলিকতা হাইক’ৰ্টৰ নির্দেশত এইসকল লোকৰ শান্তিৰ পৰিমাণ লাঘৱ কৰা হৈছিল। বিদ্রোহত নেতৃত্ব দিয়া আৰু অংশগ্রহণ কৰাৰ অপৰাধত পুষ্পৰাম কলিতা, দেবী দত্ত শর্মা, জয়ন্তী বেজ, নিভার্যা কলিতা, নাউচাকু কলিতা আৰু মংগলু কলিতাই দুবছৰকৈ সশস্ত্র কাৰাদণ্ড ভোগ কৰিব লগা হৈছিল।

পথৰুঘাটৰ কৃষক বিদ্রোহ:

উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ ভালকৈ অন্ত নৌপৰোতেই দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমার পথৰুঘাটতো কৃষক বিদ্রোহে দেখা দিয়ে। ইয়াৰ ৰাইজে ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰপৰাই ৰাইজমেলৰ যোগেদি খাজনা বৃদ্ধিৰ প্রতিবাদ কৰাই নহয়, খাজনা সংগ্রহতো বাধা প্রদান কৰি আহিছিল, বর্ধিত হাৰত ভূমিৰ খাজনা নির্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত গোট খোৱাৰ কথা আছিল। সেই অঞ্চলৰ তহচিলদাৰসকলৰপৰা পথৰুঘাটৰ এই প্রস্তাৱিত বাইজমেলৰ প্ৰস্তুতিৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে ডি এগুাৰছনক সেই সম্পর্কে অৱগত কৰিছিল। গতিকে জিলাধিপতি এণ্ডাৰছন কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটনৰ সৈতে ২৬ তাৰিখে পথৰুঘাটলৈ যাত্রা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল।
পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই কৃষকসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল প্রায় ২০০জন লোকে সম্পত্তি ক্রোক কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ হাতৰপৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এণ্ডাবছনক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰ পিছত প্রায় ২০০০ উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। এই কৃষকসকলৰ প্ৰায় প্ৰত্যেকৰে হাতে হাতে আছিল লাঠি আৰু বাঁহৰ কামি।
কৃষকসকলে এইদৰে দলে-বলে জিৰণি শিবিবত উপস্থিত হোৱাত উপায়ুক্ত এণ্ডাৰছনে তেওঁলোকক তৎকালেই ঘৰাঘৰি যাবৰ কাৰণে নির্দেশ দিয়ে যদিও তেওঁলোকে তাতেই অৱস্থান কৰি থকাত উপায়ুক্তই পুলিচ অধীক্ষকক শক্তি প্রয়োগ কৰি হ’লেও কৃষকসকলক তাৰপৰা আঁতৰাই পঠিয়াবলৈ নির্দেশ দিয়ে। সেই নির্দেশনা অনুযায়ী পুলিচ অধীক্ষকে কৃষকসকলক শক্তি প্রয়োগ কৰি খেদিবলৈ চেষ্টা কৰোতে কৃষকসকল উত্তেজিত হৈ লাঠি জোকাৰি, দলি-ফর্মুটি মাৰি ওচৰ চাপিহে আহিল। দলি-চপৰাৰ খুন্দাত পুলিচ- মিলিটাৰী, প্রশাসনিক বিষয়া কোনেও চকু মেলিব পৰা নাছিল। তেনে অৱস্থাত উপায়ুক্তই পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ইয়াৰ ফলত বেচৰকাৰী হিচাপ অনুযায়ী ১৪০জন কৃষকৰ মৃত্যু আৰু ১৫০জন আহত হয়। আনহাতে, চৰকাৰী হিচাপ মতে ১৫জনৰ মৃত্যু আৰু ৩৭জন আহত হয়।
পথৰুঘাটৰ কৃষক বিদ্রোহ ব্রিটিছ সাম্রাজ্যবাদী চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিল। এই বিদ্রোহত অংশগ্রহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্য মতে, মুঠতে ৩৭জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। মঙলদৈৰ মহকুমাধিপতি ৰেনছম চাহাবে বিচাৰ কার্য সমাধা কৰিছিল। এই বিদ্রোহত গ্রেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আকলু শেখ আৰু অন্যান্য ছয়জনক শাস্তি প্রদান কৰা হয়। বাকী সকলোকে মুকলি কৰি দিয়ে।
যদিও অসমত ব্রিটিছ সাম্রাজ্যবাদী শাসনে ঊনবিংশ শতিকাত সংঘটিত হোৱা কৃষক বিদ্রোহসমূহ দমন কৰিবলৈ সক্ষম হৈছিল, কিন্তু ১৮৬১ চনৰপৰা চলি অহা এইলানি কৃষক বিদ্রোহে পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্রামত অনুপ্ৰেৰণা যোগাইছিল।

জনজাতীয় বিদ্রোহ:

ব্ৰিটিছ শাসনৰ আৰম্ভণিৰেপৰা অসমত এটাৰ পিছত আনটো বিদ্রোহ সংঘটিত হৈছিল। ভৈয়াম অঞ্চলত হোৱা কৃষক বিদ্ৰোহৰ সমান্তৰালকৈ অসমৰ পাহাৰীয়া জনজাতি লোকসকলৰ মাজতো ব্রিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তীব্র সংগ্রাম হৈছিল।

জয়ন্তীয়া বিদ্রোহ:

জয়ন্তীয়া ৰাজ্য ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰপৰা ইংৰাজৰ হাতলৈ যায়। জয়ন্তীয়া পাহাৰ কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰাত স্বাভাৱিকতে স্বাধীনচেতীয়া জয়ন্তীয়া জনজাতিসকল বিক্ষুব্ধ হৈ আছিল। ভূমি দখলতকৈও ব্রিটিছ প্রশাসকৰ উদ্ভণ্ডালিব কাৰণে চিন্টেং বা জয়ন্তীয়াসকল অসন্তুষ্ট হৈ পৰিছিল। ইংৰাজ ৰাজনৈতিক প্রতিনিধিৰ (Political Agent) তলত দেৱানী আৰু ফৌজদাৰী বিচাৰৰ ভাৰ দিয়া হৈছিল দলৈসকলক। বিদেশী প্রশাসনে তাতো দোষ উলিয়াইছিল। ব্রিটিছ প্রশাসনে জনজাতিসকলে মুকলিকৈ সামূহিকভাবে মাছ ধৰা আৰু খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ৰাজহ সংগ্ৰহৰ বাট উলিয়াইছিল। তদুপৰি জয়ন্তীয়াসকলৰ ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান পর্ব তথা সামাজিক জীৱনত হস্তক্ষেপ, পূৰ্বৰেপৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে স্বাধীনচেতীয়া পাহাৰীয়া জনজাতিটোক ইংৰাজ বিদ্বেষী কৰি তুলিছিল। এই পৰিস্থিতিত তেওঁলোকে চর্দাৰ আৰু দলৈসকলৰ সৈতে গাঁৱৰ সভাত মিলিত হৈছিল আৰু ইংৰাজৰ বিৰুদ্ধে বিদ্রোহৰ প্রস্তুতি পর্ব চলাইছিল। আনহাতে, কোনোদিনে নগদ ধন হিচাপে কৰ-কাটল দি নোপোৱা জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছে কর্তৃত্ব জাহিৰ কৰিবলৈ ঘৰ কৰ, আয়কৰ আদি বহুৱাইছিল। প্রথমতে ব্ৰিটিছে ঘৰ কৰ প্ৰৱৰ্তন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্রোহৰ সূচনা কৰে। এই বাতৰি বিয়পি পৰাৰ লগে লগে জয়ন্তীপুৰ, মূলাগোল, জাফলং, ছেৰা আদি অঞ্চলতো বিদ্রোহৰ আৰম্ভণি হয়। ব্রিটিছ প্রশাসনে কঠোৰ নীতি গ্রহণ কৰাত ১৮৬১ চনত ওকিয়াং নংবাহৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্রিটিছৰ বিৰুদ্ধে সজোৰে বিদ্রোহ ঘোষণা কৰে। তেওঁলোক জোৱাইৰ ওচৰত এক সভাত মিলিত হৈ জয়ন্তীয়া পাহাৰৰপৰা ব্ৰিটিছৰ ৰাজনৈতিক কর্তৃত্ব ওফৰাই তাত জয়ন্তীয়াসকলৰ স্বাধিকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে প্রতিজ্ঞাবদ্ধ হৈছিল। জয়ন্তীয়াসকলে ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে জোৱাইত থকা ব্রিটিছ ছাউনীত অতর্কিতে আক্রমণ কৰে। বিদ্রোহীসকলে জোৱাই-চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰৰ মাজৰ দুয়োটা পথেই আগতীয়াকৈ অৱৰোধ কৰি ৰাখিছিল। জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছ চৰকাৰে নিয়োগ কৰা ৪৪ নং দেশীয় পদাতিক আৰু ৩৩ নং বেংগল মিলিটাৰী পুলিচ বাহিনীৰ লোকে অমানুষিক অত্যাচাৰ আৰম্ভ কৰিছিল। বিদ্রোহীসকলেও প্রতিপক্ষৰ অসংখ্য লোকক হত্যা কৰিছিল। দুয়োপক্ষৰ মাজত তীব্র সংঘর্ষ অব্যাহত থকাৰ সময়তে ইংৰাজ প্রশাসনে ইষ্টার্ণ কামাণ্ডাৰ ব্রিগেডিয়াৰ জেনেৰেল জি ডি শ্বাৱাৰছক সমগ্র জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক আৰু অসামৰিক কর্তৃত্ব প্রদান কৰাৰ লগতে বি ডব্লিউ মর্টনক খাচী-জয়ন্তীয়া পাহাৰৰ ডেপুটী কমিছনাৰ নিয়োগ কৰিছিল। আনহাতে, নেৰানেপেৰা চৰকাৰী আক্রমণৰ ফলত জয়ন্তীয়া বিদ্রোহীসকলৰো শক্তি ক্রমান্বয়ে হ্রাস পাই আহিব ধৰিছিল। ব্রিটিছ চৰকাৰেও বিদ্রোহীসকলে স্বেচ্ছাই আত্মসমর্পণ কৰিলে সাধাৰণ ক্ষমা প্রদানৰ প্রতিশ্রুতি দিছিল আৰু তেওঁলোকৰ নেতা ওকিয়াং নংবাহক কোনো লোকে জীৱন্তে ধৰি ব্রিটিছক গতাই দিলে তেওঁক ১০০০ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল। অৱশেষত ওকিয়াং নংবাহ ব্রিটিছৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্থিতিত ব্রিটিছে জোৱাইত ফাঁচীকাঠত ওলমায়। এই ঘটনাই জয়ন্তীয়া বিদ্রোহীসকলৰ উৎসাহ ভালেখিনি হ্রাস কৰিছিল আৰু বহুতেই স্বোচ্ছাই আত্মসমর্পণৰ বাট বাছি লৈছিল। এনেদৰেই ১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্রোহৰ পৰিসমাপ্তি ঘটে।

উত্তৰ কাছাৰৰ বিদ্রোহ:

ব্ৰিটিছৰ শাসনকালত পাহাৰীয়া জনজাতীয় বিদ্রোহৰ ভিতৰত ঊনবিংশ শতিকাৰ শেষৰফালে সম্বোধন কছাৰীৰ নেতৃত্বত উত্তৰ কাছাৰত সংঘটিত হোৱা বিদ্রোহ আছিল উল্লেখনীয়। এই বিদ্রোহৰ কেন্দ্রস্থল আছিল মাইবং। ১৮৮১-৮২ৰ এবছৰ কাল ধৰি এই বিদ্রোহ চলিছিল। ১৮৮০ চনত ব্রিটিছ চৰকাৰে উত্তৰ কাছাৰৰ ওপৰত আংগামী নগাসকলৰ আক্রমণ প্রতিহত কৰিবলৈ ১০০জন কুকী লোকেৰে কুকী বাহিনী এটা গঠন কৰিছিল। লগতে এই অঞ্চলৰ জনজাতিসকলক বশীভূত কৰি ৰাখিবলৈ ইংৰাজ বিষয়া এজনক মকৰল কৰিছিল। এই সকলোবোৰ কাৰণতে সম্বোধন কছাৰীৰ নেতৃত্বত বিদ্ৰোহৰ সূত্রপাত হৈছিল।
এই বিদ্রোহত বিদ্রোহীসকলে ব্রিটিছ চৰকাৰে নিৰ্মাণ কৰা ঘৰ-দুৱাৰসমূহ অগ্নিসংযোগ কৰি ধ্বংস কৰিছিল। গুণজুঙত বিদ্রোহীসকলে দুজন ব্রিটিছ বিষয়াৰ ভৃত্য আৰু এজন পুলিচক হত্যা কৰে। ইয়াৰ পিছত বিদ্রোহীসকলে মাইবঙতো চৰকাৰীপক্ষক অতর্কিতে আক্রমণ কৰে। দুয়োপক্ষৰ মাজৰ তীব্র সংঘর্ষৰ ফলত বিদ্রোহীসকলৰ ভালেমান মৃত্যুমুখত পৰে। চৰকাৰী মেজৰ বয়দো গুৰুতৰভাৱে আহত হয় আৰু কিছুদিন পিছত মৃত্যুবৰণ কৰে। এই বিদ্ৰোহৰ নেতা সম্বোধন কছাৰীৰ পিছত কি হ’ল একো জনা নাযায়।

নগা জনগোষ্ঠীৰ বিদ্ৰোহ:

ব্রিটিছৰ ৰাজনৈতিক নিয়ন্ত্রণ নগা জনজাতিসকলেও পছন্দ কৰা নাছিল। ফলস্বৰূপে ব্রিটিছ অধিকৃত নগা ৰাজ্যসমূহত আৰম্ভণিৰেপৰা অসন্তোষৰ বা বলি আছিল। নগাসকলে ১৮৭৮ চনত এজন ব্রিটিছ বিষয়া ডামান্টক তেওঁৰ নিৰাপত্তাৰক্ষীসহ হত্যা কৰি স্বাধীনতাৰ প্রতি থকা হেপাহৰ পৰিচয় দিছিল। ক’হিমাও বিদ্রোহীসকলে ভালেমান দিন অৱৰোধ কৰি ৰাখিছিল। অংগামী নগাসকলৰ এই বিদ্রোহ কর্ণেল জনষ্টোনে কঠোৰভাবে দমন কৰিছিল।

Leave a Reply