১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ:

অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ কাৰণ || চিপাহী বিদ্ৰোহৰ কাৰণ || ১৮৫৭ চনৰ বিদ্ৰোহৰ ফলাফল || ১৮৫৭চনৰ চিপাহী বিদ্ৰোহ হোৱাৰ মূল কাৰণ সমূহ || চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ

 

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ

১৮৫৭ চনৰ বিদ্ৰোহ:

১৮৫৭ চনৰ বিদ্ৰোহ প্ৰথমবাৰৰ বাবে ১৮৫৭ চনৰ ১০ মে তাৰিখে মিৰাটত চিপাহী বিদ্ৰোহৰ দ্বাৰা আৰম্ভ কৰা হৈছিল। বিদ্ৰোহ টো এবছৰ ধৰি চলিছিল কিন্তু অসফল হৈছিল। বিপ্লৱে সেই মুহূৰ্তত প্ৰয়োজনীয় বহুতো পৰিৱৰ্তন আনিছিল। এই বিদ্ৰোহৰ এটা মুখ্য আকৰ্ষণ আছিল যে ই ভাৰতত ষ্ট ইণ্ডিয়া কোম্পানীটো বিলুপ্ত কৰিছিল। ভাৰতৰ কেন্দ্ৰীয় আৰু উত্তৰ অংশই ১৮৫৭ চনৰ বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল। বিভিন্ন কাৰণ আছিল যিয়ে ভাৰতীয়সকলক বান্ধি ৰাখিছিল। ইয়াক চিপাহী বিদ্ৰোহ, ভাৰতীয় বিদ্ৰোহ আৰু মহা বিদ্ৰোহ বুলিও জনা গৈছিল। চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ, মহাবিদ্ৰোহ, ভাৰতীয় বিদ্ৰোহ, ১৮৫৭ চনৰ বিদ্ৰোহ আৰু ১৮৫৮ চন গণ-অভ্যুত্থান নামেৰেও অভিহিত কৰা হয়। এই বিদ্ৰোহ নিৰ্মমভাৱে দমন কৰা হয়। বহু নিৰপৰাধ নৰ−নাৰী, শিশু−বৃদ্ধক নিৰ্বিচাৰে হত্যা কৰা হয়।

১৮৫৭ চনৰ বিদ্ৰোহৰ কাৰণ:

অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আদি নানান কাৰণত ১৮৫৭চনৰ বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। প্ৰাক ইংৰাজ যুগৰ ভাৰতবৰ্ষ আছিল এখন গ্ৰাম্য কৃষভিত্তিক দেশ। বৃহৎ শিল্প উদ্যোগৰ পৰিৱৰ্তে হস্ত আৰু কুটীৰ শিল্পৰ দ্বাৰাই গাওঁবোৰ স্বাৱলম্বী হৈ চলিব পাৰিছিল। ভূমিৰ ক্ষেত্ৰতো তেনে কোনো জটিল ৰাজহ গাঁথনি নাছিল। ইংৰাজসকল ভাৰতলৈ অহাৰ পিছত পৰ্যায়ক্ৰমে প্ৰৱৰ্তন কৰা অৰ্থনৈতিক নীতিয়ে ভাৰতৰ পৰম্পৰাগত অৰ্থনীতিৰ ওপৰত কুঠাৰঘাত কৰিছিল। অষ্টাদশ শতিকাৰ মাজভাগৰ পৰাই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰাধান্য প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰি আহিছিল।

অৰ্থনৈতিক কাৰণ:১৮৫৭ চনৰ পলাশী যুদ্ধৰ ফলাফল আৰু ইংলেণ্ডত সূচনা হোৱা শিল্প বিপ্লৱে এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিছিল। ইয়াৰ প্ৰত্যক্ষ ফলস্বৰূপে অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতবৰ্ষ এখন সম্পূৰ্ণৰূপে ইংৰাজ – উপনিৱেশত পৰিণত হৈছিল। এফালেদি ইংলেণ্ডলৈ প্ৰচুৰ পৰিমাণে কেঁচামাল সৰবৰাহ কৰি আৰু আনফালে ইংলেণ্ডৰ শিল্পজাত সামগ্ৰীৰে ভাৰতৰ বজাৰ নিয়ন্ত্ৰণ কৰি সাধাৰণ জনগণৰ জীৱনলৈ ভয়াবহ অন্ধকাৰ নমাই আনিছিল। ইয়াৰ পৰিণামস্বৰূপে ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ভাৰতবৰ্ষত কেইবাটাও দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল। যদিও ভাৰতবৰ্ষ মূলতঃ এখন কৃষি প্ৰধান দেশ, কিন্তু কৃষি খণ্ডৰ উন্নয়নৰ বাবে কোম্পানী চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আনহাতে ভূমি ৰাজহৰ পৰিমান বৃদ্ধি কৰা হৈছিল। তাৰ মাজতে কৃষকসকল মধ্যস্বত্বভোগী আৰু মহাজনৰো বঞ্চনাৰ বলি হৈছিল। মুঠতে জন্মৰ পৰা মৃত্যুলৈকে ভাৰতৰ ঋণৰ বোজাই লগ নেৰাটো এটা চিৰাচৰিত ঘটনাত পৰিণত হৈছিল।

সামাজিক কাৰণ: ইংৰাজ আমোলত প্ৰৱৰ্তন কৰা নতুন প্ৰশাসনিক নীতিৰ ফলত সমাজৰ অভিজাতসকল, সাধাৰণ মধ্যবিত্ত শ্ৰেণী আৰু সামৰিক বাহিনীৰ লোকো তীব্ৰ অৰ্থ সংকটত ভুগিছিল আৰু পূৰ্বৰ বহু সা- সুবিধাৰ পৰা বঞ্চিত হৈছিল।
সামাজিক কাৰণ: ইংৰাজৰ আমোলত প্ৰৱৰ্তন কৰা নতুন প্ৰশাসনিক নীতিৰ ফলত সমাজৰ অভিজাতসকল, সাধাৰণ মধ্যবিত্ত শ্ৰেণী আৰু সামৰিক বাহিনীৰ লোকো তীব্ৰ অৰ্থ সংকটত ভুগিছিল আৰু পূৰ্বৰ বহু সা- সুবিধাৰ পৰা বঞ্চিত হৈছিল। তাৰোপৰি ইংৰাজৰ জাত্যাভিমানৰ বলি হৈ বহুতো শিক্ষিত ভাৰতীয়ই উচ্চপদৰ চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈছিল। এই বৈষম্যমূলক আচৰণে স্বাভাৱিকতে এক শ্ৰেণী লোকৰ মনত ইংৰাজৰ প্ৰতি ঘৃণাৰ ভাব সৃষ্টি কৰিছিল। ইতিমধ্যে ঊনৈশ শতিকাৰ আৰম্ভণিতেই কোম্পানী চৰকাৰে ঔপনিৱেশিক অৰ্থনীতিৰ প্ৰয়োজনতে ভাৰতীয় সমাজৰ আধুনিকীকৰণত আগ্ৰহী হৈ পৰিছিল। সেইয়ে ভাৰতীয় লোকে ভোগ কৰা কিছুমান অসুবিধা দূৰ কৰি (যাতায়ত আৰু শিক্ষা ব্যৱস্থা) সমাজত প্ৰচলিত আওপুৰণি ধ্যান – ধাৰণা, মতাদৰ্শ তথা প্ৰমুল্যৰ পৰিবৰ্তন সাধন কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল। ফলস্বৰূপে এলানি সংস্কাৰ কাৰ্যসূচী হাতত লৈছিল যদিও ৰক্ষণশীল সমাজে ইয়াৰ প্ৰতিবাদ কৰিছিল। মুঠতে ইংৰাজ আৰু ভাৰতীয়ৰ মাজত যি জাতিগত দন্দ আৰম্ভ হৈছিল তাৰ ফলাফল শুভ নাছিল।

ৰাজনৈতিক কাৰণ: ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা বিচাৰ কৰিলেও দেখিবলৈ পোৱা যায় যে, কোম্পানী চৰকাৰে যি সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল তাৰ পৰিণাম সুদূৰপ্ৰসাৰী আছিল। এই আগ্ৰাসন প্ৰক্ৰিয়াৰ শেষ আৰু চূড়ান্ত পৰ্বৰ সূচনা হৈছিল লৰ্ড ডেলহাউচি শাসনকালত। ডেলহাউচিয়ে ইয়াক কঠোৰভাৱে প্ৰয়োগ কৰি ভালেমান দেশীয় ৰাজ্য অধিগ্ৰহণ কৰাত ভাৰতীয়ৰ মনত ভয়, শংকা, সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল। এওঁৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেঞ্চন আদিও কাঢ়ি লোৱা হৈছিল। অৰাজকতাৰ দোহাই দি অন্যায়ভাৱে ৰাজ্য দখল কৰি ব্ৰিটিছে চৰম অদূৰদৰ্শিতাৰ পৰিচয় দিছিল। তাৰোপৰি মোগল সম্ৰাটৰ অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্ৰতো ডেলহাউচি লিপ্ত হৈছিল। পিছে কোম্পানীৰ উৰ্ধতম মহলৰ হস্তক্ষেপত সি কাৰ্যকৰী নহ’ল। তথাপিও সম্ৰাটৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক লালকিল্লাৰ পৰা উৎখাত কৰা হ’ব বুলি ডেলহাউচিয়ে এক তাৎপৰ্যপূৰ্ণ ঘোষণা কৰিছিল। এই সমস্ত ঘটনা – পৰিঘটনাসমূহে ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে বিদ্বেষ ভাবৰ সূচনা কৰিছিল।

সামৰিক কাৰণ: সামৰিক ক্ষেত্ৰত থকা বিভিন্ন সমস্যা আৰু কোম্পানী চৰকাৰৰ বৈষম্যমূলক নীতিয়ে ১৮৫৭ চনৰ বিদ্ৰোহত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এই বিদ্ৰোহৰ মূল চালিকা শক্তি আছিল চিপাহীসকল। কোম্পানীৰ শাসনকালত সামৰিক বাহিনীৰ অধিকাংশ চিপাহীয়েই আছিল ভাৰতীয়। কিন্তু এওঁলোকৰ জাতিগত মূল্যবোধক কোনোদিনেই গুৰুত্ব দিয়া হোৱা নাছিল। সামৰিক অনুশাসনৰ দোহাই দি চিপাহীসকলৰ নিজস্ব কৃষ্টি, সংস্কৃতি পৰিহাৰ কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু সামৰিক বাহিনীত কাম কৰিলেও ভাৰতীয় সৈন্যসকলে নিজ নিজ ধৰ্মীয় অনুশাসন মানি চলাৰ পক্ষপাতি আছিল।কিন্তু ১৮৫৬ চনত কোম্পানী আইনে এখন আইনৰ যোগেদি সাগৰ যাত্ৰা বাধ্যতামূলক কৰি সৈন্যসকলৰ মনত গভীৰ অসন্তুষ্টি সৃষ্টি কৰিছিল। কাৰণ হিন্দু ধৰ্মত সাগৰ যাত্ৰা নিষিদ্ধ আছিল। তদুপৰি ভাৰতীয়সৈন্যই ইউৰোপীয় সৈন্যৰ একে হাৰত দৰমহা পোৱা নাছিল, পদোন্নতিৰ ক্ষেত্ৰতো তেওঁলোকক বঞ্চিত কৰা হৈছিল। আৰু বিদেশ সেৱাৰ বাবদ লাভ কৰা ভাট্টাও বন্ধ কৰিছিল। এই সকলো ভাৰতীয় সৈন্যৰ মনত ইংৰাজৰ বিৰুদ্ধে ক্ষোভ আৰু বিদ্বগ ভাব জগাই তুলিছিল। এই সংঘাতৰেই পৰিণাম আছিল ১৮৫৭ চনৰ মহাবিদ্ৰোহ।

ধৰ্মীয় কাৰণ: ধৰ্মীয় দৃষ্টিকোণৰ পৰা চাবলৈ গলেও দেখিবলৈ পোৱা যায় যে কিছুমান স্পৰ্শকাতৰ বিষয়ে ভাৰতীয় মানুহৰ মনত ইংৰাজৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। কোম্পানী চৰকাৰৰ শাসনকালত খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ দ্ৰুত ধৰ্ম প্ৰচাৰ, ধৰ্মৰ লগত জড়িত ভাৰতৰ পৰম্পৰাগত কিছুমান প্ৰথাৰ বিলোপ সাধন আৰু ধৰ্মান্তৰিত লোকক ধন- সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত নকৰা আদি কাৰ্যই ভাৰতবাসীক নিজ ধৰ্মৰ ভৱিষ্যত সম্পৰ্কে সন্দিহান কৰি তুলিছিল। আনহাতে দেশীয় শিক্ষা ব্যৱস্থাৰ মাধ্যম ইংৰাজী কৰাত আৰু জনকল্যানৰ নামত বিভিন্ন ঠাইত স্থাপন কৰা শিক্ষানুষ্ঠান, হস্পিতাল, গীৰ্জা আদিয়েও সৰ্বসাধাৰণ লোকৰ মনত সন্দেহৰ ভাব সুমুৱাই দিছিল যে এই সকলো বিলাকৰ অন্তৰালত আছে ভাৰতবৰ্ষক এখন খৃষ্টান ধৰ্মী দেশলৈ পৰিণত কৰা।

১৮৫৭ চনৰ বিদ্রোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এইবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰুৱাব লাগিছিল। গুলিসমূহত চর্বি জাতীয় পদার্থ মিহলাই দিয়া হৈছিল গুজৱ ওলাল যে এই সংমিশ্রণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দুৰ অভক্ষ্য বাবে ভাৰতীয় সৈনাই ইয়াক ব্যবহাৰ কৰিবলৈ অনিচ্ছা প্রকাশ কৰিলে। তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে।
১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে এইবিধ গুলি ব্যৱহাৰৰ প্রতিবাদ কৰিছিল। ২৯ মাৰ্চত বেৰেকপুৰৰ সেনা-ছাউনীত সেই গুলি ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়াত মংগল পাণ্ডেই এজন ইংৰাজ সামৰিক বিষয়াক আক্রমণ কৰি পৰিস্থিতি উত্তেজনাপূর্ণ কৰি তোলে। লগে লগে মংগল পাণ্ডে আৰু তেওঁৰ সহযোগী ঈশ্বৰী খাণ্ডেক ফাঁচী দি দুয়োটা দেশীয় পদাতিক বাহিনী ভংগ কৰি বিষয়টো চম্ভালিবলৈ চেষ্টা কৰে।কিন্তু উত্তেজনাব শাম নাকাটিল। অতি সোনকালেই এই বাতৰি উত্তৰ প্ৰদেশৰ মীৰাট পালেগৈ।১৬ মে ৰবিবাৰে মীৰাট সেনা ছাউনীৰ চিপাহীসকলে মীৰাটৰ জেলত থকা সকলো কয়দীকে মুকলি কৰি দিয়ে আক কেইবাজনো ইংৰাজ সামৰিক বিষয়াক হত্যা কৰি তেওঁলোকৰ পৰা বন্দুক-বাৰুদ কাঢ়ি আনে।১০ মে’ৰ দিনাই বিদ্রোহী চিপাহীসকল মীৰাটৰ পৰা দিল্লী পালেগৈ আৰু মোগল সম্রাট বাহাদুৰ ছাহ দ্বিতীয়ক ভাৰতৰ সম্রাট বুলি ঘোষণা কৰে। মোগল সম্রাটজনক ভাৰতৰ ঐক্য আৰু সংহতিৰ প্রতীক বুলি ঘোষণা কৰা কার্যই মথেষ্ট তাৎপর্য বহন কৰিছিল।
অতি কম সময়ৰ ভিতৰতে উত্তৰ ভাৰত, মধ্যভাৰত আৰু দক্ষিণ ভাৰতৰ বহু এলেকাত এই বিদ্রোহ বিয়পি পৰে। দক্ষিণ ভাৰতৰ দুই এখন চহৰত এই বিদ্ৰোহৰ প্ৰভাৱ পৰিছিল। এটা কথা ঠিক যে কোনো পৰিকল্পনা নোহোৱা বাবে আৰু উপযুক্ত নেতৃত্বৰ অভাৱত বহুতো অঞ্চলত বিদ্রোহে হিংসাত্মক ৰূপ লৈছিল।
১৮৫৭ চনৰ বিদ্ৰোহ ইংৰাজৰ বিৰুদ্ধে ভাৰতীয় জনগণৰ কেৱল এক সাধাৰণ প্ৰতিবাদী কাৰ্যসূচী নাছিল, ই ভাৰতৰ ইতিহাসৰ এক যুগান্তকাৰী ঘটনা আছিল। আৰম্ভণিতে আমি পাই আহিছো যে এই বিদ্ৰোহৰ মূল চালিকা শক্তি আছিল চিপাহীসকল। পিছলৈ তেওঁলোকক সহযোেগ কৰিছিল দেশৰ বিভিন্ন অঞ্চলৰ ক্ষমতা হেৰুওৱা শাসক, নরাব, জমিদাৰ, অভিজাত শ্রেণী, কৃষক, পুৰোহিত, মোল্লা-মৌলবী আদিয়ে।
১৮৫৭ চনৰ বিদ্রোহ সফল নহ’ল যদিও ইয়াৰ ফলাফল তাৎপর্যপূর্ণ আছিল। ১৮৫৮ চনত কোম্পানী চৰকাৰে ভাৰতবৰ্ষৰ শাসন ক্ষমতা হেৰুৱায় আৰু ভাৰতৰ শাসন ভাৰ পোনপটীয়াকৈ ইংলণ্ডৰ সম্ৰাজ্ঞী ৰাণী ভিক্টোৰীয়াৰ অধীনলৈ যায়।

১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱ :

ভাৰতৰ ওপৰত প্ৰভাৱ :

১৮৫৭ চনৰ বিদ্ৰোহ সফল হোৱা নাছিল কিন্তু ভাৰতৰ ওপৰত এক বৃহৎ প্ৰভাৱ সৃষ্টি কৰিছিল। মুখ্য প্ৰভাৱটো আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিলুপ্তি, ভাৰত ব্ৰিটিছ কৰ্তৃত্বৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত আছিল, ভাৰতীয় প্ৰশাসন প্ৰত্যক্ষভাৱে ৰাণী ভিক্টোৰিয়াৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল। ১৮৫৭ চনৰ বিদ্ৰোহে সৃষ্টি কৰা দ্বিতীয় প্ৰভাৱটো আছিল ৰাষ্ট্ৰৰ মাজত একতা আৰু দেশপ্ৰেম বিকাশ কৰা। কৃষকসকলও সক্ৰিয়ভাৱে জড়িত আছিল। সংবাদ মাধ্যমৰ ওপৰত থকা নিষেধাজ্ঞাসমূহো জড়িত আছিল। স্বাধীনতা সংগ্ৰামত সংবাদ মাধ্যমই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ই ভাৰতীয়সকলক শিক্ষিত কৰা, তেওঁলোকক প্ৰভাৱিত কৰা আৰু চৰকাৰী নীতিৰ বিষয়ে অৱগত কৰাত সহায় কৰিছিল।

অসমৰ ওপৰত প্ৰভাৱ :

মানৰ অত্যাচাৰৰ পৰা দেশ ৰক্ষা কৰিবলৈ অসমবাসীয়ে ইংৰাজক আমন্ত্রণ কৰি আনিছিল। ইংৰাজ আহিল, কিন্তু ঘুৰি নগ’ল। অসমক মান মুক্ত কৰি অতি সোনকলেই তেওঁলোকে এই বাজা অধিগ্রহণ কৰিলে। ইংৰাজ উপনিবেশবাদী শাসনৰ প্ৰায় আৰম্ভণিৰে পৰাই অসমৰ পাহাৰ আৰু ভৈয়ামত ইংৰাজ বিৰোধী মনোভাবে গা কৰি উঠিছিল। মন কৰিবলগীয়া কথা যে ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসম বহু আগতেই ইংৰাজৰ সাম্রাজ্যবাদী অসমখন বৃটিছে নিজৰ দখললৈ নিছিল। এক সুদীর্ঘ কাল ইংৰাজৰ বিভাজন নীতি, অর্থনৈতিক শোষণ, বর্ধিত মাটিৰ খাজনা আদিয়ে অসমবাসীক বিতুষ্ট কৰি তুলিছিল। যাৰ পৰিণতিত দুবছৰৰ ভিতৰতে অসমত কেইবাটাও ইংৰাজ বিৰোধী সংগ্রাম সংঘটিত হৈছিল। প্রসংগ ক্রমে উল্লেখ কৰিব পাৰি যে ১৮২৮ খ্ৰীষ্টাব্দতেই অসমত ৰাজপাট বিচাৰি আহোম ৰাজপৰিয়ালৰ গোমধৰ কোঁৱৰে ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল।
১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষী হৈ পৰে। মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ ‘দেৱান’ৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ ‘চিনামৰা’ আৰু ‘চেলেঙ’ত নিজাকৈ দুখন চাহ বাগিচা খুলি প্রথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰে। মণিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে বিভিন্ন প্ৰকাৰে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বার্থ ৰক্ষা কৰিবলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা ওরী অথলে যোৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্রহণ কৰি অসমতো সশস্ত্র সংগ্ৰামৰ প্রস্তুতি চলালে। এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ প্ৰমুখ্যে অন্যান্য সহযোগীসকলৰ লগত যোগাযোগ কৰি বিদ্রোহৰ প্রস্তুতি চলাবলৈ আহবান জনালে। অসমত ইতিমধ্যেই অসন্তুষ্ট হৈ থকা বিভিন্ন শ্ৰেণীৰ লোকক সংগঠিত কৰাত একো অসুবিধাই নহ’ল। চাৰিং ৰজা কন্দপেশ্বৰ সিংহৰ বাসভৱন গোপন আলোচনাৰ কেন্দ্ৰ হৈ পৰিল। কিন্তু আঁচনি মতে কাম নহ’ল। প্রস্তুতি ভালেখিনি আগবঢ়াৰ সময়তে মণিৰাম দেৱানৰ বিদ্ৰোহ সম্পর্কীয় কিছুমান নথি-পত্ৰ ইংৰাজৰ হাতত পৰাত তৎকালীনভাৱে মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলক আটক কৰা হ’ল। কোনো আত্মপক্ষ সমর্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিলে। বয়স কম হোৱা বাবে কন্দপেশ্বৰ সিংহক পিছত মুকলি কৰি এটা পেন্সন দি গুৱাহাটীত আৱদ্ধ কৰি ৰাখে। অন্য কিছুমানক আজীৱন কাৰাবন্দী কৰি ৰাখিলে, বহুতকে সশ্রম কারাদণ্ড বিহা হ’ল আৰু আন কিছুমানৰ সম্পত্তি বাজেয়াপ্ত কৰি পেন্সন বদ কৰিলে।
আপাত দৃষ্টিত অসমত ১৮৫৭ চনৰ বিদ্ৰোহ সফল নহ’ল আৰু তাৰ লগে লগে অসমবাসীৰ মনত ইংৰাজ বিৰোধী মনোভার প্রকট নিঃশেষ নহ’ল। পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন ঠাইত সংঘটিত হোৱা কৃষক আৰু পাহাৰীয়া জনজাতিসকলৰ বিদ্রোহ ইয়াৰেই পৰিণতি আছিল। ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ভাৰতৰ শাসনভাৰ ইংৰাজ সম্রাজ্ঞীৰ প্রত্যক্ষ শাসনৰ অধীনলৈ গ’ল যদিও অৱস্থাৰ বিশেষ পরিবর্তন নহ’ল। বৰং ইংৰাজে বিদ্রোহৰ ঘাটি পুৰাবলৈ নতুন নতুন কৰ প্ৰৱৰ্তন কৰি সাধাৰণ প্ৰজা আৰু কৃষকৰ জীবন দুর্বিসহ কৰি তুলিছিল। এইবিলাক কাৰণতেই ১৯ শতিকাৰ ষষ্ঠ দশকৰ পৰা অসমত এলানি কৃষক বিদ্রোহে গা কৰি উঠিছিল।
অসমৰ কৃষক বিদ্রোহসমূহ পৰিচালনা কৰিছিল ‘ৰাইজ মেলসমূহে’। সমাজৰ মুখিয়াল লোকসকলৰ তত্বাবধানত বাইজ মেলসমূহ গঢ়ি উঠিছিল। জাতি, ধর্ম নির্বিশেষে সকলোৱেই ইয়াত অংশগ্রহণ কৰিব পাৰিছিল। আর্থ-সামাজিক সমস্যাসমূহ উপস্থাপনৰ ক্ষেত্ৰত ৰাইজমেলসমূহে এক গুৰুত্বপূর্ণ ভূমিকা লৈছিল। তাৰোপৰি বাইজমেলৰ ক্ষমতা ইমানেই বেছি আছিল যে কোনো কোনো ঠাইত স্থানীয়ভাবে চৰকাৰক অচল কৰি দিবলৈও ই সমর্থ হৈছিল। অসমৰ প্ৰথমটো কৃষক বিদ্রোহ ১৮৬১ চনত ফুলগুৰিত সংঘটিত হৈছিল। ইয়াক ফুলগুৰিৰ ধেৱা বুলিও জনা যায়। তাৰ পিছত ১৮৯৪ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্রোহ কৰিছিল। সকক্ষেত্রী মৌজাৰ লাছিমা, বজালীন গোবিন্দপুৰ আৰু ১৮৯৪ চনৰ জানুৱাৰীত মঙ্গলদৈ মহকুমাৰ পথৰুঘাটত হোৱা কৃষক বিদ্রোহে ইংৰাজক ভীতি বিহ্বল কৰি তুলিছিল। পথৰুঘাটৰ ৰণেই অসমত সংঘটিত হোৱা কৃষক বিদ্রোহৰ অন্তিম পর্যায়। ওপৰত উল্লেখ কৰা অসমৰ কৃষক বিদ্রোহসমূহ ইংৰাজ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল যদিও নিঃশেষ কৰিব পৰা নাছিল। মান কমিলেগীয়া কথা যে দক্ষিণ ভাৰত, বংগ আৰু বিহাৰৰ ছোটানাগপুৰতো সম-সাময়িকভাবে কৃষক ফিল উদ্দিন যদিও ইংরাজৰ লগত সমুখ সমবত অবতীর্ণ হৈছিল কেরল অসমৰ কৃষকসকলেহে।

১৮৫৭ চনৰ বিদ্ৰোহত নেতৃত্ব দিয়া ব্যক্তিসকল আৰু কেন্দ্ৰসমূহ:
ক’ত কোনে নেতৃত্ব দিছিল-

“চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ আছিল মঙ্গল পাণ্ডে।  “
১/দিল্লীত                                                         :বাহাদুৰ ছাহ জফৰ , বখটখান
২/কানপুৰ                                                      : নানা চাহিব
৩/ অযোধ্যা                                                    :বেগম হজৰত মহল
৪/ বিহাৰ                                                        : কোৱাৰ সিং, অমৰ সিং
৫/ সম্বলপুৰ                                                   : সুৰেন্দ্ৰ ছাত্ৰী, উজ্জ্বল ছাহী
৬/এলাহাবাদ                                                  :মৌলৱী লিয়াকট আলি
৭/ উত্তৰ প্ৰদেশৰ ফৈজাবাদ                            : ৰাণী বেণীমাধৱ সিং
৮/গোৰখপুৰ                                                  : গজাধৰ সিং আৰু মহম্মদ হাছান খায়
৯/ বেৰেলি, ৰামপুৰ, মুৰদাবাদ                         : নৱাব তফজ্জুল হুছেইন খায়
১০/সিন্ধু প্ৰদেশ                                              :ছাহজাদা পিৰ মহম্মদ, ইমাম বকস
১১/ গোৱালিয়ৰ                                              : তান্তিয়া টোপী
১২/ ঝাঞ্চী                                                     :ৰাণী লক্ষ্মীবাঈ
১৩/ অসম                                                    :মণিৰাম দেৱান

অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ:

ৰাজনৈতিক আৰু সাংগঠনিক প্ৰচেষ্টাৰ পিছতো মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে উত্তৰ ভাৰতৰ দৰে অসমত চিপাহী বিদ্ৰোহৰ জুই জ্বলাবলৈ সক্ষম নহ’ল।
প্ৰথমতেই অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰিয়া আছিল। মণিৰাম দেৱানৰ সমর্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। নগাঁও, কামৰূপ আৰু গুৱাহাটীত বিশেষ সমর্থন লাভ কৰা নাছিল।
দ্বিতীয়তে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নো তেওঁলোকে প্রস্তুতি সম্পূর্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল। যাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্রস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল।
তৃতীয়তে, বিদ্রোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্রোহস্থলীৰপৰা বহু যোজন দূৰৈত অৱস্থান কৰিছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত কলিকতা অসমৰপৰা বহু দূৰৈত আছিল আৰু তাৰপৰা চিঠি-পত্ৰৰ যোগেদি বা আদেশ পঠিয়াই বিদ্রোহ পৰিচালিত কৰাটো বাস্তবসম্মত নাছিল। মণিৰাম দেৱান যিমান সোনকালে পাৰে কলিকতাৰপৰা উভতি আহিব লাগিছিল। প্রশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে প্রয়োজনীয় দক্ষতা সেৱানৰ নাছিল। বিদ্রোহৰ নেতৃত্ব দিয়াজনে প্রতিপক্ষক দুর্বল বুলি অৱজ্ঞা কৰা বা ক্ষমতা জনা বৃদ্ধিমত্তাক হেয়জ্ঞান কৰিলে কি পৰিণাম হয় মণিৰাম দেৱান তাৰ এটি উৎকৃষ্ট নিদর্শন আছিল।
চতুর্থতে সমাজৰ প্রতিটো শ্ৰেণীৰ মানুহকে বিদ্রোহত জড়িত কৰিবলৈ মণিৰাম জন তথা তেখেতৰ সহযোগীসকলে কোনো প্রচেষ্টা হাতত লোৱা নাছিল। নগাঁও আৰু ৱাহাটীত অসমৰ নতুন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল বিদ্ৰোহৰ প্ৰতি অলপো সহানুভূতিশীল নাছিল। সেই সময়ত নতুনকৈ বিকশিত হৈ উঠা মধ্যবিত্ত অসমীয়া প্রদ্ধিজীৱী শ্ৰেণীৰ লোকসকলে বাঙালী মধ্যবিত্ত শ্ৰেণীৰ জীৱনধাৰাৰ প্ৰতিহে বেছি আকর্ষিত হৈছিল। পুৰণি আহোম ৰাজতান্ত্রিক শাসন ব্যৱস্থাৰ অধীনলৈ পুনৰাই উভতি যোৱাৰ কোনো ইচ্ছা তেওঁলোকৰ নাছিল। গতিকে ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ এই শ্রণীৰ লোকে কোনো সমর্থন বা সহানুভূতি প্রদর্শন কৰা নাছিল। ফলত অসমত বিদ্ৰোহৰ বুৰবুৰণি হৈছিল, বিস্ফোৰণ ঘটিবলৈ পোৱা নাছিল।
পঞ্চমতে, অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যর্থ হৈছিল। ফলস্বৰূপে সমগ্ৰ পৰিকল্পনা ব্ৰিটিছ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্রোহ নির্মূল কৰাত চৰকাৰ সফল হৈছিল।
ষষ্ঠতে, অসমৰ বিদ্ৰোহীসকলে প্রয়োজন অনুযায়ী অস্ত্র-শস্ত্ৰৰ যগান পোৱা নাছিল। মণিৰাম দেৱানে যদিও অস্ত্ৰৰ যোগান দিয়াৰ কথা আছিল, কিন্তু তাৰ আগতেই তেওঁ ধৰা পৰিছিল।শেষত, ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো ব্রিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্রোহত অংশ লোৱা নাছিল। অসমৰ বিদ্রোহীসকলে মিৰাট, দিল্লী, লক্ষ্ণৌ আদিৰ দৰে চিপাহীসকলৰ সমৰ্থন আদায় কৰিব পৰা নাছিল।
এই সকলোবিলাক কাৰণতে অসমত ১৮৫৭ চনৰ বিদ্রোহে বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল। যি অলপমান হৈছিল ব্ৰিটিছ চৰকাৰে সম্পূৰ্ণৰূপে নির্মূল কৰিবলৈ সক্ষম হৈছিল।

১৮৫৭ চনৰ বিদ্ৰোহৰ ফলাফল:

১৮৫৭ চনৰ বিদ্ৰোহ সফল হোৱা নাছিল কিন্তু ভাৰতৰ ওপৰত এক বৃহৎ প্ৰভাৱ সৃষ্টি কৰিছিল। মুখ্য প্ৰভাৱটো আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিলুপ্তি, ভাৰত ব্ৰিটিছ কৰ্তৃত্বৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত আছিল, ভাৰতীয় প্ৰশাসন প্ৰত্যক্ষভাৱে ৰাণী ভিক্টোৰিয়াৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল। ১৮৫৭ চনৰ বিদ্ৰোহে সৃষ্টি কৰা দ্বিতীয় প্ৰভাৱটো আছিল ৰাষ্ট্ৰৰ মাজত একতা আৰু দেশপ্ৰেম বিকাশ কৰা। কৃষকসকলও সক্ৰিয়ভাৱে জড়িত আছিল। সংবাদ মাধ্যমৰ ওপৰত থকা নিষেধাজ্ঞাসমূহো জড়িত আছিল। স্বাধীনতা সংগ্ৰামত সংবাদ মাধ্যমই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ই ভাৰতীয়সকলক শিক্ষিত কৰা, তেওঁলোকক প্ৰভাৱিত কৰা আৰু চৰকাৰী নীতিৰ বিষয়ে অৱগত কৰাত সহায় কৰিছিল।
কোম্পানীৰ নিয়মৰ সমাপ্তি: এই বিদ্ৰোহে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সমাপ্তি চিহ্নিত কৰে
ব্ৰিটিছ মুকুটৰ প্ৰত্যক্ষ শাসন: ভাৰত ব্ৰিটিছ মুকুটৰ প্ৰত্যক্ষ শাসনৰ অধীনত আহিছিল। ১৮৫৮ চনৰ ১ নৱেম্বৰত ৰাণীৰ নামত জাৰী কৰা এক ঘোষণাপত্ৰত লৰ্ড কেনিঙে এলাহাবাদৰ এখন দৰবাৰত এই কথা ঘোষণা কৰে।
ধৰ্মীয় সহিষ্ণুতা: ইয়াক প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু ভাৰতৰ ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰতি মনোযোগ দিয়া হৈছিল।
প্ৰশাসনিক পৰিৱৰ্তন: গভৰ্ণৰ জেনেৰেলৰ কাৰ্যালয়ভাইচৰয়ৰ দ্বাৰা সলনি কৰা হৈছিল।
সামৰিক পুনৰ্গঠন: ভাৰতীয় সৈন্যৰ সৈতে ব্ৰিটিছ বিষয়াৰ অনুপাত বৃদ্ধি পাইছিল কিন্তু অস্ত্রাগাৰ ইংৰাজৰ হাতত আছিল। বেংগল সেনাৰ আধিপত্য শেষ কৰিবলৈ ইয়াক ব্যৱস্থা কৰা হৈছিল।

চিপাহী বিদ্ৰোহৰ প্ৰকৃতিঃ

১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰকৃতিক লৈ যথেষ্ট মতভেদ দেখা যায়। কিছুমানৰ মতে এটা তৎকালীন কাৰণক আলম হিচাপে লৈ সেনাৰ ছাউনীত হঠাতে সংঘটিত হোৱা ই এটা চিপাহী বিদ্রোহ। এই বিদ্রোহ পূর্ব পৰিকল্পিত নাছিল অথবা ইয়াৰ কোনো আদর্শগত ভিত্তিও নাছিল। তেওঁলোকৰ মতে তিনিখন প্রেচিডেন্সি চহৰৰ মাত্ৰ এখনৰ সেনাৰ ছাউনীতহে এই বিদ্রোহ হৈছিল আৰু সকলো ভাৰতীয় সৈন্যই ইয়াত সহযোগ কৰা নাছিল। ইংৰাজসকলেও ১৮৫৭ চনৰ বিদ্ৰোহক এটা সাধাৰণ চিপাহী বিদ্রোহ হিচাপেই অভিহিত কৰিছে। যদিওবা বিদ্রোহীসকলক সমাজৰ এক নির্যাতিত অংশই সমৰ্থন কৰিছিল তথাপিও দেশৰ এক বৃহৎ অঞ্চল বিদ্রোহমুক্ত আছিল। তাৰোপৰি এইটোৱেই ইংৰাজৰ বিৰুদ্ধে প্রথম বিদ্রোহ নাছিল ইয়াৰ আগতেও দুই এটা বিদ্রোহ সংঘটিত হৈছিল। কোনো কোনোৱে আকৌ ১৮৫৭ চনৰ বিদ্রোহক এক বিসতৃত আৰু পূর্বপৰিকল্পিত বিদ্রোহ বুলি মন্তব্য কৰিছে।
জনসাধাৰণৰ মাজত’ চাপাতি আৰু ‘ৰঙা পদুম’বিতৰণেৰে বিদ্ৰোহৰ বাণী প্ৰেৰণ কৰাটোৱেই ইয়াক প্রমাণ কৰে। আনহাতে ১৮৫৭ চনৰ বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্রাম’বুলিও আখ্যা দিয়া হৈছে। এই ব্যাখ্যা আগবঢ়োৱা সকলৰ মতে ই সম্পূর্ণ জাতীয় সংগ্রাম নহ’লেও এই বিদ্ৰোহৰ যোগেদি স্বাধীনতা প্রয়াসী ভাৰতীয়ই ইংৰাজৰ কবলৰ পৰা ভাৰতক মুক্ত কৰাৰ যি দৃঢ় প্ৰচেষ্টা চলাইছিল তাক অস্বীকাৰ কৰিব নোৱাৰি। এই বিদ্রোহত দেশৰ সমগ্ৰ জনসাধাৰণে অংশগ্রহণ নকৰিব পাৰে, কিন্তু ইয়াৰ সূদূৰপ্ৰসাৰী প্ৰভাৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পটভূমি তৈয়াৰ কৰিছিল। ইয়াৰোপৰি ১৮৫৭ ৰ বিদ্ৰোহৰ পিছত ভাৰতৰ প্ৰশাসন ব্যৱস্থাত ব্যাপক সাল সলনি ঘটোৱা হৈছিল যিটো ইংৰাজে মন্তব্য কৰা তথাকথিত চিপাহী বিদ্রোহ’ৰ কাৰণে প্রয়োজন নাছিল। আধুনিক ইতিহাসবিদসকলৰ এচামে পোনছাটেই এই মন্তব্য অগ্রাহ্য কৰে । তেওঁলোকৰ মতে ১৮৫৭ চনৰ বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি কোনো মতেই গ্ৰাহা কৰিব নোৱাৰি। ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ কিয়নো স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সময়ত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱাই নাছিল। সেই বাবেই দক্ষিণ ভাৰতৰ লোকসকলে এই বিদ্রোহত অংশ গ্ৰহণ কৰা নাছিল। তাৰোপৰি গোখা, শিখ জমিদাৰ শ্ৰেণী আৰু বুদ্ধিজীবিসকলো এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল। যি কি নহওঁক এই বিদ্রোহত প্রতীয়মান হোৱা হিন্দু মুছলমানৰ একতাইও ইবোজে সামাজ্যবাদৰ সন্মুখত বিৰাট প্রত্যাহ্বান হিচাপে যিয় দিছিল। মুঠতে ১৮৫৭ চনৰ বিদ্রোহে প্ৰমাণ কৰিছিল যে দীর্ঘকালৰ দমন, নির্যাতনে, নির্যাতিতক সংগঠিত কৰাৰ লগতে সাহসী আৰু ত্যাগীও কৰি তোলে ।

অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব:

১৮৫৭ চনৰ বিদ্রোহ যাদিও ব্রিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে এক সর্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল।
দ্বিতীয়তে, ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্রোহৰে প্রতিক্রিয়া।
তৃতীয়তে, অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ বিদ্রোহত অংশগ্রহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।
১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্রামীর দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

Leave a Reply