মহৎ-লোকৰ-বাণী

মহৎ-লোকৰ-বাণী:

মহৎ লোকৰ অমৰ বাণী|| মহৎ ব্যক্তিৰ মহান বাণী||মহৎ উপদেশ বাণী||মহান আদৰ্শ ব্যক্তিৰ অমৃত বাণী।। অসমীয়া

 

মহৎ লোকৰ বাণী

 

 

১/শিক্ষাই হৈছে মূল উপায়, যিয়ে মানৱ জীৱনলৈ শান্তি বোৱাই আনিব পাৰে। —এৰিষ্টটল।
২/তুমি যদি জীৱনটোক ভাল পোৱা তেনেহ’লে অবাবত সময় নষ্ট নকৰিবা । কাৰণ জীৱনটো সময়ৰে সমষ্টি।—বেঞ্জামিন ফ্ৰেংকলিন ।
৩/প্রত্যেক দিন জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা ৷ —জিম কৰবেট।
৪/ভাল কামলৈ অনুৰাগ আৰু বেয়া কামলৈ ঘৃণাৰ ভাৱ বঢ়াবা। কিন্তু ভাল মানুহলৈ শ্ৰদ্ধা আৰু বেয়া মানুহলৈ দয়াৰ ভাৱ থাকিব লাগে। — মহাত্মা গান্ধী।
৫/কৰ্ত্তব্যই যিকোনো কামকে ভালকৈ কৰিবলৈ আমাক বাধ্য কৰে।—ফিলিপছ ব্রুক।
৬/ৰাইজৰ সেৱাত সম্পূৰ্ণ আত্মনিয়োগ কৰিবলৈ হ’লে ব্ৰহ্মচাৰ্য্য পালন কৰা উচিত ৷—মহাত্মা গান্ধী ৷
৭/জীৱনত কৃতকাৰ্য্যতা লাভ কৰিবলে দুটা বস্তুৰ প্ৰয়োজন, এটা হ’ল প্ৰতিভা আৰু আনটো হ’ল সুযোগ ৷—ছক্ৰেটিছ।
৮/এজন মানুহৰ চৰিত্ৰ তেতিয়াই ফুটি উঠে, যেতিয়া তেওঁ আন এজন মানুহৰ চৰিত্ৰৰ বৰ্ণনা কৰে ৷–জ্যাঁ পল ছাত্রে।
৯/ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই হ’ল শিক্ষাৰ মূল উদ্দেশ্য ৷ – ছক্ৰেটিছ।
১০/এপাচি বিদ্যাতকৈ এমুঠি সততাৰ মূল্য বহুত বেছি। —জর্জ হার্বাট।
১১/পুতি থোৱা শস্য গজিব পাৰে , কিন্তু বিপথে যোৱা প্ৰতিভাৰ পুনৰ্জন্ম নহয় ।-বেকেন
১২/জীৱনটো কি বস্তু , সেই কথা বুজিবলৈ হ’লে আমি পাছলৈ ঘূৰি চাব লাগিব ; কিন্তু জীৱনটো ষাপন কৰিবলৈ হ’লে আমি চাব লাগিব সন্মুখলৈ ।- ছোৰেন কিয়েৰ্কগাৰ্ড ।
১৩/কঠোৰতম সত্যটোতকৈ সন্দেহ অতি নিষ্ঠুৰ ।- মৰ্লিয়েৰ ।
১৪/উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুহজন প্ৰায়েই শ্ৰেষ্ঠতৰ বুলি প্ৰমাণিত হয় ।-কাৰ্ল ফন নোবেল ।
১৫/অন্ধই যদি অন্ধক পথ দেখুৱাই , দুয়োজনেই খালত পৰে ।-নিউ টেষ্টামেণ্ট ।
১৬/যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ ।-সৰ্ব্বপল্লী ৰাধাকৃষ্ণন।
১৭/মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল। -চক্ৰেটিছ।
১৮/দেশতকৈ মোমাই ডাঙৰ নহয়।-লাচিত বৰফুকন।
১৯/আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। – চক্ৰেটিচ।
২০/মৰমেহে মৰমক জন্ম দিয়ে । – চফ’কলছ ।
২১/নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা ।-স্বামী বিবেকানন্দ।
২২/মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে -জৱাহৰলাল নেহৰু।
২৩/আমি যি জানো সি অতি সামান্য৷ আমি যি নাজানো তাৰ সীমা নাই৷-পাৰলেচ।
২৪/খং নকৰিবা নিজৰে সৰ্বনাশ হ’ব৷ অহংকাৰ নকৰিবা পতন হ’ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ’বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। – স্বামী বিবেকানন্দ ৷
২৫/নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। – ৰবীন্দ্ৰনাথ ঠাকুৰ।
২৬/শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে । – হজৰত মহম্মদ।
২৭/শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব ।- স্বামী বিবেকানন্দ ৷
২৮/নিজক সদায় আনন্দত ৰাখিবা ৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয় ৷ – ওমাৰ্চন
২৯/যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই ৷ – বেঞ্জামিন ফ্ৰেংকলিন
৩০/সময়েই হ’ল মানুহৰ আটাইতকৈ মূল্যবান সম্পদ, কাৰণ সময় এবাৰ গ’লে কেতিয়াও ঘূৰি নাহে। – টমাচ্ আলভা এডিচন
৩১/কৃতকাৰ্য হ’বলৈ হলে তোমাৰ ভীষণ অধ্যাৱসায় আৰু প্ৰৱল ইচ্ছা শক্তি থাকিব লাগিব। – স্বামী বিবেকানন্দ
৩২/যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী কৰিব নোৱাৰি তেতিয়ালৈকে শিক্ষা সম্পূৰ্ণ নহয়। – মহাত্মা গান্ধী
৩৩/পৰিশ্ৰমেই হ’ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা-আপুনি আহে। – হোমেন বৰগোহাঞি
৩৪/আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয় আৰু যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ’ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত নিজে থিয় দি আত্মনির্ভৰশীল হ’ব পাৰো। – স্বামী বিবেকানন্দ
৩৫/এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা। – মিল্টন
৩৬/জীৱনটোও একপ্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবেই সি ৰোমাঞ্চকৰ। হোমেন বৰগোহাঞি
৩৭/একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ’ব পাৰে। – হোমাৰ
৩৮/এলাহ মানুহৰ বাবে অভিশাপ। এলাহে ব্যক্তিৰ আৰু জাতিৰ অন্তঃসত্তা নাইকিয়া কৰে আৰু লোহাত মামৰে ধৰাৰ দৰে ব্যক্তি আৰু জাতিৰো ক্ষতি কৰে। – ছেমুৱেল স্মাইলছ
৩৯/মানুহৰ প্ৰকৃত পৰিচয় জন্ম লৈ নহয়, কৰ্মলৈহে। – মহাবীৰ
৪০/এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয় যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। – টমাছ আলভা এডিছন
৪১/কৰ্মই উপাসনা হাঁহিয়েই জীৱন । – বিষ্ণুপ্ৰসাদ ৰাভা
৪২/ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক । – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
৪৩/স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু – মহাত্মা গান্ধী
৪৪/শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। – ৰাজা ৰামমোহন ৰায়
৪৫/স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দ’ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম৷ অতীত যিয়েই নহওঁক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে৷-আব্ৰাহাম লিংকন৷
৪৬/জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ’ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স’তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷ – নেপোলেয়ঁ বোনাপাৰ্ট৷
৪৭/প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে, আকৌ এচাম মানুহ আছে, যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে৷ – উইলিয়াম এ ৱাৰ্ড৷
৪৮/মানুহৰ জন্ম হয় সফল হ’বলৈকে, ব্যৰ্থ হ’বলৈ নহয়৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন৷ – প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো৷
৪৯/প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ৷ – উইলিয়াম শ্বেইক্সপীয়েৰ ৷
৫০/তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা৷ সেয়া হ’ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত৷ – ফ্ৰান্সিছ থমছন৷
৫১/মই মাথোঁ জ্ঞানৰ অনুৰাগী৷ জ্ঞানৰ বৃত্তিধাৰী মই নহয়৷ সচাঁ কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদক অনুশীলনকাৰীহে৷ যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বত:সিদ্ধ বিষয়ত, তেতিয়াই দৰ্শনে পাতনি মেলে৷ – ছক্ৰেটিছ ৷
৫২/সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে৷ – মৰিচ চেভালিয়া৷
৫৩/জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ৷ – এমাৰছন৷
৫৪/প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা৷ -মাৰ্গাৰেট বুনেন৷
৫৫/জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ’বলৈ শিকা৷ -জুলিয়েট বেষ্টিয়েনা৷
৫৬/জীৱনটো এক মহৎ উপহাৰ৷ যিসকলে জীৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত৷ -ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ৷
৫৭/তুমি ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই৷ সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি? – নেপ’লিয়ান বোনাপাৰ্ট ৷
৫৮/গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে৷ -ভূপেন হাজৰিকা৷
৫৯/ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ৷ -স্বামী বিবেকানন্দ ৷
৬০/কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব৷ – বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক৷
৬১/আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপোন৷ ভালেই হওক, বেয়াই হওক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব৷ সুন্দৰ হওঁক বা অসুন্দৰেই হওঁক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব৷ – ডেল কাৰ্ণেগী৷
৬২/যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই ৷ – মণ্টেইন৷
৬৩/সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা৷ – পেলে৷
৬৪/ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰে ৷ – জন ষ্টুৱাৰ্ট মিল ৷
৬৫/সত্যৰ মুখামুখি হ’বলৈ ভয় নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ’ব নোৱাৰে ৷- মহাত্মা গান্ধী ৷
৬৬/সৰু বুলি কাকো অৱহেলা নকৰিবা ৷ তুমি সৰু বুলি উলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে ৷ বহু কথা জনা জনকেই জ্ঞানী বুলি নকয় জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে জ্ঞানী ৷ – লেনিন ৷
৬৭/জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ’ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি, আদৰ্শ জীপাল হৈ থকাতোহে ৷ কাল বলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ সুকৰ্মৰাজিৰ দ্বাৰাহে ৷ – লিঅ’টলষ্টয় ৷
৬৮/আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ’ল ৰহস্য ৷ সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ’ল উৎস ৷ – এলবাৰ্ট আইনষ্টাইন ৷
৬৯/মই মোৰ নিজৰ বাবে আত্মবিশ্বাস, শক্তি আৰু ক্ষমতা বিচাৰি সদায় বাহিৰলৈ চাওঁ ৷ ভাবো অন্য কোনোবাই নহ’লেও উদাৰ এই প্ৰকৃতি বা ঈশ্বৰে সেয়া দিব ৷কিন্তু শেষত দেখো যে সেইবোৰ অফুৰন্তভাবে ওলাই আহে মোৰ মন আৰু হৃদয়ৰ নিভৃততম কোণৰ পৰা ৷ – আন্না ফ্ৰয়েড ৷
৭০/কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা ৷ সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্ত্তী হৈ এনে কোনোধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ’বলগা হয় ৷ মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিয়ো সন্তানক ৰক্ষা কৰে ,সেই মমতা আৰু কৰুণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা ৷তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, দ্বেষহীন সহানুভূতি, প্ৰেম তথা কৰুণা ৷ -গৌতম বুদ্ধ
৭২/যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা ৷ কেৱল আগলৈ চোৱা আৰুঅসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া ৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা ৷ – স্বামী বিবেকানন্দ ৷
৭৩/প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে ৷ -ৰবীন্দ্ৰনাথ ঠাকুৰ ৷
৭৪/কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে ৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি ৷ – এইছ জি ৱেইলছ ৷             ৭৫/কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ঙ্কৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে – আলস্য, বদ অভ্যাস আৰু অভাৱ ৷ – ভল্টেয়াৰ ৷
৭৬/আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ স’তে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই ৷ – মাৰ্টিন লুথাৰ
৭৭/প্ৰেম তেওঁৰ স’তে কৰিবা যাক তুমি ভালপোৱা ৷ কিন্তু বিবাহত তেওঁৰ স’তেহে বহিবা , যিয়ে তোমাক ভালপায় ৷ -আৰবীয় প্ৰবাদ ৷
৭৮/ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে ৷ -মেকিয়াভেলে ৷
৭৯/অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই ৷ কাৰণ তাৰ পৰা আমি হেৰুৱাও আমাৰ বৰ্তমানক ৷ – উইনষ্টন চাৰ্চিল ৷
৮০/মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম ৷ – নেতাজী সুভাষ চন্দ্ৰ বসু
৮১/আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব ৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই ৷ -জ্যোতি প্ৰসাদ আগৰৱালা 82.গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে ৷ – ভূপেন হাজৰিকা ৷
৮২/ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ ৷ – স্বামী বিবেকানন্দ ৷
৮৩/কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব ৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব ৷ – বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক ৷
৮৪/আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপোনি ৷ ভালেই হওক, বেয়াই হওক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব ৷ সুন্দৰ হওক বা অসুন্দৰেই হওক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব ৷ – ডেল কাৰ্ণেগী ৷
৮৫/যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই ৷ – মণ্টেইন ৷
৮৬/সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে ৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা ৷ -পেলে ৷
৮৭/ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে ৷ – উইলিয়াম শ্বেইক্সপীয়েৰ ৷
৮৯/এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে ৷ তাৰ প্ৰকৃত কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে ৷ – ঋকবেদ ৷
৯০/যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায় ৷ অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয় ৷ – লৰ্ড চেষ্টাৰফিল্ড ৷
৯১/কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা ৷ বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নি:শেষ কৰা ৷ – ড০ এ পি জে আব্দুল কালাম
৯২/মানুহৰ এই জীৱন অনন্ত আৰু প্ৰেম অমৰ ৷ কিন্তু মৃত্যু ? আমাৰ দৃষ্টিৰে ঢুকি পোৱা দিগন্তই হ’ল মৃত্যু ৷ -ৰজিটাৰ ৰেমণ্ড ৷
৯৩/মই যেতিয়াই কেবা এক জটিল বিষয়ৰ ওপৰত লেখিব লগীয়াত পৰো, তেতিয়া আঁচনি তৈয়াৰ কৰি লওঁ ৷ যিমান পাৰি সিমান দ’কৈ বিষয়টোৰ সম্পৰ্কত কেইবা ঘণ্টা, আনকি বহু দিন পৰ্যন্তও চিন্তা কৰো আৰু শেষত বিষয়টোৰ চিন্তা সমূলি পৰিত্যাগ কৰো ৷আকৌ কেইমাহমানৰ পাছত বিষয়টোলৈ যেতিয়া পুনৰ সচেতনভাৱে ঘূৰি যাওঁ তেতিয়া দেখো যে সমস্যাটোৰ সমাধান হৈয়েই আছে ৷ এই কৌশলটো উদ্ভাৱন কৰাৰ আগতে মই প্ৰায়েই কাম অকণো আগবঢ়া নাই বুলি দুচিন্তাত ভুগি থাকিছিলো ৷ ফলত মোৰ কে’বাটাও দিন অথবা মাহ অবাবতে নষ্ট হৈছিল ৷ -নৰ্মেন ভিনচেণ্ট পীল
৯৪/প্ৰতিজন মানুহৰ মাজতেই আছে অসীম সম্ভাৱনা ৷ নিজৰ শক্তি – ক্ষমতাৰ ওপৰত আস্থা ৰাখিলে আৰু নিজৰ অন্তৰত চিৰ তাৰুণ্যৰ সোঁত বোৱাই ৰাখিলে মানুহে জীৱনত স্থিৰ কৰি থোৱা লক্ষ্যত উপনীত নোহোৱাৰ কোনো কাৰণ নাই ৷ নিজকে বাৰম্বাৰ এই কথাটোকেই ক’ব যে – এইটো নিৰ্ভৰ কৰে একান্তই মোৰ নিজৰ ইচ্ছা – অভিপ্ৰায়ৰ ওপৰত ৷ – আঁদ্ৰে জিদ
৯৫/এটা কথা মনত ৰাখিবা তুমি কি বা তোমাৰ কি আছে, তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে ৷ তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে ৷ -ডেল কাৰ্নেগী ৷
৯৬/ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আকোঁৱালি লোৱা ৷ – প্লেটো ৷
৯৭/অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজিয়েই হ’ল জ্ঞানৰ প্ৰকৃত উৎস ৷ – জেমছ এলেন ৷
৯৮/ ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে। -বাইবেল
৯৯/সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। – যতীন্দ্র নাথ দুৱৰা
১০০/জীৱনত কোনো সুযোগ – সুবিধা নাপালোঁ বুলি কোনো মহৎ লোকে আপত্তি কৰাৰ উদাহৰণ নাই ।- আৰ . ডব্লিউ . এমাৰছন ।
১০১/জীৱাই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই । এয়া অসত মানুহৰ বাবে হোৱা নাই , হৈছে নিবনুৱা সকলৰ বাবেহে ।- আইনষ্টাইন ।
১০২/তোমাৰ অন্তৰৰ পৱিত্ৰখিনি তোমাৰ মুখাৱয়বত ফূুটি উঠে । অন্তৰ পৱিত্ৰ কৰি ৰখাই হ’ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয় ।-চেইন্ট জে’ৰম ।
১০৩/তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা , তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা , কাৰণ য়ন্তৰণা হ’ল জীৱাই থকাৰ নিশ্চিত লক্ষণ ।-এলবাৰ্ট হুবাৰ্ড ।
১০৪যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি ।-প্লেটো।
১০৫/ভাগ্য বুলি বেলেগ এটা বস্তু নাই ; মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি ।-হেৰাক্লিটাছ ।
১০৬/ঈশ্বৰৰ প্ৰতি মোৰ জনাবলগীয়া মিনতিটো অতি সাধাৰণ আৰু সংক্ষিপ্ত । সেয়া হ’ল – হে ঈশ্বৰ , মোৰ শত্ৰুসকলক হাঁহিয়াতৰ প্ৰাত্ৰ কৰি তোলা ।- ভলটেয়াৰ ।
১০৭/মাটিত পৰা চেনী পিপৰাই হে উঠাব পাৰে হাতীয়ে নােৱাৰে,সৰু বুলি কাকো উপলুঙা নকৰিব, কেতিয়াবা সৰু মানুহেই বহুত ডাঙৰ কাম কৰিব পাৰে।- চানক্য
১০৮/তুমি যদি তোমাৰ কামক চেলুট কৰা তেনেহলে কাকো তোমাৰ চেলুট কৰিব নালাগে,আৰু যদি তুমি তোমাৰকামক অসন্মান কৰা তেনেহলে সকলোকে চেলুট কৰিব লাগিব।-আব্দুল কালাম
১০৯/অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা, মনত ৰাখিবা ইতিহাসত অকল বিপ্লৱীবােৰৰ নাম হে লিখা থাকে ভৰি চেলেকাবােৰৰ নহয়।- চানক্য
১১০/কৃপণ কেতিয়াও ধন সম্পত্তিৰ মালিক হ’ব নােৱাৰে ধন সম্পত্তিয়েই কৃপণৰ মালিক হয়।- চানক্য
১১১/সপোন সেইটো নহয় যিটো টোপনিত দেখে সপোন হ’ল সেইটো যি সপোনৰ পূৰণৰ বাবে টোপনি নাহে।- আব্দুল কালাম
১১২/জীৱনত ডাঙৰ কিবা পালে সৰু বােৰক পাহৰি নাযাব, এটা সৰু বেজীয়ে যি কৰিব পাৰে এখন তৰােৱালে সেইটো কাম কৰিব নােৱাৰে।ঠাণ্ডাৰ দিনত যি ৰ’দক মানুহে ভাল পাই , গৰম দিনত সেই ৰ’দকে মানুহে তিৰস্কাৰ কৰে মানুহে তােমাক মূল্য সিমানদিনেই দিব, যিমানদিন মানুহক তােমাৰ প্রয়ােজন হ’ব।-চানক্য
১১৩/সপোন সেইটো নহয় যিটো টোপনিত দেখে সপোন হ’ল সেইটো যি সপোনৰ পূৰণৰ বাবে টোপনি নাহে।- আব্দুল কালাম
১১৪/তুমি যদি তোমাৰ কামক চেলুট কৰা তেনেহলে কাকো তোমাৰ চেলুট কৰিব নালাগে,আৰু যদি তুমি তোমাৰকামক অসন্মান কৰা তেনেহলে সকলোকে চেলুট কৰিব লাগিব।-আব্দুল কালাম
১১৫/মানুহৰ অহংকাৰে কেতিয়াও সত্যক গ্রহণ কৰিব নিদিয়ে,সেইবাবে অহংকাৰ কৰা উচিত নহয়।-গৌতম বুদ্ধ
১১৬/ভাল কামৰ বাবে কিছু বিশেষ মুহূর্ত শান্ত আৰু হাঁহি মুখে পৰিস্থিতি
নিয়ন্ত্রণ কৰিবলৈ শিকা উচিত।-গৌতম বুদ্ধ
১১৭/আনৰ বাবে যাতে কেতিয়াও আমাৰ ভিতৰৰ শান্তি নষ্ট কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখিব লাগে ।- গৌতম বুদ্ধ
১১৮/জীৱনত যদি আমি ভাল কথা ভাবো তেনেহলে আমাৰ জীৱনত ভালেই হয়।সেইদৰে বেয়া কথা চিন্তাকৰিলে বেয়াই হয়।-গৌতম বুদ্ধ
১১৯/জীৱনৰ অর্থ লুকাই থাকে আশাৰ মাজত।-লক্ষ্মীনাথ বেজবৰুৱা
১২০/ভাগ্যক কাহানিও বিশ্বাস নকৰিবা,বিশ্বাস কৰিবা শক্তিক।-লক্ষ্মীনাথ বেজবৰুৱা
১২১/পৰিবর্তনশীল জগতত পৰিবর্তনেই সত্য।-লক্ষ্মীনাথ বেজবৰুৱা
১২২/যদি তুমি পৃথিৱীৰ ১% ভাগ্যৱান ভিতৰত এজনো হোৱা,তেতিয়াও ৯৯% মানুহৰ উন্নতিৰ কথা চিন্তা কৰা তোমাৰ দায়িত্ব।-ওয়াৰেন বাফেট
১২৩/জীৱনত যদি কিবা কৰিব বিচৰ তেনেহলে অকলে কেনেকৈ যুঁজিব লাগে সেয়া শিকি লোৱা।-নেলছন মেণ্ডেলা
১২৪/বেছি সংখ্যক মানুহৰ স্বভাৱ হ’ল সহজ বস্তুক কঠিন কৰা।-ওয়াৰেন বাফেট
ব্যৱসায়ত সেই সকল মানুহ সফল যিসকলে তেওঁলোকৰ ভাল লগা কাম কৰে।-ওয়াৰেন বাফেট
১২৫/মোক মোৰ সফলতা দি বিচাৰ নকৰিবা, ব্যর্থতাৰ পৰা কিমান বাৰ ঘূৰি থিয় হৈছো, সেইটোলৈ বিচাৰ কৰিবা।-নেলছন মেণ্ডেলা
১২৬/মোক তোমাৰ আদর্শ ব্যক্তি নাম কোৱা মই তোমাৰ ভবিষ্যৎ কৈ দিম।-নেলছন মেণ্ডেলা
১২৭/যদি কোনো কাম ১০ বছৰ লৈকে কৰিবলৈ ইচ্ছা নহয়, তেনেহলে সেই কাম ১০ মিনিট কৰাই মূর্খামি।-ওয়াৰেন বাফেট
১২৮/মানুহ নিজৰ বাবে যি বিনিয়োগ কৰে সেয়াই সকলোতকৈ লাভজনক।-ওয়াৰেন বাফেট
১২৯/যদি এনেকুৱা এটা পদ্ধতি উলাব নোৱাৰা যে তুমি টোপনিত থাকিলেও টকা উপার্জন হয়,তেনেহলে মৰাৰ মুহূর্তলৈকে তোমাৰ কাম কৰি যাব লাগিব।-ওয়াৰেন বাফেট
১৩০/যদি তুমি অপ্রয়োজনীয় বস্তু ক্রয় কৰি থাকা,তেনেহলে অতি সোনকালে তোমাৰ প্রয়োজনীয় বস্তুবোৰ বিক্রি কৰিব লাগিব।-ওয়াৰেন বাফেট
১৩১/ প্ৰতিটো সূৰ্যোদয় জীৱনৰ আৰম্ভণি। প্ৰতিটো সূৰ্যাস্ত জীৱনৰ শেষ। এই কম সময়ৰ ভিতৰত প্ৰতিজন ব্যক্তিয়ে নিজৰ বাবে জ্ঞান আৰু শক্তি আহৰণ কৰাৰ উপৰি পৰোপকাৰী কামৰ খতিয়ান ৰাখি থ’ব লাগে।- ৰাস্কিন
১৩২/সুন্দৰ জীৱন হ’ল সুন্দৰ পদৰ্শকৰ আগত সুন্দৰভাৱে কৰা অভিনয়।- ইয়েটচ
১৩৩/ উচ্চ আদৰ্শৰ লক্ষ্যই ওখ ধৰণৰ চৰিত্ৰৰ সৃষ্টি কৰে।- ট্ৰিঅন এডৱাৰ্ড
১৩৪/কিতাপ সংগ্ৰহে হ’ল বৰ্তমান যুগৰ প্ৰকৃত বিশ্ববিদ্যালয় কিতাপৰ মাজতেই মোৰ জন্ম হৈছিল আৰু কিতাপৰ মাজতে মোৰ মৃত্যু হ’ব।- জাঁপল চাত্ৰে
১৩৫/এয়া এজন মানুহৰ এটি সৰু খোজ; সমগ্ৰ মানৱ জাতিৰেই এক বৃহৎ পদক্ষেপ।- নীল আৰ্মষ্ট্ৰং
১৩৬/উদ্বেগ, খং – ৰাগ, বেজাৰ আদিৰ সময়ত গ্ৰহণ কৰা আহাৰ পৰিপাকৰ সময়ত প্ৰবল বাধাৰ সৃষ্টি কৰে।- কনফুচিয়াছ
১৩৭/এশজন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলেই কৰিব পাৰে।- জৰ্জ হাবাৰ্ট
১৩৮/আমি নিজেই অলপ জানো। ইয়াতকৈ বেছি বিস্ময়কৰ কথা এই যে ইমান কম জ্ঞানে আমাক ইমান বেছি ক্ষমতা দিব পাৰে।- বাট্ৰাণ্ড ৰাছেল
১৩৯/অনৰ দোষ – গুণ বা আনে কি কৰিলে, কি নকৰিলে তালৈ চকু নিদি, নিজে কি কৰিছে বা কৰা নাই তালৈহে চকু দিয়া উচিত।- বুদ্ধদেৱ
১৪০/জীৱনৰ ধৰ্মই হ’ল পৰোৎকৰ্ষ, শ্ৰেষ্ঠত্ব আৰু কৃত কৰ্মৰ অভিমুখে আগবাঢ়ি গৈ থাকা। কোনো জীৱন্ত প্ৰাণীক পৰাজয় বৰণ কৰিবলৈ শিক্ষা দিয়াটো সম্ভৱ।- এলফ্ৰেড এডলাৰ
১৪১/ আন কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজে কি কৰিছো সেইটোহে ভবা বেছি প্ৰয়োজন ৷ প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ’লেই দহৰ তথা দেশৰ সেৱা কৰা হ’ব ৷ – ৰাজা ৰামমোহন ৰায় ৷

Leave a Reply